Logo
image

মাতৃভাষাৰ পাঠ্যপুথি নাই ইউনিফৰ্ম নাই, পুঁজিও নাই

আমাৰ অসম, ১৭ মে’:  মাতৃভাষা মাধ্যমৰ চৰকাৰী শিক্ষানুষ্ঠানৰ সৰ্বাংগীন উন্নয়নৰ প্ৰতি দায়বদ্ধ বুলি চৰকাৰে সময়ে সময়ে কৈ অহা কথা যে প্ৰহসনৰ নামান্তৰ মাত্ৰ, সেয়া পুনৰ প্ৰতিপন্ন হৈছে৷ মাতৃভাষা মাধ্যমৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত এতিয়া কি কি আছে বুলি কোৱাতকৈ কি কি নাই বুলি প্ৰশ্ন কৰাহে সম্ভৱতঃ সমীচীন হ’ব৷ সমস্যাৰ মেটমৰা বোজাৰে ভাৰাক্ৰান্ত অসমীয়া তথা মাতৃভাষা মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহক মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিবৰ বাবে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই৷ দহটা সংগঠনৰ উমৈহতীয়া সংস্থা সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰত উল্লেখ কৰা মতে, ৰাজ্যৰ মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানসমূহত মাতৃভাষাৰ পাঠ্যপুথিৰ অভাৱ হৈছে৷        কেৱল সেয়ে নহয়, সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে ইউনিফৰ্মৰো ব্যৱস্থা কৰা নাই চৰকাৰে৷ আনহাতে, তিনি বছৰ ধৰি বিদ্যালয়সমূহে পাবলগীয়া ধনো চৰকাৰে আদায় দিয়া নাই৷ ফলত বিদ্যালয়সমূহত হাহাকাৰ লাগিছে৷ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থা, সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থা, নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থা, সদৌ অসম চৰকাৰী বুনিয়াদী শিক্ষক সন্থা, সদৌ অসম জুনিয়ৰ কলেজ শিক্ষক-কৰ্মচাৰী সন্থা, সদৌ অসম টে’ট উত্তীৰ্ণ শিক্ষক সমাজ, সদৌ অসম ষ্টেট পুল শিক্ষক সন্থা, সদৌ অসম উচ্ছতৰ মাধ্যমিক শিক্ষক-কৰ্মচাৰী সন্থা আৰু সদৌ অসম হাইস্কুল শিক্ষক সন্থাৰ উমৈহতীয়া সংগঠন সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ কাৰ্যনিৰ্বাহক সভাই মাতৃভাষা মাধ্যমৰ চৰকাৰী শিক্ষানুষ্ঠানৰ দুৰৱস্থাত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু এইক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা ক্ষিপ্ৰতাৰে ফলপ্ৰসু কাৰ্যব্যৱস্থা গ্ৰহণৰ পোষকতা কৰে৷ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ আৰু মুখ্য সম্পাদক ছৈয়দ আনিছুৰ ৰহমানে স্বাক্ষৰ কৰা স্মাৰক-পত্ৰখনত এইদৰে উল্লেখ কৰা হৈছে–

১] চলিত শিক্ষাবৰ্ষত ষষ্ঠ শ্ৰেণীৰ বাবে যোগান ধৰা গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত হোৱা বাবে ছাত্ৰই বুজি আয়ত্ত কৰিবলৈ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ গ্ৰাম্য এলেকাৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীৰ ঘৰুৱা পৰিৱেশ এনেধৰণৰ যে ইংৰাজী ভাষাত অভিভাৱকে সন্তানক পাঠগ্ৰহণত সহায়ক হোৱাটো দূৰৰ কথা, মাতৃভাষাত সহায়ক হোৱাতো অক্ষম৷ এনে পৰিস্থিতিত ইংৰাজীত শিক্ষাগ্ৰহণৰ বাবে ঘৰুৱা শিক্ষকৰ প্ৰয়োজন হৈ পৰাত অভিভাৱকসকল বিমোৰত পৰিছে৷ সেয়ে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই ৰাজহুৱা স্বাৰ্থ তথা ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতলৈ লক্ষ্য ৰাখি মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত ষষ্ঠ শ্ৰেণীৰ ইংৰাজী ভাষাত লিখা গণিত-বিজ্ঞানৰ পুথিসমূহ ওভতাই নি মাতৃভাষাত লিখা পুথিসমূহ তাৎক্ষণিকভাৱে দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনালোঁ৷

