Logo
image

‘কান’ত ঐশ্বৰ্যহঁতৰ নীলা লিপ্‌ষ্টিকৰ যাদু

ফ্ৰান্সৰ কান চহৰত আৰম্ভ হৈছে বিশ্বৰ অন্যতম পুৰণি তথা প্ৰভাৱশালী চলচ্ছিত্ৰ উৎসৱ ৭৬সংখ্যক কান চলচ্ছিত্ৰ মহোৎসৱ৷ কান ৰেড কাৰ্পেটৰ দিশত দৃষ্টি নিক্ষেপ কৰি আছে বিশ্ববাসীয়ে৷ এইবাৰ কাঁত পোন প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰিছে অভিনেত্ৰী ঈষা গুপ্তাই৷ কানৰ ৰেড কাৰ্পেটত ভৰি দিয়াৰ ফটো শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে নিজে৷ কানৰ ৰেড কাৰ্পেটত থাই হাইশ্লিট গাউন পৰিধান কৰা দেখা গ’ল ঈষাক৷ অভিনেত্ৰীগৰাকীৰ এই গাউটি ডিজাইন কৰিছে নিকোলাছ জেব্ৰানে৷ ঈষা গুপ্তাক শেহতীয়াভাৱে দেখা গৈছিল প্ৰকাশ ঝা পৰিচালিত ‘আশাৰাম-থ্ৰী’ত৷ ইয়াৰ উপৰি ৭৬সংখ্যক কানত অভিষেক ঘটিছে ছাৰা আলী খান, অনুষ্কা শৰ্মা আৰু মানুষী চিল্লাৰ দৰে বলীউডৰ অভিনেত্ৰীৰ৷ ঐশ্বৰ্য ৰায়, দীপিকা পাড়ুকন, উৰ্বশী ৰাওটেলা, অনুষ্কা,  ছাৰা, মানসী, ঈষাকে ধৰি কেইবাগৰাকীও স্বনামধন্য বলীউডৰ অভিনেত্ৰীয়ে ৭৬সংখ্যক কান মহোৎসৱত অংশ লৈছে৷ অভিনৱ বেশভূষাৰে বিশ্ববাসীক দৃষ্টি আকৰ্ষণ কৰিছে ভাৰতীয় সুন্দৰীসকলে৷ আগন্তুক ২৭মে’ পৰ্যন্ত অনুষ্ঠিত হ’ব চলচ্ছিত্ৰ জগতৰ এই আটকধুনীয়া অনুষ্ঠানটি৷ প্ৰদৰ্শিত হ’ব তিনিখনকৈ ভাৰতীয় ছবি৷ উল্লেখ্য যে এইবাৰৰ কান ছবি মহোৎসৱত পাৰবীন বাবীৰ জীৱনভিত্তিক ছবি ‘ফোটোকল’ প্ৰদৰ্শন হ’ব৷ এইখন ছবিৰ নাম ভূমিকাত অভিনয় কৰিছে উৰ্বশীয়ে৷ উল্লেখ্য কান চলচ্ছিত্ৰ মহোৎসৱত বলীউডৰ দুগৰাকী অভিনেত্ৰীয়ে বিশেষভাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ এই দুগৰাকী অভিনেত্ৰী হৈছে ঐশ্বৰ্য ৰায় বচ্ছন আৰু উৰ্বশী ৰাওটেলা৷ কান চলচ্ছিত্ৰ মহোৎসৱ ২০২৩১ ৰেড কাৰ্পেটত এইবাৰ ঐশ্বৰ্য ৰায়ে খোজ পেলায় ওঁঠত নীলা লিপ্‌ষ্টিক লৈ৷  ঐশ্বৰ্যক লৈ উৎসাহিত হৈ পৰিছে পাপাৰাৎজ্জিসকল৷  নীলা-অফ শোল্ডাৰ গাউন পৰিহিত এই গৰাকী অভিনেত্ৰীৰ ওঁঠতো নীলা লিপ্‌ষ্টিকৰ লগতে ডিঙিত দেখা যায় হীৰাৰ নেকলেছ৷ আনহাতে ওঁঠত নীলা লিপ্‌ষ্টিকেৰে কানৰ গ্লেমাৰ জগতখন জিনিছে অভিনেত্ৰী উৰ্বশী ৰাওটেলাই৷  উৰ্বশীৰ সাজ-সজ্জায়ো সন্মোহিত কৰি তোলে সকলোকে৷ ইপিনে উৰ্বশী আৰু ঐশ্বৰ্যৰ মেকআপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷  বৃহস্পতিবাৰে ‘ইণ্ডিয়ানা জোনছ এণ্ড দ্য ডায়েল অফ ডেষ্টিনি’ ছবিৰ প্ৰদৰ্শনৰ সময়ত উপস্থিত আছিল ঐশ্বৰ্য ৰায় আৰু উৰ্বশী ৰাওটেলা৷