Logo
image

ৰাজ্যত তাপপ্ৰৱাহ, স্কুল বন্ধৰ দাবী

স্বাভাৱিক মাত্ৰাতকৈ কমেও ৬-৮ ডিগ্ৰী অধিক তাপমাত্ৰা আৰু ইয়াৰ লগত তাল মিলাই বৃদ্ধি পোৱা আদ্ৰৰ্তাজনিত অস্বস্তিয়ে সমগ্ৰ ৰাজ্যবাসীক যোৱা এসপ্তাহ ধৰি জীয়াতু ভোগাইছে৷ এটোপালো বৰষুণৰ দেখাদেখি নোহোৱাৰ ফলত ৰাজ্যত বিগত প্ৰায় এসপ্তাহ ধৰি চলি থকা ৩৭-৩৮ ডিগ্ৰী চেলছিয়াচ তাপমাত্ৰা ঘৰৰ বাহিৰত ওলাই সোমাই থকাসকলৰ বাবে ৪৫ ডিগ্ৰীতকৈয়ো অধিক  তাপমাত্ৰা যেন অনুভূত হৈছে৷ এনে সময়ত প্ৰাপ্তবয়স্কই সহ্য কৰিব নোৱাৰা তাপপ্ৰৱাহ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে স্বাভাৱিকতে সম্পূৰ্ণৰূপে অসহনীয় হৈ পৰিছে৷ এই পৰিস্থিতিত ৰাজ্যৰ অভিভাৱকে তাপপ্ৰৱাহৰ অত্যাচাৰলৈ চাই স্কুল-কলেজসমূহৰ গ্ৰীষ্মৰ বন্ধ আগতীয়াকৈ দিবলৈ দাবী উত্থাপন কৰিছে৷ চৰকাৰৰ ওচৰত আহ্বান জনাইছে, শিশু-কিশোৰ ছাত্ৰ-ছাত্ৰীসকলৰ এই অসহনীয় অৱস্থালৈ চাই চৰকাৰে গ্ৰীষ্মৰ বন্ধ আগুৱাই আনক৷ সাধাৰণতে চৰকাৰী স্কুলত গ্ৰীষ্মৰ বন্ধ ১ জুলাইৰ পৰা আৰম্ভ হয়৷ আজি ২ জুনতে সমগ্ৰ ৰাজ্যক যি তাপপ্ৰৱাহে কোবাই গৈছে সেয়া কম বয়সীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে সহ্য কৰাটো কঠিন হৈ পৰিছে৷ এই পৰিস্থিতি অনুভৱ কৰিয়েই চৰকাৰে যাতে গ্ৰীষ্মৰ বন্ধ আগতীয়াকৈ ঘোষণা কৰে তাৰ অনুৰোধ জনাইছে অভিভাৱকসকলে৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন স্কুলত নিতৌ ছাত্ৰ-ছাত্ৰী মুৰ্চা যোৱাৰ ঘটনা ঘটিছে৷ শুকুৰবাৰে শোণিতপুৰ জাতীয় বিদ্যালয়ত ১১ জন শিক্ষাৰ্থীয়ে প্ৰচণ্ড তাপ সহ্য কৰিব নোৱাৰি মুৰ্চা যোৱাৰ খবৰ আহিছে৷ আনকি প্ৰচণ্ড ‘হিট ৱেভ’ত দুদিন পূৰ্বে এজন আৰক্ষীৰ মৃত্যু হৈছে৷ প্ৰাপ্তবয়স্ক ব্যক্তিয়েই সহ্য কৰিব নোৱাৰা এনে প্ৰচণ্ড তাপপ্ৰৱাহ কিদৰে শিশু-কিশোৰ ছাত্ৰ-ছাত্ৰীয়ে সহ্য কৰিব পাৰিব সেই লৈ স্বাভাৱিকতে অভিভাৱকসকল উদ্বিগ্ন হৈ পৰিছে৷ সমান্তৰালভাৱে অৱশ্যে আন এটা প্ৰশ্নও উত্থাপন হৈছে৷ জুনৰ আৰম্ভণিৰ পৰাই হোৱা এই তাপপ্ৰৱাহ ৰাজ্যত অহা ছেপ্টেম্বৰ পৰ্যন্ত অব্যাহত থাকিব৷ যদিহে বিগত দুই-তিনি বছৰৰ দৰে ছেপ্টেম্বৰ পৰ্যন্ত গ্ৰীষ্মৰ তাপপ্ৰৱাহ অব্যাহত থাকে তেন্তে ইমান দীঘলীয়াকৈ স্কুল-কলেজসমূহ কিদৰে বন্ধ ৰাখিব? এনে পৰিস্থিতিত একাংশ অভিভাৱকে বিকল্প উপায়ৰ কথাও চৰকাৰক চিন্তা কৰিবলৈ আহ্বান জনাইছে৷ তেনে একাংশ অভিভাৱকৰ মতে স্কুল-কলেজৰ পাঠদানৰ সময় এই গ্ৰীষ্মৰ সময়ত পুৱা ৭ বজাৰ পৰা আৰম্ভ কৰা হওক আৰু সেয়া ১১ বজাত শেষ কৰা হওক৷ কিয়নো সেই সময়ত তাপমাত্ৰা দুপৰীয়াৰ তুলনাত বহু