Logo
image

ড’নাল্ড ট্ৰাম্পৰ বিদায় ক্ষণত আমেৰিকাত অভূতপূৰ্ব উদ্বেগ

চাৰি বছৰ ধৰি কোম্পানীৰ ‘বিজিনেছ হেড’ৰ দৰে আমেৰিকা শাসন কৰি কাইলৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বিদায় ল’ব৷ কোম্পানীৰ চি ই অ’ৰ দৰে দেশ চলোৱা ড’নাল্ড ট্ৰাম্পৰ শাসন প্ৰণালী কোনো সময়তে ৰাষ্ট্ৰপতিসূলভ নাছিল৷ তেওঁ ৰাজনীতিবিদো নাছিল, ৰাজনৈতিক কৰ্মীও নাছিল৷ কেছিন’, ৰিয়েল ইষ্টেটৰ ব্যৱসায়ী ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত আহি বহিছিল ব্যৱসায়িক ‘বেকগ্ৰাউণ্ড’ৰ পৰা৷ সম্ভাৱতঃ সেয়ে তেওঁৰ শাসন পদ্ধতিও ব্যৱসায়িক কোম্পানীৰ ‘বিজিনেছ হেড’ৰ দৰে আছিল, ৰাষ্ট্ৰনায়কৰ দৰে নহয়৷ ৰাষ্ট্ৰপতি হিচাপে ড’নাল্ড ট্ৰাম্প সফলো নহয়, বিফলো নহয়, তেওঁ বিতৰ্কিত৷ বিশ্বৰ প্ৰাচীনতম গণতন্ত্ৰৰ সৰ্বোচ্ছ আসনত উপবিষ্ট হোৱাৰ দিন ধৰি বিদায়লৈকে আদ্যোপান্ত ড’নাল্ড ট্ৰাম্পৰ সৈতে বিতৰ্ক অংগাগীভাৱে জড়িত৷

ড’নাল্ড ট্ৰাম্পে তেওঁৰ কাৰ্যকালৰ সামৰণিও ঘটালে চৰম বিতৰ্কিত ঘটনাৰে৷ তাৰে শেষতম বিতৰ্ক হৈছে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জো বাইডেনৰ শপতগ্ৰহণৰ অনুষ্ঠানত উপস্থিত নথকাৰ সিদ্ধান্ত৷ আমেৰিকাৰ দৰে এখন দেশত এয়া সৰ্বোচ্ছ স্থানৰ পৰা সৌজন্যহীনতাৰ নিকৃষ্টতম উদাহৰণ৷ শেষতম বিতৰ্কৰ পূৰ্বৰ ঘটনাতো ঠিক বিতৰ্ক নহয়, এয়া এক অপৰাধ৷ যিটো অপৰাধৰ অভিযোগৰ ফলত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প চাৰি বছৰীয়া কাৰ্যকালত দ্বিতীয়বাৰৰ বাবে ইমপিচমেণ্টৰ সন্মুখীন হৈছে৷ আমেৰিকাৰ শতাব্দীপ্ৰাচীন গণতন্ত্ৰত এয়া নজিৰবিহীন৷ বিদায়ী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগ– তেওঁৰ প্ৰৰোচনাতে যোৱা ৬ জানুৱাৰীত ট্ৰাম্পৰ উগ্ৰ সমৰ্থকে কেপিটল আক্ৰমণ কৰি লণ্ডভণ্ড কৰিছিল৷

