Logo
image

কান চলচ্ছিত্ৰ উৎসৱত ছানি লিয়নিৰ চিনেমা

৭৬সংখ্যক কান চলচ্ছিত্ৰ উৎসৱত এইবাৰ দেখা গ’ল গ্লেমাৰ গাৰ্ল ছানি লিয়নিৰ চমক৷ ছানিৰ স্বভাৱগত ষ্টাইল আৰু যাদুকৰী পোছাকে চমক দিলে উপস্থিত দৰ্শকক৷ ৰেড কাৰ্পেটত ফটোগ্ৰাফাৰসকলে ছানিক কেমেৰাত ধৰি ৰাখি ক’বলৈ বাধ্য হ’ল– ‘ছানিক অসাধাৰণ লাগিছে৷’ ভক্তসকলো ছানিৰ পোছাকৰ প্ৰশংসাত পঞ্চমুখ৷ ৭৬ সংখ্যক কান চলচ্ছিত্ৰ উৎসৱৰ ৰেড কাৰ্পেটত কেটৱাক কৰি ছানিয়ে প্ৰমাণ কৰিলে যে তেওঁ এগৰাকী ফেশ্বনিষ্ট৷ বাদামী ৰঙৰ বডীকন পোছাকে ছানিৰ সৌন্দৰ্যত যেন সুৱগা চৰাইছে৷ ছানিৰ মহাকাব্যিক পোছাকৰ যাদুত মতলীয়া তেওঁৰ অনুৰাগী৷ ঐশ্বৰ্য-উৰ্বশীৰ নীলা ৰঙৰ লিপষ্টিকৰ যাদুৰে সকলোকে মতলীয়া কৰাৰ পাছত কানৰ ৰেড কাৰ্পেটত আৰম্ভ হৈছিল ছানিৰ মহাকাব্যিক বেশভূষা তথা ব’ডী লেংগুৱেজৰ যাদু৷ বিভিন্ন দেশৰ তাৰকাৰ সমাৱেশ ঘটা এইবাৰ কান চলচ্ছিত্ৰ মহোৎসৱত দেখা গ’ল এজাক ভাৰতীয় সুন্দৰী অভিনেত্ৰী৷ দেশী গাৰ্ল প্ৰিয়ংকা চোপ্ৰা, প্ৰাক্তন বিশ্ব সু্‌ন্দৰী ঐশ্বৰ্য ৰায়ৰ পৰা দীপিকা পাডুকনলৈ, উৰ্বশী ৰাওটেলাৰ পৰা ছাৰা আলী খানলৈ, অনুষ্কা শৰ্মাৰ পৰা ঈষা গুপ্তালৈ, মানসী চিল্লাৰ পৰা বংগ তনয়া মৌনি ৰয়লৈ সকলো ভাৰতীয় নায়িকাই স্বমহিমাৰে উজলিছে কান চলচ্ছিত্ৰ উৎসৱৰ ৰেড কাৰ্পেটত৷ ১৬ মে’ৰ পৰা ২৭ মে’লৈ ফ্ৰান্সৰ কান চহৰত অনুষ্ঠিত পৃথিৱীৰ অন্যতম প্ৰাচীন তথা প্ৰভাৱশালী চলচ্ছিত্ৰ উৎসৱত প্ৰদৰ্শিত হয় কেইবাখনো ভাৰতীয় ছবি৷ ইয়াৰ ভিতৰত অভিনেত্ৰী পাৰবীন বাবীৰ জীৱনভিত্তিক ছবিখনো প্ৰদৰ্শিত হয়৷ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে উৰ্বশী ৰাউটেলাই৷ কান চলচ্ছিত্ৰ মহোৎসৱত পৰিচালক অনুৰাগ কাশ্যপ  পৰিচালিত ছানি লিয়নি অভিনীত ছবি kennedyৰ প্ৰিমিয়াৰ হয়৷