Logo
image

স্বীকৃতি বাতিলৰ জাননী! গুৱাহাটী, ডিব্ৰুগড়, বৰপেটা মেডিকেলত হাহাকাৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ জুনঃ ৰাজ্যত এখনৰ পাছত এখনকৈ নতুন চিকিৎসা মহাবিদ্যালয় হাস্পতাল গঢ়ি তুলিছে চৰকাৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন জিলাতে মেডিকেল কলেজ হাস্পতাল নিৰ্মাণৰ কথা ঘোষণা কৰাই নহয়, ইতিমধ্যে মেডিকেল কলেজৰ ওখ ওখ প্ৰাসাদোপম অট্টালিকাও নিৰ্মাণ কৰিছে৷ কিন্তু ৰাজ্যত মেডিকেল কলেজ হাস্পতালৰ সুউচ্ছ অট্টালিকা নিৰ্মাণেৰে অভিলেখ ৰচাৰ সময়তে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ চমুকৈ এনএমচিয়ে অসমৰ তিনিখনকৈ ঐতিহ্যমণ্ডিত মেডিকেল কলেজৰ স্বীকৃতি বাতিল কৰা কাৰ্যই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ নেশ্বনেল মেডিকেল কমিছনে অসমৰ ৩খন মেডিকেল কলেজৰ লগতে দেশৰ মুঠ ৪০খন মেডিকেল কলেজৰ স্বীকৃতি বাতিলৰ নিৰ্দেশনা জাৰি কৰিছে৷ মূলতঃ নেশ্বনেল মেডিকেল কমিছনৰ চৰ্ত পূৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবেই ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ আৰু বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ স্বীকৃতি বাতিলৰ নিৰ্দেশনা জাৰি কৰিছে যদিও কলেজকেইখনৰ কৰ্তৃপক্ষ তথা ৰাজ্য চৰকাৰক এমাহৰ ভিতৰত চৰ্ত পূৰণ কৰি নতুনকৈ আবেদন কৰিবলৈও সুযোগ প্ৰদান কৰিছে৷ অভিযোগ অনুসৰি এনএমচিৰ বিশেষজ্ঞ দলৰ চৰজমিন পৰ্যবেক্ষণৰ সময়ত অসমৰ তিনিওখন মেডিকেল কলেজত নিৰ্দিষ্ট অধ্যাপকৰ আসন খালী হৈ থকাৰ বিষয়টো উন্মোচন কৰে৷ যাৰ পৰিণতিতেই মেডিকেল কলেজকেইখনৰ স্বীকৃতি বাতিল কৰা বুলি উল্লেখ কৰিছে৷ তদুপৰি এনএমচিৰ পৰ্যবেক্ষকৰ দলটোৱে কলেজকেইখনৰ অধ্যাপক অৰ্থাৎ শিক্ষকৰ বায়’মেট্ৰিক ফিংগাৰ এটেনডেন্স আৰু ফেচিয়েল ৰিক’গনেশ্বন মেচিন পৰীক্ষা কৰিও তিনিওখন মেডিকেল কলেজত বহুসংখ্যক অধ্যাপক দীৰ্ঘদিন ধৰি কৰ্তব্যত অনুপস্থিত থকা উদ্বেগজনক দিশটোক পোহৰলৈ আনে৷ ইয়াৰোপৰি চিকিৎসা মহাবিদ্যালয়কেইখনত চিচি টিভি বিকল হৈ থকাৰ লগতে জৰুৰীকালীন সেৱা আৰু কেইবাটাও বিভাগত নিম্নমানৰ সেৱা ইত্যাদিক লৈও প্ৰশ্ন কৰে৷ নেশ্বনেল মেডিকেল কমিছনে স্বীকৃতি বাতিল কৰিলেও এয়া এক গতানুগতিক প্ৰক্ৰিয়া বুলিহে অভিহিত কৰিছে তিনিওখন মেডিকেল কলেজৰ কতৃৰ্পক্ষই৷ এনএমচিৰ পৰ্যবেক্ষকৰ দলটোৱে ছাডেন ভিজিট কৰি কলেজকেইখনৰ গাফিলতি ধৰা পেলাই যদিও গুৱাহাটী মেডিকেল কলেজ হাস্পতাল কতৃৰ্পক্ষই এতিয়া ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ দলটোৱে বন্ধৰ দিনত মেডিকেল কলেজখন পৰিদৰ্শন কৰাৰ যুক্তিৰে দায় সৰাৰ চেষ্টা চলাইছে৷ এনএমচিয়ে পৰিদৰ্শন কালত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৩০ শতাংশ অধ্যাপক তথা সহকাৰী অধ্যাপক অনুপস্থিত থকা