মেন প্ৰপ’জেছ, গড ডিছপ’জেছ– মানুহে পাতে, বিধাতাই ভাঙে৷ বিদায়ী ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ক্ষেত্ৰত এয়া যেন পূৰ্ণ শতাংশই প্ৰযোজ্য৷ তেওঁৰ বিৰুদ্ধে হাউছ অব ৰিপ্ৰেজেণ্টেটিভে ইমপিচমেণ্টৰ প্ৰস্তাৱ আনিছে৷ নিম্নকক্ষত গৃহীত এই প্ৰস্তাৱ চূড়ান্ত হ’ব ছিনেটত, ঠিক তেওঁৰ বিদায়ৰ আগদিনা৷ ছিনেটত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ইমপিচমেণ্টৰ প্ৰস্তাৱ কাৰ্যকৰী হোৱাতো অসম্ভৱ নহয়, কঠিন৷ এইবাৰ শাসনলৈ অহা ডেম’ক্ৰেট  দলে ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগ আনিছে৷ কিন্তু ছিনেটত এয়া গৃহীত হ’বলৈ ডেম’ক্ৰেটসকলক কমেও ১৭জন ৰিপাব্লিকান ছিনেটৰৰ সমৰ্থন লাগিব৷ দলীয় স্বাৰ্থৰ কথা চিন্তা কৰিয়েই ৰিপাব্লিকান ছিনেটৰে ৰিপাব্লিকান ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সপক্ষে ভোটদান কৰাৰ সম্ভাৱনা কোনোৱেই নুই কৰা নাই৷ এনেদৰেই ইয়াৰ পূৰ্বৰ ইমপিচমেণ্টৰ সময়তো ট্ৰাম্প ৰক্ষা পৰিছিল৷ সেয়ে ট্ৰাম্পৰ ক্ষেত্ৰত ‘মানুহে সাজে, বিধাতাই ভাঙে’ প্ৰবচনটো মিলি যোৱা যেন লাগে৷

কিন্তু আইন আইনেই৷ সেয়ে ৰাষ্ট্ৰপতিৰ কাৰ্যকালৰ সমাপ্তিৰ দিনটোতো ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে মহাভিযোগৰ ভোটদান হ’ব৷ যদি ছিনেটত তেওঁৰ বিৰুদ্ধে ইমপিচমেণ্ট গৃহীত হয়, তেন্তে সেয়া হ’ব দেশৰ ইতিহাসৰ সবাটোকৈ অবাঞ্চিত ঘটনা৷ ড’নাল্ড ট্ৰাম্পৰ ইমপিচমেণ্ট কাৰ্যকৰী হওঁকেই বা নহওঁক, এই ঘটনাই কিন্তু দেশখনৰ আইনৰ শক্তিকে প্ৰতীয়মান কৰিছে৷ আইন সকলো দেশতে আছে আৰু কম বেছি পৰিমানে সকলো আইনেই সমান বা অনুৰূপ৷ আমেৰিকাত আইন সঠিকভাৱে প্ৰয়োগ কৰা হয়, পাৰ্থক্য তাতেই৷ ভাৰত বা আন বহু দেশত প্ৰভাৱশালী লোক আৰু ৰাজনৈতিক নেতা আইনৰ কৱলৰ পৰা শাস্তি নোপোৱাকৈ সাৰি যোৱা দেখা যায়৷ আমেৰিকাত কিন্তু আইনৰ কৱলৰ পৰা কোনো সাৰি যাব নোৱাৰে, আনকি ৰাষ্ট্ৰ প্ৰধানো৷ বিদায়ৰ অন্তিম দিনটোত ড’নাল্ড ট্ৰাম্প ইমপিচমেণ্ট ভোটৰ সন্মুখীন হোৱাটোৱে দেশখনৰ আইনক মহীয়ান কৰি তুলিছে৷

