Logo
image

ধূপধৰাত বনৰীয়া হাতীৰ আক্ৰমণত মহিলাৰ মৃত্যু

ডিজিটেল সংবাদ, ধূপধৰাৰ প্ৰতিবেদকঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তী-মানুহৰ সংঘাত দিনক-দিনে বৃদ্ধি পাইছে৷ শনিবাৰে গোৱালপাৰা জিলাৰ ধূপধৰা থানাৰ অন্তৰ্গত তথা ধনুভাঙাৰ বাখাৰাখুটি গাঁৱৰ এগৰাকী মহিলা বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয়। বন্যহস্তীৰ আক্ৰমণত মৃত্যু হোৱা মহিলাগৰাকী আনন্দ ৰাভাৰ পত্নী তথা তিনি সন্তানৰ মাতৃ মিনতি ৰাভা। জানিব পৰা  মতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা দেওশিলা দৈনিক বজাৰৰ পৰা মহিলগৰাকীয়ে ঘৰৰ অভিমুখে গৈ থকা অৱস্থাতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কিছু দূৰৈত বনৰীয়া হাতীৰ আক্ৰমণৰ সন্মুখীন হয়। পিছত ঘটনাস্থলীত ৰংজুলি বন বিভাগ আৰু ধূপধৰা আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লয়। উল্লেখ্য যে এইদৰে জিলাখনৰ ভিন্ন স্থানত বৃদ্ধি পাই অহা বনৰীয়া হাতীৰ উপদ্ৰবে ৰাইজক চিন্তিত কৰি তুলিছে।