Logo
image

গুৱাহাটীত ৰাম মন্দিৰ

[১]

প্ৰকাশিত খবৰ মতে গুৱাহাটীত আৰু এটা ৰাম মন্দিৰ প্ৰতিষ্ঠা হ’ব৷ ‘আৰু এটা’ বুলি এইবাবেই ক’ব বিচাৰোঁ যে ইতিমধ্যে এ টি ৰোড-পল্টনবজাৰত অৱস্থিত এটা ৰাম মন্দিৰত ভগৱান শ্ৰীৰামে বহু বছৰৰ পৰা কাৰ্যনিৰ্বাহ কৰি আছে৷ তেনেস্থলত গুৱাহাটীবাসীক নতুন এটা ৰাম মন্দিৰৰ কিয় প্ৰয়োজন হ’ল, সেইটোহে আমাৰ ক্ষুদ্ৰ মগজুৰে বুজি নাপালোঁ৷  ভগৱান শ্ৰীৰামৰো পিছে কমখন দুৰ্গতি হোৱা নাছিল! নিজৰ জন্মৰ ঠাইখিনিকে বাবৰ নামৰ বিধৰ্মী এজনে যোৱা পাঁচশ বছৰৰো অধিককাল ধৰি বেদখল কৰি আছিল৷ অৱশেষত যেনিবা বহু মানুহৰ তেজৰ বিনিময়ত আৰু আদালতৰ সহযোগত তেওঁ ঠাইখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল৷ এতিয়া জন্মৰ ঠাইখিনিত তেওঁৰ পূজা-অৰ্চনাৰ বাবে এটা মন্দিৰ নিৰ্মাণৰ আয়োজন চলিছে৷ যাহওক, মন্দিৰটো নিৰ্মাণৰ পাছত তেওঁৰ এটা স্থায়ী ঠিকনা হ’ব, আৰু দেশখনতো প্ৰকৃত ৰাম ৰাজ্যৰ প্ৰতিষ্ঠা বোধহয় তেতিয়াহে সম্ভৱ হ’ব৷ কিন্তু ভগৱান শ্ৰীৰামৰ দুৰ্গতি এতিয়াও কমা নাই৷ প্ৰকাশিত বাতৰি মতে, তেওঁৰ জন্মস্থানত প্ৰস্তাৱিত মন্দিৰটোৰ বাবে সংগৃহীত ধনৰ কেইলক্ষমান টকাৰ হেনো হৰলুকী হৈছে ৷ তথাপি ভগৱান শ্ৰীৰাম নিৰ্বিকাৰ হৈয়ে আছে৷ সেইটোৱে বোধহয় তেওঁৰ স্বমহিমা, কাৰণ জন্মস্থানত তেওঁক এটা মন্দিৰ লাগিবই৷  

[২]

গুৱাহাটীখন লাহে লাহে তীৰ্থ নগৰীলৈ পৰিৱৰ্তন হ’বলৈ গৈ থকা যেন অনুভৱ হয়৷ ইতিমধ্যে অজস্ৰ মঠ-মন্দিৰ আৰু মছজিদে গোটেই গুৱাহাটীখনতে গিজ্‌গিজাই আছে৷ কেইটামান বৌদ্ধ মন্দিৰ আৰু গীৰ্জাও আছে৷ হিন্দুৰ মঠ-মন্দিৰৰ ভিতৰত শনি মন্দিৰৰ সংখ্যাই বোধহয় আটাইতকৈ বেছি৷ ইয়াৰ কাৰণ বোধকৰোঁ এইটোৱে হ’ব পাৰে যে শনি মন্দিৰৰ বাবে বিশেষ আয়োজনৰ আৱশ্যক নাই৷ স্থাপন কৰিবলগীয়া ঠাইখিনিও সুবিধাজনক হ’ব লাগিব বুলি কোনো কথা নাই৷ পথৰ কেঁকুৰী, লেতেৰা-পেতেৰা, জাবৰ-জোঁথৰ পেলোৱা, খাল-বাম, আদি যিকোনো এটুকুৰা ঠাই হ’লেই হ’ল৷ শনি দেৱতাৰ সেইবোৰলৈ কোনো ভ্ৰুক্ষেপ নাই৷ কাৰ্যনিৰ্বাহ কৰিবপৰা স্থান এটুকুৰা হ’লেই বোধহয় তেওঁ সন্তুষ্ট৷ সেইফালৰ পৰা শনি দেৱতাক সহজ-সৰল দেৱতা বুলিয়ে আমি গণ্য কৰিব লাগিব৷ তেওঁৰ পূজা-অৰ্চনাৰ বাবে প্ৰতিষ্ঠিত মন্দিৰবোৰৰ বাবে বহু ঠাই পৰিষ্কাৰকৈ ৰাখিব পৰা হৈছে৷ সেয়েহে তেওঁক ‘স্বচ্ছ ভাৰত’ বিভাগৰ ভগৱান বুলিও অভিহিত কৰিবপৰা যায় ৷      

 ঠিক সেইদৰে, ইছলাম ধৰ্মৰ কেইঘৰমান লোক কোনো এঠাইত স্থায়ীভাৱে থকাৰ ব্যৱস্থা হ’লেই মছজিদ এটা স্থাপনৰ যো-জা চলায়৷ মছজিদটোৰ নিৰ্মাণে ওচৰ-চুবুৰীয়াৰ হ’বপৰা সুবিধা-অসুবিধালৈ লক্ষ্য কৰিবলৈ উদ্যোক্তা তথা পৃষ্ঠপোষকসকলৰ মন-মগজুৱে ঢুকি নাপায়৷ এইধৰণে গুৱাহাটী মহানগৰীখন লাহে লাহে তীৰ্থ নগৰীলৈ ৰূপান্তৰ হোৱাৰ দিশলৈ গতি কৰি আছে৷ কিন্তু তীৰ্থ নগৰীৰ মঠ-মন্দিৰ-মছজিদে গুৱাহাটীত বসবাস কৰা লাখ লাখ শ্ৰমজীৱী সাধাৰণ মানুহৰ মৌলিক সমস্যাবোৰৰ সমাধান কৰিব পাৰিছেনে ?