২] অসম চৰকাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক দশম শ্ৰেণীপৰ্যন্ত ঐক্য সাঁজ যোগান ধৰি হিতসাধন কৰিছে যদিও একে মাধ্যমিক শিক্ষা বিভাগৰ অন্তৰ্গত একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক ঐক্য সাঁজ আজিকোপতি প্ৰদান কৰা নাই৷ সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই অসম চৰকাৰক অনুৰোধ জনায় যে চলিত শিক্ষাবৰ্ষৰ পৰা একাদশ, দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলকো বিনামূলীয়া ঐক্য সাঁজ যোগান ধৰা হওক৷

৩] উচ্ছতৰ শাখাত দৰিদ্ৰ সীমাৰেখা তলৰ ছাত্ৰ-ছাত্ৰীক নামভত্তিৰ্ আৰু আভ্যন্তৰীণ পৰীক্ষাৰ বাবে ধাৰ্য কৰা ৰেহাই মাচুল বিদ্যালয়সমূহক বিগত ২০২০-২১বৰ্ষৰ পৰা আদায় নিদিয়াৰ ফলত বিদ্যালয়সমূহে আলোচনী ছপা কৰা, নামভৰ্তিকৰণৰ প্ৰ-পত্ৰ, প্ৰচপেক্টাছৰ ছপা খৰচ বহনৰ লগতে বিজ্ঞানাগাৰত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে৷ সেয়ে এই অনাদায় ধনৰাশি অতিশীঘ্ৰে বিদ্যালয়সমূহক মোকলাই দিবলৈ অনুৰোধ জনালোঁ৷

৪] অসম চৰকাৰে ২০২০-২১ বৰ্ষত বিদ্যালয়সমূহত ছাত্ৰ আৰু শিক্ষকক অহৰহ নিৰীক্ষণ কৰি থাকিবলৈ ৰিমছ্‌ নামৰ এটা প্ৰাইভেট এপ সকলো শিক্ষকক গুগল প্লে-ষ্ট’ৰৰ পৰা ডাউনলোড কৰি শিক্ষকৰ নিজৰ মোবাইলত ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়াত ৰাজ্যৰ শিক্ষক সমাজে সদৌ অসম সন্মিলিত মঞ্চৰ জৰিয়তে শিক্ষা বিভাগৰ ওচৰত আবেদন জনাই অৱগত কৰিছিল যে ৰাজ্যৰ শিক্ষক সমাজে উপস্থিতি দিয়াৰ বিৰোধ কৰা নাই যদিও ৰিমছ্‌ নামৰ এপটোৱে ব্যৱহাৰকাৰীৰ মোবাইল-ছিমত থকা সকলো তথ্য কথা-বতৰা আদি অহৰহ সংগ্ৰহ কৰাৰ লগতে প্ৰতিমুহূত্তৰ্ত ব্যৱহাৰকাৰীক ট্ৰেকিং কৰি থাকে৷ ফলত ৰাজ্যৰ শিক্ষক সমাজে তদানীন্তন প্ৰধান শিক্ষা সচিবক বিতংভাৱে জনায় আৰু ইয়াৰ সমাধান বিচাৰি আবেদন জনোৱাৰ লগতে প্ৰতিখন বিদ্যালয়ত অন্ততঃ একোটা মোবাইল হেণ্ডছেট ছিমসহ দিবলৈ দাবী জনাই আহিছিল৷ ৰাজ্যৰ শিক্ষা বিভাগে বিষয়টো একাষৰীয়াকৈ থৈ শিক্ষকসকলে ব্যৱহাৰ কৰা ব্যক্তিগত মোবাইল আৰু ব্যক্তিগত নামত থকা ছিম ব্যৱহাৰ কৰিবলৈ প্ৰশাসন বিভাগৰ জৰিয়তে প্ৰচণ্ড হেঁচা সৃষ্টি কৰাৰ পৰিণতিত ৰাজ্যৰ শিক্ষক সমাজক আদালতৰ দ্বাৰস্থ হ’বলৈ বাধ্য কৰাইছিল৷ এতিয়া অসম চৰকাৰে বিদ্যালয়ে বিদ্যালয়ে একোটা টেবলেট দি ২০২১ চনতেই ৰাজ্যৰ শিক্ষক সমাজে আগবঢ়োৱা পৰামৰ্শ প্ৰকাৰন্তে কাৰ্যকৰী কৰালে যদিও বিদ্যালয়ে বিদ্যালয়ে ছিম একোখন দিয়াটো বাঞ্ছনীয় আছিল৷