শক্তিশালী আইন থকা আমেৰিকাতো কিন্তু ৰাষ্ট্ৰপতি হোৱা স্বত্বেও ড’নাল্ড ট্ৰাম্পে আইনক ভেঙুচালি কৰিছিল৷ তেনে বিভিন্ন পৰিঘটনাৰে পৰিপূৰ্ণ আছিল তেওঁৰ ৪ বছৰীয়া কাৰ্যকাল৷ তাৰ ক্লাইমেক্স হৈছিল যোৱা ৬ জানুৱাৰীত, যিদিনা কেইবাহাজাৰ উত্তেজিত ট্ৰাম্প সমৰ্থকে আমেৰিকাৰ ৰাজধানীৰ মূল ভৱনত আক্ৰমণ কৰিছিল৷ তাৰ বাবে উদগনি দিছিল স্বয়ং ট্ৰাম্পে৷ আমেৰিকাৰ কেপিটল আক্ৰমণ নোহোৱা নোপজা ঘটনা৷ কেপিটল আৰু কেপিটেলক লৈ বহুতৰে বিভ্ৰান্তি আছে৷ কেপিটেল হৈছে ৱাশ্বিংটন ডিচি আৰু কেপিটল হৈছে ৰাজধানীৰ ভৱনটো৷ আমেৰিকাৰ কেপিটলত দেশখনৰ গৃহযুদ্ধৰ কালতো আক্ৰমণ সংঘটিত হোৱা নাছিল৷ কেপিটল বিদেশীৰ কবলত আছিল ১৭ শ খৃষ্টাব্দত, যেতিয়া আমেৰিকা ব্ৰিটিছৰ দখলত আছিল৷ সেয়ে স্বয়ং দেশৰ ৰাষ্ট্ৰপতিয়ে কেপিটল আক্ৰমণ কৰিবলৈ সমৰ্থকক প্ৰৰোচিত কৰাৰ ঘটনা প্ৰচলিত আইনৰ প্ৰতি ট্ৰাম্পৰ ভেঙুচালি বুলিয়েই আমেৰিকানে বিশ্বাস কৰিছে৷ সেয়ে ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত মহাভিযোগ সমৰ্থনযোগ্য৷ নিজৰ ঘৰৰ দুৱাৰ খুলি নাৰাখিলে কেনেকৈ আক্ৰমণকাৰী সোমাব? যি দল উত্তেজিত জনতাই কেপিটল আক্ৰমণ কৰিছিল আৰু নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জো বাইডেনৰ বিজয়ৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে অনুষ্ঠিত সংসদৰ যুটীয়া অধিৱেশন লণ্ডভণ্ড কৰিছিল, সেই হেজাৰোধিক পতাকাবাহী, অস্ত্ৰবাহী সমৰ্থক মাথোঁ কিছু সময়ৰ পূৰ্বে ট্ৰাম্পে উত্তেজিত ভাষণেৰে প্ৰৰোচিত কৰিছিল৷ ট্ৰাম্পে তেওঁলোকক কেপিটল দখল কৰিবলৈ উদ্ধুদ্ধ কৰিছিল আৰু বাইডেনলৈ ক্ষমতা হস্তান্তৰৰ প্ৰথমটো কাৰ্যসূচী লণ্ডভণ্ড কৰি ব্যৰ্থ কৰিবলৈ আহ্বান জনাইছিল৷ আনকি যুটীয়া অধিৱেশনত অধ্যক্ষ হৈ থকা উপ-ৰাষ্ট্ৰপতি মাইক পেন্সক অধিৱেশনৰ কাৰ্যসূচী ব্যৰ্থ কৰি ক্ষমতা নিজৰ হাতত ৰাখিবলৈ ল’ব পৰা সম্ভাব্য পদক্ষেপ গ্ৰহণ কৰিবলৈও আহ্বান জনাইছিল৷ এয়া অভ্যূত্থানৰে সমাৰ্থক, কিন্তু আমেৰিকানে আৰু ৮০ শতাংশ আমেৰিকান মিডিয়াই ট্ৰাম্পৰ সেই কাৰ্যক অভ্যূত্থান শব্দৰে বিশ্লেষণ কৰা নাই৷