[৩]

অকল হিন্দু ধৰ্মৰ ভগৱানসকলৰ কথাই যদি আলোচনা কৰিব বিচাৰোঁ, তেতিয়া তাৎক্ষণিকভাৱে আমাৰ মনলৈ অহা কথাটো হ’ল হিন্দুৰ দেৱ-দেৱীৰ সংখ্যা হেনো তেত্ৰিশ কোটি৷ অৱশ্যে এই আটাইবোৰ দেৱ-দেৱী আমি পূজা-অৰ্চনা কৰা ভগৱান হয়নে নহয়, তাক সঠিককৈ ক’ব নোৱাৰিম৷ কিন্তু প্ৰচলিত ধাৰণামতে, জনসাধাৰণৰ লগত সম্পৰ্কিত বিভিন্ন বিষয়ৰ দায়িত্বলৈ ভগৱানসকলে কাৰ্যনিৰ্বাহ কৰে ৷ যেনে, ধন-সম্পত্তিৰ ভগৱান শ্ৰীশ্ৰীলক্ষ্মী দেৱী, শিক্ষাৰ ভগৱান শ্ৰীশ্ৰী সৰস্বতী দেৱী, ইত্যাদি ইত্যাদি৷ কিন্তু আজি ষাঠি বছৰ ধৰি  [আমাৰ বয়স ষাঠি বছৰ] এই ভগৱানসকলে, আন ৰাজ্যৰ কথা ক’ব নোৱাৰিম, আমাৰ ৰাজ্যখনৰ লাখ লাখ মানুহৰ মৌলিক সমস্যাবোৰৰ সমাধান কৰিব নোৱাৰিলে৷ প্ৰতি বছৰে ধুম-ধামেৰে বাবা বিশ্বকৰ্মাৰ পূজা সম্পন্ন কৰি অহা সত্ত্বেও, ৰাজ্যখনৰ লাখ লাখ লোকৰ থাকিবলৈ উপযুক্ত ঘৰ নাই৷  বছৰি লাখ লাখ মানুহৰ পূজা-পাতল গ্ৰহণ কৰিও, বাবা বিশ্বকৰ্মাই সকলোৰে বাবে গৃহ নিৰ্মাণ নকৰিলে ৷ ঠিক সেইদৰে, শ্ৰীশ্ৰীলক্ষ্মী দেৱীয়ে ৰাজখনৰ লাখ লাখ মানুহৰ বাবে দুবেলা খোৱাৰ ব্যৱস্থা কৰিব নোৱাৰিলে ৷ শিক্ষাৰ ক্ষেত্ৰতো একেই৷ সকলো ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে, অথচ অতি ধুম-ধামেৰে ছাত্ৰ-ছাত্ৰীয়ে প্ৰতি বছৰে শ্ৰীশ্ৰী সৰস্বতী দেৱীক পূজা-অৰ্চনা কৰি আহিছে ৷ প্ৰতি বছৰে মা দুৰ্গাই কেইদিনমানৰ বাবে মৰ্তলৈ আহে যদিও, অসুৰবোৰক নিধন কৰিব নোৱাৰে৷ যাৰ বাবে অসমৰ সমাজ জীৱনত অসুৰৰ প্ৰভাৱেই আটাইতকৈ বেছি৷ বিশেষকৈ অসমৰ ৰাজনীতিত এই অসুৰবোৰৰ দপ্‌দপনিৰ ফলত আমাৰ নিচিনা সাধাৰণ লোকে ত্ৰাহি মধুসূদন দেখিবলগীয়া হৈছে৷ এতিয়া আমাৰ প্ৰশ্নবোৰ হ’ল, যদি ভগৱানসকলে ৰাজ্যখনৰ লাখ লাখ মানুহৰ মৌলিক সমস্যাবোৰৰ একো সমাধান কৰিব নোৱাৰে, তেতিয়াহ’লে তেওঁলোকৰ প্ৰাসংগিকতা ক’ত ? 

ঠিক এনে এটা পৰিস্থিতিত গুৱাহাটীৰ ৩০ বিঘা মাটিত এটা বৃহৎ ৰাম মন্দিৰ নিৰ্মাণৰ খবৰে আমাক নতুনকৈ ভবাই তুলিছে ৷ মনলৈ অহা প্ৰাসংগিক প্ৰশ্নটো হ’ল, ভগৱান শ্ৰীৰামৰ ওপৰত সমাজৰ কোনটো বিশেষ বিষয়ৰ বা দপ্তৰ দায়িত্ব অৰ্পণ কৰা হৈছে? থলুৱা-খিলঞ্জীয়াৰ অস্তিত্বক ভগৱান শ্ৰীৰামৰ মন্দিৰে সুৰক্ষিত কৰিব পাৰিবনে ?   

ফোনঃ ৬০০২১-৯২৯১২