Logo
image

অসমীয়াৰ আচৰণত বৈপৰীত্য

অসমীয়াৰ কাম-কাজ, কাৰু-কাৰ্য আৰু সামূহিক আচৰণত এতিয়া বৈপৰীত্য বিৰাজমান৷ তাহানিৰ কথা-কাম আৰু আজিৰ কথা-কামৰ মাজত বিৰাট ব্যৱধান৷ সময়ৰ সালসলনিৰ লগে লগে কিছুমান পৰিৱৰ্তন অনিবাৰ্য যদিও সাম্প্ৰতিক সময়ত দেখা গৈছে কিছু অনাকাংক্ষিত পৰিৱৰ্তন৷

অসমীয়াৰ বৃহৎ অংশৰ মাজত এতিয়া হিন্দুত্বৰ জয়গান৷ সকলো কথা-কামতে হিন্দুত্ববাদী ৰাজনীতিৰ প্ৰভাৱ৷ তাৰ মাজতে দেখা গৈছে চহৰে-নগৰে, গাঁৱে-ভূঞে মহাধূমধামেৰে ইংৰাজী নতুন বৰ্ষক আদৰা হৈছে৷ এচাম হিন্দুত্ববাদীয়ে বৰদিনৰ দিনা হিন্দুসকলক গিৰ্জা ঘৰলৈ নাযাবলৈ হুংকাৰ দিয়াৰ পাছতো চহৰবোৰত বৰদিনৰ দিনা অজস্ৰ মানুহে ভিৰ কৰা দেখা গ’ল৷ লক্ষণীয় কথাটো হ’ল– এনেদৰে ভিৰ কৰা কথাটোত নাই কোনো প্ৰতিবাদী সত্তা৷ ৰাষ্ট্ৰীয়তাবাদী হিন্দীবলয়ৰ আগ্ৰাসনৰ কালত অসমীয়া মধ্যবিত্ত আৰু তেওঁলোকক দেখি সাধাৰণ ৰাইজ বনভোজৰ আনন্দত মতলীয়া৷ বনভোজৰ আনন্দত সমানে বাজিছে বিহু আৰু বাহিৰা গান৷ কোনো কোনো ডেকাই হয়তো মূৰত গামোচা বান্ধি হিন্দী গানৰ তালে তালে নাচিছে৷

অসমত এতিয়া দেখা গৈছে– এফালে মহাপুৰুষীয় পৰম্পৰাৰ  জয়গান, আনফালে উগ্ৰ পাশ্চাত্য সংগীতৰ টান৷ এফালে সভ্যতাৰ সংকট বুলি চিঞৰা হৈছে, আনফালে অসমীয়াই নিজেই আপোন সংস্কৃতিৰ পতন মাতিছে৷

এফালে মাতৃভাষা মাধ্যমৰ জয়গান, আনফালে চলিছে ইংৰাজী মাধ্যমৰ আকৰ্ষণ৷ স্বাভাৱিকতে জাতি গঠন প্ৰক্ৰিয়াত সংঘটিত হৈছে বিভ্ৰাট৷

 এইবাৰ উৰুকাৰ আয়োজনত দেখা গ’ল নতুন উত্তাপ৷ কৰ’না কালৰ বন্দিত্বৰ পৰা মুক্তি বিচাৰি অসমীয়াই হিলদল ভাঙি ওলাই অহা দেখা গ’ল৷ দেখাত পৰম্পৰা ৰক্ষাৰ চেষ্টা যেন লাগিলেও এনে কাৰ্যত ভোগবাদী এক চিন্তাৰ প্ৰৱেশো লক্ষণীয়৷ মেজি-ভেলাঘৰৰ আকাৰ-আকৃতিত দেখা গৈছে আধুনিকতাৰ চাপ৷ আধুনিকতাৰ চাপে ভোগালীৰ আগৰ স্বকীয়তা নাইকিয়া কৰি অনা দেখা গৈছে৷ টিভি চেনেলবোৰে বিহু পাতিছে আৰু তেনে বিহু ফাংচনৰ ষ্টাইলত দেখা গৈছে বিশেষ পৰিৱৰ্তন৷ এইবাৰৰ ভোগালীত ৰঙালীৰ যথেষ্ট প্ৰভাৱ দেখা গ’ল৷ কৃষিপ্ৰধান বিহুৱে ৰূপ সলাই নতুন বাটত খোজ পেলোৱা দেখা গৈছে৷ সচেতন নহ’লে হয়তো কিছু বছৰ পাছত মানুহে ভোগালী বিহুৰ আগৰ আচল ৰূপে পাহৰি পেলাব৷  পুৰণি ৰূপক ধৰি ৰাখিবলৈ চেষ্টা নচলা নহয়৷ কিন্তু, আধুনিকতাৰ ধামখুমিয়াত তেনে প্ৰচেষ্টা বিফল হোৱাৰ সম্ভাৱনাই বেছি৷ 

অসমীয়াৰ গীত-মাত-নৃত্যৰ মাজতো পৰিৱৰ্তন সংঘটিত হৈছে৷ অতি হুলস্থূলীয়া যন্ত্ৰ-সংগীত, বেপৰোৱা ভাষাৰ প্ৰয়োগৰ গীত আৰু উদ্দাম নৃত্যৰ জনপ্ৰিয়তা বৃদ্ধি পোৱা দেখা গৈছে৷ শেহতীয়াভাৱে কিছুমান অনুষ্ঠানৰ মঞ্চত দেখা গৈছে অশ্লীল নৃত্যৰ পয়োভৰ৷ এনে এক অনুষ্ঠানত এজন চৰকাৰীপক্ষৰ বিধায়ককো  পৃষ্ঠপোষক হিচাপে দেখা কথাটোৱে সংবাদ শিৰোনাম দখল কৰিছে৷ বাহিৰৰ পৰা অশ্লীলতাৰ আমদানিয়ে থলুৱা সংস্কৃতিলৈ ভাবুকি নমাইছে৷ এনে সময়ত ইতিমধ্যে বহুত হেৰুৱাই নিথৰুৱা হোৱাৰ পথত থকা অসমীয়াই চেতনা ঘূৰাই পোৱা উচিত৷