Logo
image

মণিপুৰ জ্বলিছে, দিল্লীত অমিত শ্বাহৰ পদূলিত বিক্ষোভ

‘আমাৰ অসম’, ৮ জুনঃ সংঘৰ্ষ আৰম্ভ হোৱাৰ এমাহ পাছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰ্ণাটকৰ নিৰ্বাচন সামৰি-সুতৰি আহিছিল মণিপুৰৰ গোষ্ঠীসংঘৰ্ষৰ জুই নুমুৱাবলৈ৷ পিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ চাৰি দিনীয়া মণিপুৰ ভ্ৰমণ আৰু অসংখ্য বৈঠকৰ উপৰি ১৫ দিনৰ ভিতৰত ৰাজ্যখনৰ গোষ্ঠীগত দ্বন্দ্বৰ ৰাজনৈতিক সমাধানৰ আশ্বাসে কোনো কাম নিদিলে৷ ইয়াৰ বিপৰীতে মণিপুৰৰ সংঘৰ্ষৰ দাবানল পালেগৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পদুলি৷ মণিপুৰ জ্বলি থকা অৱস্থাতে  বুধবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসভৱনৰ সন্মুখত কুকি জনগোষ্ঠীৰ বিশাল দলে প্ৰতিবাদত উত্তাল কৰি বুজাই দিলে, মণিপুৰৰ দাবানলে দেশৰ ৰাজধানীও স্পৰ্শ কৰিছে৷ এই বিক্ষোভত হতভম্ব হৈ পৰে গৃহমন্ত্ৰী৷ উপায়হীন হৈ চাৰিজন বিক্ষোভকাৰীক অমিত শ্বাহৰ বাসভৱনৰ ভিতৰলৈ আলোচনাৰ বাবে যাবলৈ অনুমতি দিয়া হয় আৰু বাকী কুকি বিক্ষোভকাৰীক আৰক্ষীয়ে অমিত শ্বাহৰ পদুলিৰ পৰা যন্তৰ-মন্তৰলৈ স্থানান্তৰ কৰে৷ কোৱা বাহুল্য মাথোঁ, দুদিন পূৰ্বে এই গোষ্ঠীগত সংঘৰ্ষৰ অন্যতম জনগোষ্ঠী মেইটেই সম্প্ৰদায়ৰ বিশাল বাহিনীয়ে নতুন দিল্লীৰ যন্তৰ মন্তৰত প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ তাৰ মাজতে এটি ৭-৮ বছৰীয়া গুলীত আঘাতপ্ৰাপ্ত শিশুক মাতৃ আৰু আন এগৰাকী মহিলাক ৰাজধানী ইম্ফলৰ সমীপতে এম্বুলেন্সৰ ভিতৰতে জ্বলাই হত্যা কৰাৰ বীভৎস খবৰে চকু-কাণ থকা সকলোকে শিহৰিত কৰি তুলিছে৷

মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষ ক্ৰমাত নৃশংস হৈ পৰাৰ বাতৰিয়ে কেৱল উত্তৰ-পূৰ্বাঞ্চলকে নহয়, সমগ্ৰ দেশকে এতিয়া উদ্বিগ্ন কৰি তুলিছে৷ কুকি আৰু মেইটেই–দুটা জনগোষ্ঠীৰ মাজত যোৱা এমাহৰো অধিক দিন অব্যাহত থকা সংঘৰ্ষ যে নৃশংসতম হৈ উঠিছে, সেয়া শিশু-মাতৃসহ তিনিজনক উন্মত্ত জনতাই পুৰি মৰাৰ ঘটনাতে মুকলি হৈ পৰিছে৷ তদুৰি মণিপুৰৰ বিজেপি চৰকাৰখনৰ সংঘৰ্ষ ৰোধত ব্যৰ্থতা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী গোষ্ঠীগত দ্বন্দ্ব সমাধান কৰা দুৰেই, প্ৰশমিত কৰাতো যে ব্যৰ্থ সেয়া লজ্জাজনকভাৱে প্ৰমাণিত হৈছে৷ শেহতীয়া এই ঘটনাই মণিপুৰৰ প্ৰকৃত পৰিস্থিতি সকলোৰে সন্মুখত লাজলগাকৈ উদঙাই দেখুৱাইছে৷ উল্লেখ্য, এটি সংঘৰ্ষত আহত শিশুক মাতৃ আৰু আন এগৰাকী মহিলাসহ জীৱন্তে এম্বুলেন্সৰ ভিতৰত পুৰি মৰাৰ ঘটনাটো সংঘটিত হয় যোৱা দেওবাৰে৷ আছাম ৰাইফলছৰ এজন বিষয়াই এই ঘটনা পোহৰলৈ অনাত সেই বাতৰিয়ে বুধবাৰে দেশৰ সংবাদ শিৰোনাম দখল কৰিছে৷ উন্মত্ত জনতাৰ হাতত নিহত শিশুটি হৈছে টংগছিং, তেওঁৰ মাতৃ মীনা আৰু লিডিয়া লৰেমবাম নামৰ এগৰাকী মহিলা৷ সেই উন্মত্ত দলটোৱে দেওবাৰে তিনিওকে পুৰি মাৰে৷ মীনা মেইটেই যদিও তেওঁ জছুৱা হাগছিং নামৰ এজন কুকিলৈ বিয়া হৈছিল৷ লিডিয়াও মেইটেই, কিন্তু তেওঁ কুকিপ্ৰধান কাংছুপ গাঁৱত মীনাহঁতৰ প্ৰতিৱেশী হিচাপে বসবাস কৰিছিল৷ তাৎপৰ্যপূৰ্ণ এয়াই যে তেওঁলোকক জ্বলাই দিয়া উন্মত্ত দলটো আছিল মেইটেই সম্প্ৰদায়ৰ৷

