Logo
image

প্ৰশাসনিক বিষয়া হোৱাৰ মন কলা শাখাত দ্বিতীয় স্থান লাভ কৰা দিয়া মন্তহৰ

ডিজিটেল সংবাদ, তেজপুৰঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত নগাঁৱৰ ৰামানুজন জুনিয়ৰ একাডেমীৰ পৰা দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হ'ল তেজপুৰৰ ঊষানগৰৰ নিবাসী প্ৰয়াত ব্যৱসায়ী হেমেন্দ্ৰ নাৰায়ণ মহন্ত (দিপ্লু) আৰু লিপিকা মহন্তৰ কন্যা দিয়া মহন্তই। ৯৭.৬ শতাংশ নম্বৰ লাভেৰে তেজপুৰলৈ সুনাম কঢ়িয়াই আনিলে দিয়াই। উল্লেখ্য যে দিয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ৯৭ শতাংশ নম্বৰ লাভ কৰিছিল। 

সত্ৰীয়া নৃত্য আৰু চিত্ৰকলাৰ ক্ষেত্ৰতো পাৰদৰ্শিতাৰ পৰিচয় দি অহা দিয়াই ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ মানসেৰে ৰামানুজনত নাম ভৰ্তি কৰি একাগ্ৰতাৰে অধ্যয়ন কৰি এই সফলতা লাভ কৰে৷ এই সফলতাৰ বাবে প্ৰয়াত পিতৃ আৰু মাতৃৰ আশীৰ্বাদৰ লগতে ৰামানুজনৰ অধ্যক্ষ সমন্বিতে সকলো শিক্ষাগুৰুৰে অৱদান আছে বুলি য়৷ উল্লেখ্য যে কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ হাবিয়াস থকাৰ কথা সদৰী কৰি ইতিমধ্যে চি ইউ ই টি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ কথা সদৰি কৰিছে দিয়াই।