Logo
image

হাইলাকান্দিত চাকৰি দিয়াৰ নামত ধন লৈ আৰক্ষীৰ জালত বিজেপি নেতা

‘আমাৰ অসম’ৰ হাইলাকান্দিৰ প্ৰতিনিধি, ২ জুনঃ চাকৰি দিয়াৰ নামত বিভিন্ন জনক প্ৰৱঞ্চনা কৰি এইবাৰ আৰক্ষীৰ জালত পৰিছে হাইলাকান্দিৰ এজন বিজেপি নেতা৷ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যবাহী সদস্য এই বিজেপি নেতাজনৰ নামত আনছাৰুল হক৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপি চৰকাৰখনৰ কেইবাজনো প্ৰভাৱশালী মন্ত্ৰীৰ সৈতে ঘনিষ্ঠ বুলি পৰিচয় দি ছ’চিয়েল মিডিয়াত প্ৰচাৰ চলোৱাত এইজন বিজেপি নেতাৰ বিৰুদ্ধে শেহতীয়াকৈ উত্থাপিত হৈছে চাকৰি দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন সংগ্ৰহৰ দৰে গুৰুতৰ অভিযোগ৷ হাইলাকান্দি জিলাৰ কাটলিছেৰা আৰক্ষী চকীত অলপতে আনছাৰুলৰ বিৰুদ্ধে কেইবাজনো লোকে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰে৷ ইয়াৰ পাছতে তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰি আটক কৰে৷ জানিব পৰা মতে এইজন বিজেপি নেতাই হাইলাকান্দি জিলাত চাকৰি প্ৰাৰ্থীকে ধৰি বিভিন্নজনৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰিছিল৷ হাইলাকান্দিৰ ধলাই মলাই চতুৰ্থ খণ্ডৰ বাসিন্দা এইজন বিজেপি নেতাৰ বিৰুদ্ধে আছে আন কেইবাটাও প্ৰৱঞ্চনাৰ গোচৰ৷ সম্প্ৰতি কাটলিছেৰা আৰক্ষীয়ে আনছাৰুলক ধাৰাবাহিক জেৰা অব্যাহত ৰাখিছে৷