Logo
image

সৰুপথাৰত গোপনে চলিছে নিষিদ্ধ তীৰ খেলঃ যুৱ পৰিষদৰ নেতাৰ ছত্ৰছায়াতে তীৰ খেল চলাৰ অভিযোগ

ডিজিটেল সংবাদ, সৰুপথাৰঃ সৰুপথাৰৰ অসম-নগালেণ্ড সীমান্তত নিষিদ্ধ তীৰ খেলৰ অবাধ বেহা অব্যাহত আছে। সীমান্তৰ বিভিন্ন স্থানত ছানি ধৰিছে নিষিদ্ধ তীৰ খেলে। শ্বিলং পৰা নিয়ন্ত্ৰিত নিষিদ্ধ তীৰ খেল নগালেণ্ডৰ ডিমাপুৰৰ পৰা অসম নগালেণ্ড সীমান্তত পোহাৰ মেলিছে জনৈক ৰিকিয়ে। অনলাইনযোগে সম্পন্ন হয় এই তীৰ খেল। হোৱাটছ এপৰৰ জৰিয়তে বুক হয় নিষিদ্ধ তীৰৰ টিকট। অসম-নগালেণ্ড সীমান্তত নিষিদ্ধ তীৰ খেল মেনেজমেণ্ট কৰাৰ অভিযোগ উঠিছে ৰাকেশ গগৈৰ বিৰুদ্ধে। ৰাকেশ গগৈয়ে আৰক্ষী, দল-সংগঠন সকলোকে মেনেজ কৰি সীমান্ত অঞ্চলত নিষিদ্ধ তীৰ খেল অবাধে চলাত হাত উজান দিয়াৰ অভিযোগ উঠিছে। স্মৰ্তব্য, মেনেজমাষ্টাৰ ৰাকেশ গগৈ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ বিষয়বৱীয়া। ৰিকি আৰু ৰাকেশ গগৈৰ নেতৃত্বতে সীমান্তৰ বিভিন্ন স্থানত নিষিদ্ধ তীৰ খেলে অঞ্চলটোৰ সামাজিক পৰিৱেশ বিনষ্ট কৰি পৰিয়ালৰ মাজৰ শান্তি বিঘ্নিত কৰিছে। এতিয়া নিষিদ্ধ তীৰ খেল অব্যাহত ৰখাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্রহণ কৰিব সেয়া লক্ষণীয় হ'ব৷ সমান্তৰালকৈ ৰাকেশ গগৈৰ বিৰুদ্ধে তেওঁ কাৰ্যনিৰ্বাহ কৰা সংগঠনে কি ব্যৱস্থা গ্রহণ কৰিব সেয়াও লক্ষণীয় হ'ব৷