বিষয়টো পোহৰলৈ আনে৷ কিন্তু এনএমচিৰ এই অভিযোগক মানি ল’ব বিচৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে চিকিৎসালয় কতৃৰ্পক্ষই৷ কলেজ তিনিওখনৰ স্বীকৃতি বাতিল হোৱা নাই বুলি দাবী কৰি মুখ্যমন্ত্ৰী শৰ্মাই চিচি টিভি বেয়া হোৱাৰ বাবেহে কমিছনে বেয়া পোৱা বুলি কৈ সমগ্ৰ বিষয়টোক পাতল কৰি ৰাজ্যবাসীক আশ্বস্ত কৰাৰ চেষ্টা কৰে৷ এক কথাত মেডিকেল কলেজকেইখনৰ স্বীকৃতি ঘূৰাই অনাত ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হোৱাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী শৰ্মাই৷ এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত কয়– ‘মেডিকেল কলেজৰ চিচি টিভি দুটামান বেয়া৷ চিচি টিভি বেয়া হোৱা বাবেহে অলপ বেয়া পাইছে মেডিকেল কমিছনে৷ এইটো চিন্তা কৰিবলগীয়া বিষয় নহয়, শীঘ্ৰে সমাধান হ’ব৷’ ইফালে মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয়– ‘এয়া এক গতানুগতিক নিয়ম৷ এতিয়া বাতৰি ওলাইছে বাবেহে সকলোৱে গম পাইছে৷ আগতে এইবোৰ খবৰ বাতৰিত নোলায়৷ পৰিদৰ্শন কালত আসোঁৱাহ দেখিলে তেওঁলোকে অভিযোগ দিয়ে৷ এইবাৰ চিচি টিভি কেমেৰা নাই চলা বুলি অভিযোগ কৰিছে৷ আয়োগে আমাক সময় দিছে৷ সময় মতে তাৰ উত্তৰ দিয়া হৈছে৷’ লক্ষণীয় বিষয়টো হৈছে মেডিকেল কলেজসমূহত ফেকাল্টিয়ে সেৱা আগবঢ়াবলৈ অস্বীকাৰ কৰা বিষয়টো অসমত নিয়মমাফিক কাৰ্যত পৰিণত হৈছে যদিও স্বাস্থ্য বিভাগে তাক সদায় উলাই কৰি আহিছে৷ এনএমচিৰ পৰ্যবেক্ষকৰ দল অহাৰ খবৰ পালেই স্বাস্থ্য বিভাগে একে নিশাই এখন মেডিকেল কলেজৰ পৰা বিশেষজ্ঞৰ দলটোৱে পৰিদৰ্শন কৰিবলগীয়া নিৰ্দিষ্ট মেডিকেল কলেজখনলৈ অধ্যাপকৰ ৰদ-বদল কৰি পদসমূহ পূৰণ হৈ থকা দেখুৱাই আহিছে৷ কিন্তু চিকিৎসা মহাবিদ্যালয়সমূহৰ এই ফাঁকিবাজী পোহৰলৈ অহাত শেহতীয়াকৈ নেশ্বনেল মেডিকেল কমিছনে প্ৰতিখন কলেজতে ফেকাল্টিৰ বাবে বায়’মেট্ৰিক ফিংগাৰ এটেনডেন্স বাধ্যতামূলক কৰিছে৷  আৰু এনে বায়’মেট্ৰিক ফিংগাৰ এটেনডেন্স মেচিনত দীৰ্ঘদিনৰে পৰা নিৰ্দিষ্ট ফেকাল্টিৰ উপস্থিতিৰ বায়’মেট্ৰিক আঙুলিৰ চাপআপলোড নোহোৱা অৰ্থাৎ অনুপস্থিতিৰ দিশটোক ধৰা পেলাই স্বীকৃতি বাতিল কৰে৷ অৱশ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই বায়’মেট্ৰিক ফিংগাৰ এটেনডেন্স মেচিনৰ কাৰিকৰী অসুবিধাৰ বাবে অধ্যাপকসকলৰ উপস্থিতিৰ আঙুলিৰ চাপ এটেনডেন্স মেচিনে গ্ৰহণ নকৰাত উক্ত সমস্যাৰ সৃষ্টি হোৱা বুলিহে দাবী কৰিছে৷ অধীক্ষক অভিজিত শৰ্মাই লগতে কয়– এনএমচিয়ে মেডিকেল কলেজৰ স্বীকৃতি বাতিল কৰা নাই৷ আমাক  প্ৰয়োজনীয় তথ্য-পাতি দি আবেদন কৰাৰ বাবেহে নিৰ্দেশ দিছে৷ এনএমচিয়ে পৰিদৰ্শনৰ বাবে প্ৰতিবছৰে মানুহ পঠিয়ায়৷ এইবাৰ এনএমচি ২৩ জানুৱাৰীত আচম্বিত পৰিদৰ্শনৰ বাবে আহিছিল৷ কিন্তু বিগত ২৩ জানুৱাৰীৰ দিনটো আছিল নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মবাৰ্ষিকী৷ সেইবাবে উক্ত দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন আছিল যদিও দলটোৱে সেইদিনাই  পৰিদৰ্শন কৰিছিল৷ এনএমচিৰ পৰা অভিযোগ আহিব পাৰে৷ আমি অভিযোগ পঢ়ি উত্তৰ দিছোঁ৷ তেওঁলোকে বায়’মেট্ৰিক ফিংগাৰ এটেনডেন্স মেচিন আৰু ফেচ কেমেৰাত ফেকাল্টিৰ উপস্থিতি নথকাৰ কথা কৈছিল৷ কিন্তু এনএমচিয়ে লগোৱা ফিংগাৰ এটেনডেন্স মেচিন আৰু ফেচ কেমেৰাৰ তথ্য আমি চাব নোৱাৰোঁ৷ ইয়াৰ পাছৱৰ্ড এনএমচিৰ হাতত থাকে৷ সেইবাবে কিবা কাৰিকৰী বিসংগতি আছিল যদিও আমি ধৰিব পৰা নাছিলোঁ৷

এএমচিৰ স্বীকৃতি বাতিল কৰা নাইঃ অধ্যক্ষ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ ৰাষ্ট্ৰীয় মেডিকেল কমিছনে বাতিল কৰা নাই অসম চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি৷ আজি এই কথা প্ৰকাশ কৰিছে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে৷ অসমৰ উপৰি দেশৰ ৪০খন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয়ৰো এন এম চিৰ স্বীকৃতি বাতিল কৰা চলি থকা প্ৰচাৰ সন্দৰ্ভত আজি চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে এই সন্দৰ্ভত স্পষ্ট কৰি কয়, এন এম চিয়ে এ এম চিৰ স্বীকৃতি বাতিলৰ কথা এতিয়াও কোৱা হোৱা নাই৷ তেওঁলোকে প্ৰয়োজনীয় আন্তঃগাঁথনি সম্পূৰ্ণ কৰাৰ পৰামৰ্শ আগবঢ়োৱাৰ কথাহে কৈছে৷ যদিহে তেওঁলোকে প্ৰদান কৰা পৰামৰ্শৰ ভিত্তিত প্ৰয়োজনীয় আন্তঃগাঁথনিৰ পূৰণ নকৰে তেনেহ’লে মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি স্বীকৃতি বাতিল কৰিব পাৰে৷ ইফালে অসম চিকিৎসা মহাবিদ্যালয়ত জুলাই মাহৰ পৰা চিকিৎসা মহাবিদ্যালয়খনৰ শ্ৰেণীৰ পাঠদান আৰু ইয়াৰ আন্তঃগাঁথনি নিৰূপণৰ বাবে পৰ্যৱেক্ষণ কৰিবলৈ আহিব এন এম চিৰ এটা দল৷ বিগত সময়ত হৈ থকা পদোন্নতি বদলিৰ বাবে চিকিৎসা মহাবিদ্যালয়ত দুজন ফেকাল্টিৰ অভাৱ হৈছিল৷ ইতিমধ্যে এই সমস্যাৰ সমাধান হৈছে৷ এতিয়া এন এম চিয়ে বিচৰা প্ৰয়োজনীয় সকলো সুবিধা উপলব্ধ হৈ আছে অসম চিকিৎসা মহাবিদ্যালয়ত৷ একেটা প্ৰসংগত এ এম চিৰ ডাঃ সঞ্জীৱ কাকতিয়ে আৰু কয়, শিক্ষা ব্যৱস্থাক সন্তুলিত অৱস্থাত ৰাখিবলৈ এন এম চি গঠন কৰা হৈছে৷ নেশ্যনেল মেডিকেল কমিছনে চিকিৎসা মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি নিৰূপণ কৰি স্বীকৃতি প্ৰদান কৰে৷ প্ৰতি পাঁচবছৰৰ নিৰ্দিষ্ট মূৰে মূৰে মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনি নিৰূপণৰ বাবে পৰ্যৱেক্ষণ কৰে৷ ২০২২ বৰ্ষৰ ৫ আগষ্টত এন এম চিৰ ৫ জনীয়া দল পৰ্যৱেক্ষণ কৰিবলৈ অসম চিকিৎসা মহাবিদ্যালয়লৈ আহিছিল৷ এই পৰ্যৱেক্ষণত লাভ কৰা ক্ৰতিসমূহ আঙুলিয়াই দিয়া হৈছিল৷ যিহেতু তেওঁলোকে বায়’মেট্টিক চিষ্টেমৰ জৰিয়তে