কঁকালৰ বিষ? নিৰাময়ৰ বাবে এইখিনি কৰক
আমাৰ অসম বিশেষঃ সাম্প্ৰতিক সময়ত বেছি সংখ্যক লোকৰ কোনোৱে নহয় কোনোৱে প্ৰতিষ্ঠানত চাকৰি কৰে৷ সেয়েহে তেওঁলোকে অধিকাংশ সময় চকীত বহি কাম-কাজ কৰিব লাগে৷ এইসকল মানুহৰ বয়স যেতিয়া ৪০ বছৰ পাৰ হয় তেতিয়া কঁকালৰ বিষত আক্ৰান্ত হয়৷ পুৰুষৰ তুলনাত মহিলাসকলে বেছিকৈ কঁকালৰ বিষত আক্ৰান্ত হয়৷ যিসকলৰ কঁকালৰ বিষ আছে তেওঁলোকে কি কি নিয়ম পালন কৰা উচিত –
- যাৰ কঁকালৰ বিষ বেছিকৈ হয় তেওঁলোকে বেছি সময় একে ঠাইতে থকাটো উচিত নহয়৷ বহি বা খোজ কাঢ়ি যদি থাকে তেনেহ’লে এঘণ্টা পিছত সেইটো পৰিৱৰ্তন কৰিব লাগে৷
- বেঞ্চত কেতিয়াও নবহিব৷ চেয়াৰ বা তুল বাদ দি যদি বেঞ্চত বহা হয় তেতিয়া ‘পেলভিক গাৰ্ডল’ নামৰ কঁকালৰ হাড়ৰ সৈতে বেঞ্চৰ আঘাত হয় আৰু কঁকালৰ বিষ দুগুণলৈ দৃদ্ধি পায়৷
- নৰম মেট্ৰেছ বা ফ’মৰ বিচনাত নুশুব৷ শুৱাৰ সময়ত একাষৰীয়া হৈ বা উবুৰি দি কেতিয়াও নুশুব৷ সদায় চিট হৈ শুলে কঁকালৰ বিষৰ পৰা বহু উপশম পোৱা যায়৷
- নিজে নিজে ঔষধ ব্যৱহাৰ কৰি বিষ কমাবলৈ চেষ্টা নকৰিব৷
- যিসকলে নিয়মিত ব্যায়াম কৰে তেওঁলোকে বিষ বাঢ়িলে ব্যায়াম কৰাটো বন্ধ কৰি দিয়ে৷ তেতিয়া বিষ বৃদ্ধি পোৱাৰ সম্ভৱনা পোৱাৰ প্ৰৱল৷ সেয়ে কঁকালৰ বিষ থাকিলেও নিয়মিত ব্যায়াম কৰাৰ অভ্যাস কৰক৷
কঁকালৰ বিষ থাকিলে নিয়মিত কি কি কৰিব লাগিব–
১৷ যিসকলৰ কঁকালৰ বিষৰ সমস্যা আছে তেওঁলোকে বেছি পৰিশ্ৰম নকৰিব৷
২৷ চিকিৎসকৰ পৰামৰ্শ লৈ প্ৰয়োজন হ’লে কেলচিয়াম ব্যৱহাৰ কৰক৷
৩৷ প্ৰতিদিনে এগিলাচকৈ গাখীৰ খাওক৷
৪৷ প্ৰতিদিনে খোজকঢ়াৰ অভ্যাস অব্যাহত ৰাখক৷
৫৷ কঁকালৰ বিষ থাকিলে বেছি ওজন থকা বস্তু ওপৰলৈ তোলা বা কঢ়িয়াই নিয়া বন্ধ কৰক৷
৬৷ যদি উচ্ছ ৰক্তচাপজনিত সমস্যা আছে তেন্তে প্ৰতিদিনে একোটাকৈ কণী খাওক৷
৭৷ কোনো পথ যদি খলা-বমা থাকে তেন্তে সেই পথেৰে অহা-যোৱা নকৰিব৷ ৰাতি শোৱাৰ সময়ত ডাঠ বিচনা ব্যৱহাৰ কৰক আৰু মূৰৰ তলত পাতল গাৰু ব্যৱহাৰ কৰক৷