Logo
image

৩ জুনত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, ১০টা পদত অনুষ্ঠিত হ’ব নিৰ্বাচন

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ নিৰ্বাচন ২০২৩-২৫ৰ প্ৰস্তুতি নিৰ্বাচন সমিতিয়ে সম্পূৰ্ণ কৰি তুলিছে৷ ইতিমধ্যে সম্পূৰ্ণ ভোটাৰ তালিকা নিৰ্বাচন সমিতিয়ে প্ৰকাশ কৰিছে৷ এইবাৰ গুৱাহাটী প্ৰেছ ক্লাবত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৯৯৮ জন৷ মুঠ আবেদনকাৰীৰ সংখ্যা ১২৭১ জন৷ ইয়াৰে ২২৫ গৰাকীৰ আবেদন বিসংগতি, অভিজ্ঞতা নথকা বা আন অনুসংগিক কাৰণত নাকচ কৰা হয়- শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত গুৱাহাটী প্ৰেছ ক্লাবৰ নির্বাচন কমিটিৰ তত্ত্বাৱধায়ক তথা সভাপতি দুৰ্বা ঘোষে এই মন্তব্য কৰে। তেওঁ লগতে কয় যে গুৱাহাটী প্ৰেছ ক্লাবৰ সাংবিধানৰ নিয়ম মতে তিনি বছৰ কাম কৰাৰ অভিজ্ঞতা থকা সকলো কৰ্মৰত সাংবাদিককে প্ৰমুখ্যে কৰি কাৰ্যবাহী সম্পাদকলৈকে ভোট দিয়াৰ অধিকাৰ থাকিব৷

সংবাদ মেলত গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচনৰ ৰিটাংনিং অফিচাৰ তথা আইনী উপদেষ্টা বিজন মহাজনে কয়- নিৰ্বাচন সমিতিৰ সিদ্ধান্ত অনুসৰি গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন অহা ৩ জুনত অনুষ্ঠিত হ’ব৷ ভোট গণনা আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব ৪ জুনত৷ সিদিনা পুৱা ৯ বজাৰ পৰা ভোট গগণা কৰা হ'ব। ১৯ মে'ৰ পৰা পৰা ২১ মে’লৈকে বিতৰণ কৰা হয় মনোনয়ন পত্ৰ৷ মনোনয়ন দাখিলৰ অন্তিমক দিন ২৪ মে'৷ ২৭ মে’ৰ ভিতৰত প্ৰত্যাহাৰ কৰিব পাৰিব মনোনয়ন৷ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব ২৭ মে’ত৷ 

গুৱাহাটী প্ৰেছ ক্লাবত সাংবিধানিক নিয়ম অনুসৰি মুঠ ১০টা পদত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ পদ কেইটা হ’ল-সভাপতি, উপ-সভাপতি (দুটা পদ), সাধাৰণ সম্পাদক, সহকাৰী সম্পাদক (দুটা পদ), সাংগঠনিক সম্পাদক, কোষাধ‍্যক্ষ, সাংস্কৃতিক সম্পাদক আৰু ক্ৰীড়া সম্পাদক৷ ইয়াৰ ভিতৰত উপ-সভাপতিৰ এটা পদ আৰু সহকাৰী সম্পাদকৰ এটা পদ মহিলাৰ বাবে সংৰক্ষিত৷ সংবাদ মেলত গুৱাহাটী প্ৰেছ ক্লাব নিৰ্বাচন কমিটিৰ সদস্যপুলিন সাহা,মন্টু শইকীয়া, অনুপম নাথ উপস্থিত থাকে।