পৰিমাণে হ্ৰাস হৈ থাকে৷ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ অভিভাৱকে সামগ্ৰিকভাৱে জনোৱা এটাই দাবী– বিশ্ব উষ্ণায়নৰ ফলত সম্প্ৰতি জলবায়ু সলনি হৈছে৷ আজিৰ পৰা ২০-৩০ বছৰ পূৰ্বে অসমৰ জলবায়ু যেনেধৰণৰ আছিল এতিয়াৰ জলবায়ু আৰু বতৰ তাতকৈ বহু সলনি হ’ল৷ এতিয়া তাপপ্ৰৱাহ পূৰ্বতকৈ দীঘলীয়া সময়ৰ বাবে স্থায়ী হয়৷ সেয়ে বাস্তৱ পৰিস্থিতি উপলব্ধি কৰি চৰকাৰে তাৰ সৈতে খাপ খোৱাকৈ স্কুল-কলেজৰ গ্ৰীষ্মৰ বন্ধ আৰু পাঠদানৰ সময় সলনি কৰাটো সময়ৰ আহ্বান হিচাপে পৰিগণিত হৈছে৷ ৰাজ্যৰ শিক্ষা বিভাগে এই পৰিস্থিতি দেখিও নেদেখাকৈ থাকিলে সেই শাস্তিৰ সিংহভাগ কিশোৰ-কিশোৰী শিক্ষাৰ্থীয়ে মূৰ পাতি ল’বলগীয়া হ’ব৷ এনে ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰু বিশেষকৈ শিক্ষা বিভাগে পৰিস্থিতি উপলব্ধি কৰি পৃথক ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে অভিভাৱকে৷ সেই পৃথক ব্যৱস্থাৰ কথাও অনেক সচেতন অভিভাৱকে উল্লেখ কৰিছে৷ হয় গ্ৰীষ্মৰ বন্ধ আগতীয়া কৰি দিয়ক, নহয় পাঠদানৰ সময় পুৱাৰ পৰাই আৰম্ভ কৰক৷ সিদ্ধান্ত চৰকাৰৰ৷ 

বিগত প্ৰায় এসপ্তাহ ধৰি গুৱাহাটী মহানগৰী আৰু ৰাজ্যৰ সকলো জিলা আৰু চহৰত তাপমাত্ৰা ৩৭ ডিগ্ৰীতকৈ অধিক হৈ আছে৷ শুকুৰবাৰে বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা বিগত ২৪ ঘণ্টাত গুৱাহাটীত সৰ্বাধিক তাপমাত্ৰা আছিল ৩৭.৭ ডিগ্ৰী চেলছিয়াচ৷ এয়া সচৰাচৰ এইটো সময়ত হোৱা তাপমাত্ৰাতকৈ ৬.৭ ডিগ্ৰী চেলছিয়াচ অধিক৷ আনহাতে যোৱা  ২৪ ঘণ্টাত ডিব্ৰুগড়ৰ সৰ্বাধিক তাপমাত্ৰা আছিল ৩৬.৮ ডিগ্ৰী চেলছিয়াচ, তেজপুৰৰ ৩৬.২ ডিগ্ৰী চেলছিয়াচ, শিলচৰৰ ৩৫.৪ ডিগ্ৰী চেলছিয়াচ, ধুবুৰীৰ ৩৮.৩ ডিগ্ৰী চেলছিয়াচ, যোৰহাটৰ ৩৬.৪ডিগ্ৰী চেলছিয়াচ, উত্তৰ লখিমপুৰৰ ৩৭.৪ ডিগ্ৰী চেলছিয়াচ৷ ইয়াৰ ডিব্ৰুগড়ৰ তাপমাত্ৰা এই সময়ছোৱাত সচৰাচৰ হোৱাতকৈ ৬.০ ডিগ্ৰী চেলছিয়াচ, তেজপুৰৰ  ৪.৪ ডিগ্ৰী চেলছিয়াচ, শিলচৰৰ ৩.৫ ডিগ্ৰী চেলছিয়াচ, ধুবুৰীৰ ৪.৬ ডিগ্ৰী চেলছিয়াচ, যোৰহাটৰ ৪.৮ ডিগ্ৰী চেলছিয়াচ, উত্তৰ লখিমপুৰৰ ৬.১ ডিগ্ৰী চেলছিয়াচ অধিক৷ এই তালিকালৈ চালেই সমগ্ৰ ৰাজ্যত যে ভয়ংকৰ তাপপ্ৰৱাহ চলি আছে সেয়া সহজেই অনুমান কৰিব পাৰি৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ মন্তব্য অনুসৰি এটোপালো বৰষুণ নোহোৱাৰ বাবে তাপপ্ৰৱাহ বৃদ্ধি পাইছে৷ বৰষুণৰ দেখাদেখি নথকাৰ ফলত এই তাপপ্ৰৱাহ প্ৰকৃত তাপপ্ৰৱাহতকৈ অধিক যেন অনুভূত হৈছে৷ অৰ্থাৎ ৰাজ্যবাসীয়ে অধিক তাপ সহ্য কৰিবলগীয়া হৈছে৷ মাজতে