Logo
image

৩খন ৰে’লৰ কোনে কিদৰে খুন্দিয়ালে এতিয়াও ৰহস্যাবৃত

‘আমাৰ অসম’, ৪ জুনঃ ওড়িশাৰ বালাছ’ৰৰ বাহনাগা বাজাৰ ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাটোত কোনখন ৰে’লে কোনখনক খুন্দা মাৰিলে আৰু কিদৰে খুন্দা মাৰিলে সেয়া এতিয়াও স্পষ্ট নহয়৷ ঘটনাত তিনিখন ৰে’লৰ সংঘৰ্ষ হোৱাটো স্পষ্ট, কাৰণ ঘটনাস্থলীত তিনিখন ৰে’লৰ দবা ভাগি-ছিগি সিঁচৰতি হৈ পৰি আছে৷ কিন্তু আশ্চৰ্যজনকভাৱে ভাৰতীয় ৰে’ল বিভাগে প্ৰকাশ কৰা বিবৃতিত মালবাহী ৰে’লখনৰ কথা উল্লেখ নাই৷  তেওঁলোকে দুখন যাত্ৰীবাহী ৰে’ল অৰ্থাৎ কৰমণ্ডল এক্সপ্ৰেছ আৰু বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট ৰে’লগাড়ীহে দুৰ্ঘটনাত পতিত হোৱা বুলি উল্লেখ কৰিছে৷ কিন্তু এখন মালবাহী ৰে’লো এই দুৰ্ঘটনাত পতিত হৈছে, যিখন মালভৰ্তি ৰে’ল বাহানাগা বাজাৰ ষ্টেচনৰ পৰা ৩০০ মিটাৰ নিলগত ৰখাই থোৱা হৈছিল৷ ইয়াৰ পূৰ্বে ভাৰতীয় ৰে’লৱে বিভাগৰ কাৰ্যবাহী সঞ্চালক অমিতাভ শৰ্মাই সংবাদ প্ৰতিষ্ঠান এএফপিক কোৱা অনুসৰি কৰমণ্ডল এক্সপ্ৰেছ ৰে’লগাড়ীখনৰ কেইবাটাও ডবা বাহানাগা বাজাৰ ষ্টেছনত সোমোৱাৰ পূৰ্বে লাইনচ্যুত হয় আৰু কৰমণ্ডলে ৰখাই থোৱা মালবাহী ৰে’লখনত গৈ খুন্দা মাৰে৷ সেই প্ৰচণ্ড খুন্দাত কৰমণ্ডল এক্সপ্ৰেছৰ চাৰিটা ডবা গৈ কাষৰ ট্ৰেকত পৰে৷ সেই সংঘৰ্ষ সংঘটিত হয় সন্ধিয়া ৬.৫০ বজাত৷ তাৰ বিশ মিনিট পাছতে কাষৰ চতুৰ্থ ট্ৰেকেৰে বিম্বাশবদে হাওৰা অভিমুখে আহি আছিল বেংগালুৰু-হাওৰা ছুপাৰফাষ্ট এক্সপ্ৰেছখন৷ সেই ছুপাৰফাষ্ট ৰে’লখনে তীব্ৰ গতিৰে আহি ট্ৰেকত পৰি থকা কৰমণ্ডল এক্সপ্ৰেছৰ চাৰিটা দবাত প্ৰচণ্ড জোৰত খুন্দা মাৰে৷ দ্বিতীয়টো সংঘৰ্ষ হয় সন্ধিয়া ৭.১০ বজাত৷ অথচ সেই মালবাহী ৰে’লখনত কৰমণ্ডল এক্সপ্ৰেছে পিছফালৰ পৰা খুন্দা মৰাটো এতিয়াও স্পষ্ট হৈ আছে৷ কিয়নো মালগাড়ীখনৰ শেষৰ কেইবাটাও দবা ভাঙি-ছিঙি কৰমণ্ডল এক্সপ্ৰেছৰ ইঞ্জিন তাৰ ওপৰত এতিয়াও উঠি আছে৷ মালভৰ্তি হৈ থকাৰ বাবেই কৰমণ্ডলৰ ইঞ্জিন মালগাড়ীৰ ওপৰত উঠি যোৱা বুলি ধাৰণা কৰা হৈছে৷ মাল নথকা হ’লে কৰমণ্ডলৰ ইঞ্জিন সেই দবাৰ ভিতৰত সোমাই গ’লহেঁতেন৷ কৰমণ্ডলে মৰা প্ৰচণ্ড খুন্দাৰ ফলতে কৰমণ্ডলৰ সন্মুখৰ চাৰিটা দবা উফৰি কাষৰ ট্ৰেকত গৈ পৰে, য’ত খুন্দা মাৰে বেংগালুৰু-হাওৰা এক্সপ্ৰেছে৷ ৰে’ল বিভাগে এই ঘটনাৰ উচ্ছ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে৷ ৰে’ল বিভাগৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ, ছিগনেলৰ ভুলৰ বাবেই কৰমণ্ডল এক্সপ্ৰেছে লুপ লাইনেৰে প্ৰৱেশ কৰি ৰখাই থোৱা মালগাড়ীখনত খুন্দা মাৰিলে৷ কিন্তু ৰে’ল বিভাগৰ পূৰ্বৰ বিবৃতি মতে তাৰ পূৰ্বেই কৰমণ্ডলৰ দবা লাইনচ্যুৎ হৈছিল৷ ভাৰতীয় ৰে’লে কিয় এনে পৰস্পৰবিৰোধী ভাষ্য প্ৰদান কৰিলে সেয়া ৰহস্যাবৃত৷ তদুপৰি কাৰ্যবাহী সঞ্চালক অমিতাভ শৰ্মাই মালগাড়ীৰ কথা উল্লেখ নকৰাটোও বিভ্ৰান্তিকৰ৷ কিন্তু এই দুৰ্ঘটনাই এটা বিষয় প্ৰমাণ কৰিলে– মোদীৰ মেক ইন ইণ্ডিয়াৰ থলুৱা প্ৰযুক্তি ‘কবচ’ চূড়ান্ত ব্যৰ্থ৷ এই ব্যৱস্থাই একে লাইনত থকা দুখন ৰে’লৰ সংঘৰ্ষ বন্ধ কৰে বুলি দাবী কৰিছিল ৰে’ল বিভাগে৷ ২০২২ চনত এই ‘কবচ’ প্ৰযুক্তি ৰে’ল মন্ত্ৰণালয়ে ‘ৰিচাৰ্ছ ডিজাইন এণ্ড ষ্টেণ্ডাৰ্ড’ৰ [আৰ ডি এছ অ’] সহযোগত তিনিটা ভাৰতীয় সংস্থাৰ জৰিয়তে নিৰ্মাণ কৰিছিল, য’ত ‘অটোমেটিক ট্ৰেইন প্ৰটেকশ্বন চিষ্টেম’ [এটিপি] থকা বুলি দাবী কৰা হৈছিল আৰু একেটা ট্ৰেকত দুখন ৰে’ল থাকিলে স্বয়ংক্ৰিয়ভাৱে গতিশীল ৰে’লখনৰ ইঞ্জিন ৰৈ যোৱাৰ কথা আছিল৷