চিকিৎসক-কৰ্মচাৰীৰ দৈনন্দিন উপস্থিতি আৰু এ এম চিত স্থাপন কৰা ২৫ টাকৈ চিচি টিভি কেমেৰাৰ জৰিয়তে সময়ে সময়ে নিৰীক্ষণ কৰি থাকে৷ এই সময়ছোৱাত পোৱা ক্ৰতি-বিচ্যুতিসমূহ পুনৰ আবেদনৰ বাবে এমাহৰ সময় ধাৰ্য কৰি দিয়া হৈছিল৷ সেইমতে, এ এম চি কতৃৰ্পক্ষই লিখিতভাৱে জনোৱা হৈছিল এন এম চিক৷ এই লিখিত প্ৰত্যুত্তৰ এন এম চিয়ে সন্তোষ প্ৰকাশ কৰিছে যদিও সেই সময়ত কেইজনমান চিকিৎসক পদোন্নতি বদলি হৈ যোৱাত চিকিৎসা মহাবিদ্যালয়ৰ অসুবিধা সন্মুখীন হৈছিল৷ ইতিমধ্যে এই সন্দৰ্ভত আমি প্ৰতিবেদন দাখিল কৰা হৈছে৷ শীঘ্ৰে ইতিবাচক সঁহাৰি লাভ কৰাৰ কথা আশা প্ৰকাশ কৰিছে৷ তদুপৰি, ইয়াক লৈ ৰাইজক উদ্বিগ্ন হোৱাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰে৷

এ আই ইউ ডি এফৰ প্ৰতিক্ৰিয়া

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ  ৰাজ্য চৰকাৰৰ চৰম অৱহেলাৰ বাবেই ৰাজ্যৰ তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে বাতিল কৰিবলৈ লোৱাৰ খবৰ ৰাজ্যৰ বাবে চৰম দুৰ্ভাগ্যজনক বুলি জাৰি কৰিছে এ ইউ ডি এফ দলে৷ এ আই ইউ ডি এফ দলৰ হৈ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক তথা মানকাচাৰ সমষ্টিৰ বিধায়ক অধিবক্তা আমিনুল ইছলামে কয়– পৰ্যাপ্ত ফেকাল্টি আৰু অন্যান্য সা-সুবিধাৰ অভাৱৰ বাবে ৰাজ্যৰ আগশাৰীৰ গুৱাহাটী আৰু ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ লগতে তুলনামূলকভাৱে নতুন বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল হ’বলৈ যোৱা কাৰ্যটো অতিকৈ চিন্তনীয় বিষয়৷ বৰপেটা চিকিৎসা মহাবিদ্যালয়খন নতুনকৈ স্থাপন হোৱা যদিও বাকী দুখন ৰাজ্যৰ সবাতোকৈ পুৰণি চিকিৎসা মহাবিদ্যালয়৷ ৰাজ্যৰ পুৰণি চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিলৰ খবৰটোয়ে শিক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ চৰম গাফিলতিৰ বিষয়ে উদঙাই দিছে৷ তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়ৰ স্বীকৃতি বাতিল হ’লে ৰাজ্যৰ অসংখ্য ছাত্ৰ-ছাত্ৰী তথা ৰোগীৰ বাবে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব৷ ৰাজ্য চৰকাৰে সদায় কিছুমান অদৰকাৰী বিষয়ত চমক সৃষ্টি কৰিবলৈ গৈ মূল বিষয়সমূহত অৱহেলাৰ পাত্ৰ হৈ পৰিছে৷ চৰকাৰে চমক প্ৰদৰ্শন কৰিবলৈ প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিছে৷ বৰ্তমান কাৰ্যক্ষম হৈ থকা চিকিৎসা মহাবিদ্যালয়ৰ যদি পৰ্যাপ্ত ফেকাল্টি আৰু আন্তঃগাঁথনি যোগান ধৰিব নোৱাৰে, তেনেহলে নামমাত্ৰ চিকিৎসা মহাবিদ্যালয়ৰ দ্বাৰা ৰাজ্যৰ কি উন্নয়ন হ’ব বুলিও প্ৰশ্ন উত্থাপন কৰে৷ ফেকাল্টিৰ অভাৱত শিক্ষা লাভ কৰা চিকিৎসা মহাবিদ্যালয়ৰ পৰা কেনেধৰণৰ উন্নত মানৰ চিকিৎসকৰ জন্ম হ’ব সেয়া সহজে অনুমেয় বুলিও সন্দেহ ব্যক্ত কৰে এ আই ইউ ডি এফে৷