যদিহে সামান্য পৰিমাণেও বৰষুণ হ’লহেঁতেন তেতিয়া তাপমাত্ৰা স্বাভাৱিকভাৱে হ্ৰাস পালেহেঁতেন৷ এতিয়া বৰষুণ নোহোৱাৰ বাবে তাপমাত্ৰা হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নোহোৱা হৈ পৰিছে৷  কেৱল সহ্য কৰিবলগীয়া হৈছে আগতীয়া গ্ৰীষ্মৰ তাপ আৰু তাপ৷ প্ৰকৃত গ্ৰীষ্ম আহি উপস্থিত নৌহওতেই আৰম্ভ হোৱা তাপপ্ৰৱাহে সেয়ে সকলোকে দহি পেলাইছে৷ বতৰ বিজ্ঞান কেন্দ্ৰ এই মুহূৰ্ততো ৰাজ্যবাসীৰ বাবে বিশেষ স্বস্তিৰ খবৰ দিব পৰা নাই৷ কিয়নো শনিবাৰে গধূলিৰ পূৰ্বে গুৱাহাটী মহানগৰীত বৰষুণৰ কোনো সম্ভাৱনা নাই৷ একেদৰে ৰাজ্যৰ অন্যান্য স্থানতো অহা ২৪ ঘণ্টাৰ ভিতৰত বৰষুণৰ সম্ভাৱনা প্ৰায় শূন্য বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে৷ সেয়ে এই মুহূৰ্তত এতিয়া ৰাজ্যবাসীয়ে আবতৰীয়া তাপপ্ৰৱাহ সহ্য কৰাৰ গত্যন্তৰ নাই৷

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰৰ সংযোজনঃ উৎকট গৰম সহ্য কৰিব নোৱাৰি আজি তেজপুৰৰ শোণিতপুৰ জাতীয় বিদ্যালয়ৰ ১১জন শিক্ষাৰ্থী শ্ৰেণীতে অসুস্থ হৈ পৰে৷ প্ৰথমে বিদ্যালয়খনৰ অষ্টম শ্ৰেণীৰ দুগৰাকী ছাত্ৰী মূৰৰ ঘূৰণি আৰম্ভ হয় আৰু ক্ৰমাৎ উশাহ লোৱাত অসুবিধা অনুভৱ কৰে৷ লগে লগে বিদ্যালয় কতৃৰ্পক্ষই নিকটৱৰ্তী গেইট সুখদা হাস্পতাললৈ নিয়া হয়৷ কিন্তু ইয়াৰ পাছতে বিদ্যালয়খনৰ তৃতীয় শ্ৰেণীৰ আন তিনিগৰাকী ছাত্ৰী অসুস্থ হয়৷ তেনেদৰে অষ্টম শ্ৰেণীৰ মুঠ ছজন ছাত্ৰ-ছাত্ৰী, ষষ্ঠ শ্ৰেণীৰ দুজন ছাত্ৰ অসুস্থ হয়৷ ইয়াৰে নজন শিক্ষাৰ্থীক গেইট সুখদা হাস্পতালত চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে আন দুজন ছাত্ৰক ব্যপ্তিষ্ট মিছন হাস্পতালত চিকিৎসা প্ৰদান কৰি অভিভাৱকসকলক চমজাই দিয়ে৷ চিকিৎসকে অত্যন্ত গৰম সহ্য কৰিব নোৱৰাৰ বাবেই এনে হোৱা বুলি কয়৷ আজিৰ দিনটোত তেজপুৰত ৩৭ ডিগ্ৰী ছেলচিয়াচ উত্তাপৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হয়৷  ইফালে তেজপুৰ চহৰৰ মাজমজিয়াত থকা তেজপুৰ চৰকাৰী বালক বেংগলী বিদ্যালয়তো আজি দহজন শিক্ষাৰ্থী অসুস্থ হয়৷ বিগত দুদিনত বহুসংখ্যক শিক্ষাৰ্থী অসুস্থ হৈ পৰে গৰমৰ বাবে৷ উল্লেখ্য, গৰম বৃদ্ধি পোৱাৰ বাবে ইতিমধ্যে কেইখনমান বেচৰকাৰী বিদ্যালয়ে অৰ্ধ ছুটী দিয়াৰ ব্যৱস্থা কৰাৰ বিপৰীতে বহুসংখ্যক চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত তেনে ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত আৰু সঘনাই বিদ্য়ুৎ কৰ্তনৰ বাবে ফেন আদি চলাব নোৱৰা অৱস্থাত অসহ্য গৰমতো পাঠদান অব্যাহত ৰাখিছে৷