কেইদিনমান পূৰ্বে তেওঁলোকে আক্ৰমণৰ আশংকাত কাংপকপি জিলাৰ কাংছুপ গাঁৱৰ পৰা পলাই গৈ ওচৰৰ আছাম ৰাইফলছৰ শিবিৰত আশ্ৰয় ল’বলৈ আহিছিল৷ কিন্তু আছাম ৰাইফলছৰ শিবিৰক লক্ষ্য কৰি সংঘটিত আক্ৰমণত আগ্নেয়াস্ত্ৰৰ গুলীৰ স্প্লিণ্টাৰে শিশু টংগছিঙৰ মূৰত আৰু মাতৃ মীনাৰ হাতত আঘাত হানে৷ দুয়োকে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিলেও তেওঁলোকৰ অৱস্থা ক্ৰমাৎ অৱনতি ঘটাত নিকটৱৰ্তী লেইমাখং চহৰ কিম্বা ২০ কিলোমিটাৰ দূৰৰ ৰাজধানী  ইম্ফললৈ উন্নত চিকিৎসাৰ বাবে নিয়া অপৰিহাৰ্য হৈ পৰে৷ কিন্তু দুয়ো পথতে আছিল বিপদ৷ অৱশেষত পশ্চিম  ইম্ফল জিলাৰ আৰক্ষী অধীক্ষক এছ ইব’মছাই বাহিনীসহ নিজে সুৰক্ষা দিয়াত আহতসকলক  ইম্ফললৈ লৈ অনা হয়৷ কিন্তু শিবিৰৰ পৰা ৫ কিলোমিটাৰ অহাৰ পাছতে এদল উন্মত্ত মেইটেই লোকে তেওঁলোকক আগভেটি ধৰে৷ উন্মত্ত বাহিনীটোৰ আক্ৰমণত আৰক্ষী অধীক্ষক এছ ইব’মছা নিৰাপত্তা বাহিনীসহ পলাই পত্ৰং দিয়ে৷ তেতিয়া মেইটেই উন্মত্ত বাহিনীটোৱে এম্বুলেন্সত থকা প্ৰত্যেকৰে নাম, সম্প্ৰদায় সকলো খবৰ লৈ এম্বুলেন্সসহ জ্বলাই দিয়ে৷ মীনা কুকিলৈ বিয়া হোৱা আৰু লিডিয়া কুকিপ্ৰধান অঞ্চলত থকাই আছিল সেই দলটোৰ মতে অপৰাধ৷ আনহাতে শিশু টংগছিঙৰ অপৰাধ হ’ল তেওঁৰ পিতৃ কুকি৷ মেইটেই সম্প্ৰদায় মণিপুৰৰ সবাটোকৈ আগবঢ়া৷ আৰ্থিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিকভাৱে মেইটেইসকল ৰাজ্যৰ উন্নত সম্প্ৰদায় হ’লেও এই গোষ্ঠীগত সংঘৰ্ষৰ ক্ষেত্ৰত তেওঁলোক কুকিৰ সৈতে সমানেই নৃশংস হৈ পৰিছে৷ শেহতীয়া নৃংশসতম ঘটনাই তাকে প্ৰতীয়মান কৰিছে৷