Logo
image

শীত আৰু পৰিভ্ৰমী চৰাইৰ কোলাহল

চাওঁতে চাওঁতে ২০২০ বৰ্ষটো মেলানি মাগিলে৷ বছৰটোৰ আৰম্ভণিতে সমগ্ৰ পৃথিৱীত ছানি ধৰা কৰ’না মহামাৰীৰ আতংকই ত্ৰস্তমান কৰি ৰখা সাধাৰণ জনতাৰ বাবে গোটেই বছৰটোৱেই আছিল অনিশ্চয়তাৰে ভৰা৷ কৰ’নাতে আক্ৰান্ত হৈ বহুলোকৰ মৃত্যুৰ বাতৰিয়ে কোটি কোটি জনতাৰ মনোজগতত বিৰূপ প্ৰভাৱ পেলোৱাৰ পাছত বৰ্তমান ৰাজ্যখনত ক’ৰনাৰ সংক্ৰমণ হাৰ উৎসাহজনকভাৱে হ্ৰাস পোৱাৰ খবৰে কিছু আশা সঞ্চাৰ দিছে৷ 

ঠিক একেদৰে, ধৰাৰ বুকুলৈ শীতকাল নামি আহি প্ৰকৃতিয়ে যেন নতুন ৰূপত প্ৰাণ পাই উঠিবলৈ আৰম্ভ কৰিছে৷ শীতৰ আগমণৰ বতৰা লৈ পক্ষী অভয়াৰণ্যসমূহত জাকে জাকে পৰিভ্ৰমী চৰাইয়ে ভিৰ কৰিছেহি৷ উল্লেখযোগ্য যে উত্তৰ পূব ভাৰতৰ ভিতৰতে সুকীয়া প্ৰাকৃতিক বৈশিষ্ট্যৰে ভৰপূৰ, ডিমা হাচাও জিলাৰ উমৰাংচু এতিয়া প্ৰকৃতি প্ৰেমীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ উমৰাংচুৰ নান্দনিকতাৰ মাজত পৰিভ্ৰমী আমূৰ ফেলকন তথা জাতিংগাৰ সৌন্দৰ্য অন্যতম খনিস্বৰূপ৷ পাৰ্বত্য জিলাখনৰ উদ্যোগ নগৰী বুলিও সাধাৰণতে সকলোৰে পৰিচিত এলেকাটোৰ অতুলনীয় নান্দনিক দৃশ্যই শেহতীয়াকৈ বিদেশৰ পৰা অহা ৰঙা আৰু সোণালী ঠোঁটৰ দেহত বগা কজলা ৰঙৰ সৰু সৰু ফোঁট যেন চিহ্ন থকা আমূৰ ফেলকনৰ কল-কাকলিয়ে যোৱা কেইটামান বছৰত সুকীয়া মাদকতা বহন কৰা পৰিলক্ষিত হৈছে৷ শীতৰ বতৰা লৈ অক্টোবৰ মাহৰ পৰাই পাৰ্বত্য জিলাখনলৈ সূদূৰ চীন, ছাইবেৰীয়া দক্ষিণ আফ্ৰিকাৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰ অতিক্ৰম কৰি এই ফেলকন পক্ষীবিধৰ থাপনিল মেলে৷ যাৰ কাৰণে প্ৰাকৃতি প্ৰেমীসকলৰ আজিও পৰম বিষ্ময় এই বিশেষ পক্ষীবিধ৷ তাৰ সমান্তৰালকৈ শিৱসাগৰ নগৰৰ পৰা ২২ কিলোমিটাৰ নিলগত অৱস্থিত পানীদিহিং পক্ষী অভয়াৰণ্যতো দেশী-বিদেশী ৰং-বিৰঙৰ পৰিশ্ৰমী পক্ষীৰ খাদ্যৰ সন্ধানত আগমণ ঘটে৷ অভয়াৰণ্যখনৰ সৌন্দৰ্য শুৱনি কৰি ৰখা বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিসমূহ চাবলৈ পৰ্যটকসকলক হাত বাউলি মাতে৷ 

অসমৰ এনে আপুৰুগীয়া,  প্ৰচুৰ পৰ্যটনৰ থল থকা অৰণ্যসমূহ সংৰক্ষণৰ কাৰণে ৰাজ্যৰ পৰ্যটন বিভাগে উচিত অনুদান তথা গুৰুত্ব দিয়াটো প্ৰয়োজনীয়৷ অন্যথা এই সম্পদসমূহ অস্তিত্বৰ গৰাহত যে নপৰিব তাক একেমুখে না কৰিব নোৱাৰি৷ 

ফোনঃ ৬০০০৩-৪২৩৫৩