২০২১ চনত ৰাজ্যৰ শিক্ষক সমাজে ৰিমছ্‌এপক কেন্দ্ৰ কৰি ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পাছত ডব্লিইউ. পি. চি. নং ৭১১৯ গোচৰত ৰাজ্য চৰকাৰে শপতনামাযোগে স্পষ্ট কৰিছিল যে ‘শিক্ষকক নিজৰ মোবাইল ছীম ব্যৱহাৰ কৰি এপ ডাউনলোড কৰিবলৈ কোনো নিৰ্দেশনা দিয়া নাছিল, সেয়া কতৃৰ্পক্ষৰ বাবে দিয়া নিৰ্দেশনাহে আছিল আৰু উপস্থিতি লোৱা কামৰ দায়িত্ব কতৃৰ্পক্ষৰ৷’ ASSAM SECONDARY EDUCATION [PROVINCIALISED SCHOOLS SERVICE RULES, ২০১৮, NOTIFICATION No. ASE.৩১/২০১৩/১২৮ Dated ১৮th Sept. ২০১৯ ৰ নিয়মমৰ্মে ২[২] এখন বিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষ, প্ৰধান শিক্ষক, সহকাৰী প্ৰধান শিক্ষক, ডেমনষ্ট্ৰেটৰ ইত্যাদি সকলো একো একোজন শিক্ষকহে৷ আনহাতে, সম্প্ৰতি ৰাজ্যৰ অধিকাংশ বিদ্যালয়ত অধ্যক্ষ বা প্ৰধান শিক্ষকৰ পৰিৱৰ্তে শিক্ষকক ভাৰপ্ৰাপ্ত হিচাপে ৰাখি কাম চলাই থকা হৈছে৷ নতুনকৈ উচ্ছতৰ শাখালৈ উন্নীত কৰা বিদ্যালয় তথা ২০১৩ চনত প্ৰাদেশিকৃত হাইস্কুলসমূহৰ লগতে প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়সমূহত অধ্যক্ষ বা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা নাই৷ তদুপৰি, উল্লিখিত চাকৰি সেৱা বিধিমতে কোনো বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক কতৃৰ্পক্ষ নহয়৷ উল্লিখিত চাকৰি সেৱা বিধিমতে কোনো বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক বিদ্যালয় কতৃৰ্পক্ষ বুলি উল্লেখ নাই৷ উক্ত চাকৰি সেৱা বিধিৰ ২[b][i] আৰু ২[b][ii] মতে সঞ্চালক আৰু বিদ্যালয় পৰিদৰ্শক নিযুক্তিদায়ক কতৃৰ্পক্ষ হয়৷ সেয়ে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই এক সৌহাদ্যপূৰ্ণ স্থিতি বাহালৰ স্বাৰ্থত তথা গোচৰ নং ৭১১৯/২০২১ৰ ৰায়ক সন্মান জনাই বিভাগীয় নিৰ্দেশনা মতে শিক্ষণ এপ [learning app] ‘শিক্ষা সেতু’ৰ পৰিচালনৰ উদ্দেশ্যেৰে যোগান ধৰা টেবলেটসমূহ কাৰ্যক্ষম কৰি ৰাখি অবিৰত সেৱা লাভৰ সুযোগ দিবলৈ আৰু সম্ভাব্য অসুবিধা আঁতৰাবলৈ বিভাগীয়ভাৱে ছিম আৰু মাহে মাহে ৰিচাৰ্জৰ বাবে প্ৰয়োজনীয় খা-খৰচ প্ৰকৃত কতৃৰ্পক্ষ ‘বিদ্যালয় পৰিদৰ্শক’সকলৰ জৰিয়তে যোগান ধৰাৰ বাবে এই আবেদনযোগে অনুৰোধ জনালোঁ৷

শিক্ষক-ছাত্ৰৰ উল্লিখিত অসুবিধাসমূহ ৰাজ্যৰ দহটা শিক্ষক সংগঠনক প্ৰতিনিধিত্ব কৰা সদৌ অসম সন্মিলিত শিক্ষক মঞ্চই গণতান্ত্ৰিকভাৱে আলোচনা কৰাৰ অন্তত সমাধানৰ কামনাৰে আৰু ন্যায়প্ৰাপ্তিৰ আশাৰে আপোনাৰ ওচৰত দাখিল কৰিলোঁ৷’