Logo
image

অসম গ্ৰামীণ বিকাশ বেংকৰ ঋণ প্ৰদানৰ নামত ভয়ংকৰ দুৰ্নীতিঃ বেংক কৰ্তৃপক্ষৰ লগত দালাল চক্ৰই জালিয়াতিৰে ৩০ জনৰো অধিক লোকৰ নামত কেচিচি ঋণ অনুমোদন কৰাৰ অভিযোগ

ডিজিটেল সংবাদ, পুৰণিগুদামঃ নগাঁও জিলাৰ পুৰণিগুদাম চলচলিস্থিত অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত কে চি চি ঋণ প্ৰদানৰ নামত ভয়ংকৰ জালিয়াতি হোৱাৰ অভিযোগ পোহৰলৈ আহিছে। কে চি চি ঋণ প্ৰদানৰ নামত হোৱা এই জালিয়াতিৰ প্ৰতিবাদত শনিবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ভুক্তভোগী গ্ৰাহকসকলে.ৰূপায়ণ কৰে। জানিব পৰা মতে, মুঢ়ানী গাঁৱৰ এগৰাকী মহিলাই বেংকৰ পৰা নিজৰ ধন উঠিবলৈ আহি ধন উলিয়াব নোৱাৰাত বেংকটোৰ কৰ্তৃপক্ষক অৱগত কৰাত উৰহি গছৰ ওৰ ওলাই পৰে। বেংক শাখাটোত কোনোধৰণৰ তথ্য নোহোৱাকৈ প্ৰায় ৩০জনৰো অধিক লোকৰ নামত কে চি চি ঋণ পোৱাৰ তথ্য পোহৰলৈ আহিছে।

এই ঋণ বেংক শাখাটোত অনুমোদন হোৱাৰ উপৰি হিতাধিকাৰীসকলে কোনো উইড্ৰেলত চহী নকৰাকৈ সমূদায় ধন একাউণ্টৰ পৰা উঠাই লৈ যায়। এই ক্ষেত্ৰত দালাল চক্ৰ আৰু বেংক কৰ্তৃপক্ষ জড়িত থকাত ভুক্তভোগী ৰাইজে সন্দেহ প্ৰকাশ কৰে। ইফালে ভুক্তভোগী গ্ৰাহকসকলে পুৰণিগুদাম আৰক্ষী চকীত দিয়া এজাহাৰ অনুসৰি মুঢ়ানী গাঁৱৰ জনৈক গায়ন উপাধিৰ এজন দালালে নিজৰ গাঁৱৰ সহজ-সৰল লোকসকলৰ নামত কে চি চি ঋণ অনুমোদন কৰে। ২০২১ চনৰ ক'ভিড মহামাৰীৰ সময়ত সেইসকল হিতাধিকাৰীক এনৰেগা আঁচনিৰ জব কাৰ্ড বনাবৰ বাবে সকলো নথি-পত্ৰ লৈ সেইসকলৰ একাউণ্টৰ পৰা ধন উলিয়াব পৰাকৈ উইড্ৰেলত চহী কৰাই লয়। সেই সময়ৰ বেংক শাখাটোৰ পৰিচালকজনৰ লগত মিলি এই ঋণ অনুমোদন কৰাৰ লগতে একাউণ্টৰ পৰা ধন উলিয়াই অনাৰ ক্ষেত্ৰত দালালজনক সহায় কৰে বেংক কতৃপক্ষই। সেইবাবে দালাল চক্ৰটোৱে প্ৰতিজন হিতাধীকাৰীৰ নামত এক লাখৰ পৰা তিনি লাখ টকা পৰ্যন্ত অনুমোদন কৰি সেই ধন কম সময়ৰ ভিতৰত উঠাই লয়।  

কেইবছৰ মানৰ আগতে জনৈক গায়নে এই বেংকৰ পৰা জালিয়াতি কৰি ধন সৰকাইছিল বুলি জানিবলৈ দিয়ে ভুক্তভোগী ৰাইজে। এইক্ষেত্ৰত ১২ গৰাকী হিতাধিকাৰীৰ স্বাক্ষৰযুক্ত এজাহাৰ দাখিল কৰাৰ পূৰ্বে হিতাধিকাৰীসকলে পুৱাৰ ভাগত বেংক কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। পিছত বেংক পৰিচালকৰ লগত হোৱা আলোচনাত প্ৰতিবাদকাৰীসকলে ভৱিষ্যতে ভুৱা ঋণৰ পৰা হিতাধিকাৰীসকলক উদ্ধাৰ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে কে চি চি ঋণ পাবলৈ হ'লে মাটি থকাৰ প্ৰমাণপত্ৰৰ উপৰিও হিতাধিকাৰীজনে বেংক শাখাটোৰ নথি-পত্ৰত চহী কৰিব লাগে। এনেক্ষেত্ৰত কোনোধৰণৰ চহী নোহোৱাকৈ কেনেদৰে বৃহৎ পৰিমাণৰ ঋণ অনুমোদন দিলে সেইটো লক্ষণীয় বিষয় হিচাপে বিবেচিত হৈছে। এই বৃহৎ পৰিমাণৰ ঋণ অনুমোদন হোৱাৰ পিছত এখন উইড্ৰেলত নিৰ্দ্দিষ্ট পৰিমাণৰ ধনহে উঠিব পাৰে। এই বৃহৎ পৰিমাণৰ ধন উঠাবলৈ কেইবাখনো এনে উইড্ৰেলৰ প্ৰয়োজন হয়। ইয়াৰ পিছতো হিতাধিকাৰীসকলৰ একাউণ্টৰ পৰা কেনেদৰে ইমান বৃহৎ পৰিমাণৰ ধন ওলাই গ'ল সেই বিষয়ক লৈ এতিয়া বেংক কৰ্তৃপক্ষলৈ আঙুলি টোৱাইছে সাধাৰণ ৰাইজে।