INSURRECTION– ট্ৰাম্পৰ ৬ জানুৱাৰীৰ কাৰ্যক এইটো শব্দৰেই বৰ্ণনা কৰিছে আমেৰিকানে ‘কু ডেটা’ [Coup d'etat] বা অভ্যূত্থান বুলি নহয়৷ ‘ইনছাৰেকচন’ শব্দটোৰ অৰ্থ হৈছে–এখন চৰকাৰৰ বিৰুদ্ধে চৰকাৰ পতন ঘটোৱাৰ বাবে কিছু সংখ্যক লোকৰ সংগঠিত হিংসাত্মক আক্ৰমণ৷ এয়া কেম্ব্ৰিজ অভিধানৰ সংজ্ঞা৷ An organized attempt by a group of peple to defeat their govornment and take controll of their country, usually by violence. ট্ৰাম্পৰ সেই কাৰ্যক গৰিহণা দিয়ো আমেৰিকান প্ৰেছে সেয়ে ৬ জানুৱাৰীৰ ঘটনাক ‘কু ডেটা’ বুলি কোৱা নাই, ইনছাৰেকচন বুলিহে বৰ্ণনা কৰিছে৷

আমেৰিকাৰ কেপিটল ৰক্ষা কৰিবলৈ ৫ টা ভিন ভিন বাহিনী থাকে৷ তাৰে প্ৰথমটো হৈছে মেট্ৰ’পলিটান পুলিচ, দ্বিতীয়টো নেচনেল ছিকিউৰিটি গাৰ্ড [এন এছ জি], তৃতীয়টো ইউ এছ এছ চিটী ছাৰ্ভিচ, চতুৰ্থটো ইউ এছ ছিক্ৰেট ছাৰ্ভিচ আৰু পঞ্চমটো লোকেল পুলিচ৷ সেইদিনা ইয়াৰ দুই-এটা বাহিনীৰ একাংশই আক্ৰমণকাৰীক সহায় কৰিছিল৷ অৱশ্যে সেয়া বিক্ষিপ্ত ঘটনা, সামগ্ৰিকভাৱে সকলোৱে কেপিটল ৰক্ষা কৰিছিল৷ সেইদিনা জনতাৰ শক্তিও বেছি আছিল আৰু সম্ভৱতঃ ঘটনা ইমান দূৰলৈ যোৱাৰ পূৰ্বানুমান কৰিব পৰা নাছিল৷ ৬ নৱেম্বৰ আছিল কেপিটলত ‘হোৱাইট ছুপ্ৰিমেচি’ৰ ইমানদিনে সুপ্ত হৈ থকা বিস্ফোৰণ৷

এই সকলো বিতৰ্ক, ঘটনাবহুল শেহতীয়া পৰিস্থিতিৰ অন্তত অহা ২০ জানুৱাৰীত পৰম্পৰাগতভাৱে নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বাইডেনৰ অভিষেক ঘটিব৷ বিদায়ী ৰাষ্ট্ৰপতি ট্ৰাম্প শপত গ্ৰহণত অনুপস্থিত থাকি আগদিনাই সম্ভৱতঃ উৰা মাৰিব তেওঁৰ ফ্লৰিডাৰ বাসভৱনলৈ৷ ট্ৰাম্পৰ বিদায় আৰু বাইডেনৰ অভিষেকৰ প্ৰাক মুৰ্হূতত কেপিটেল আৰু কেপিটলত অভূতপূৰ্ব উত্তেজনাই বিৰাজ কৰিছে৷ ইতিমধ্যে সম্পূৰ্ণ কেপিটল বিল্ডিং দখল কৰি নিজৰ নিয়ন্ত্ৰণলৈ নিছে নেছনেল গাৰ্ডে৷ বিগত ১৫০ বছৰত এনে পৰিস্থিতি উদ্ভব হোৱা নাছিল৷ ৬ জানুৱাৰীৰ দৰে ঘটনাৰ আতংকত এতিয়া বিশ্বৰ প্ৰাচীনতম গণতন্ত্ৰৰ পীঠস্থান ত্ৰস্তমান৷ সঁচাই অভূতপূৰ্ব৷

[মাৰ্কিন নাগৰিক দিনদীপি নাথ ‘আজতক’ৰ উচ্ছ পদস্থ বিষয়া আছিল৷ সম্প্ৰতি তেওঁ ‘গ্ল’বেল টেলিকম’ৰ শীৰ্ষ বিষয়া]