Logo
image

ৰহাত ৫ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

ডিজিটেল সংবাদ, ৰহাঃ নগাঁও জিলাৰ ৰহা ৰাজহ চক্ৰ কাৰ্যালয়ত শুকুৰবাৰে ঘোচ লৈ হাত ডাঙিলে এজন লাট মণ্ডলে। জানিব পৰা‌ মতে, অভিযুক্ত লাট মণ্ডল জনৰ নাম দিলীপ ৰয়। অভিযোগ মতে, জৰাবাৰী-৭ লাটৰ লাট মণ্ডল দিলীপ ৰয়ে এজন ব্যক্তিৰ মাটি থকা প্ৰমাণপত্ৰ আৰু টেষ্টমেপ প্ৰদানৰ নামত ২০ হাজাৰ টকা উৎকোচ বিচাৰিছিল। আবেদনকাৰীয়ে উক্ত ধন দিবলৈ মান্তি নোহোৱাত লাট মণ্ডল দিলীপ ৰয়ে বহুদিন ধৰি বিভিন্ন অজুহাট দেখুৱাই প্ৰমাণ পত্ৰ প্ৰদান কৰা নাছিল। কিন্তু পৰৱৰ্তী সময়ত দিলীপ ৰয়ে ১৫ হাজাৰ টকাত হ'লেহে উক্ত প্ৰমাণ পত্ৰ দিয়া হ'ব বুলি কোৱাত উপায়ন্ত হৈ অভিযোগকাৰীয়ে দুৰ্নীতি নিবাৰক শাখাত গোচৰ দিয়ে। এই গোচৰৰ ভিত্তিত ৰহা ৰাজহ চক্ৰ কাৰ্যালয়ত উপস্থিত হৈ নগদ ৫ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই লাট মণ্ডল দিলীপ ৰয়ক গ্ৰেপ্তাৰ কৰে। 

উল্লেখ্য যে ৰহা ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ একাংশ লাট মণ্ডলে বিগত বহু দিনৰ পৰা সাধাৰণ জনতাৰ পৰা উৎকোচ বিচৰা বুলি অভিযোগ উত্থাপন হৈ আহিছে। সাধাৰণ ৰাইজক এটা সামান্য কামৰ বাবেই মাহৰ পাছত মাহ ঘূৰাই  হাৰাশাস্তি  কৰাৰ লগতে টকা সৰকোৱাৰো অভিযোওগ উত্থাপন হৈছে । অভিযোগ অনুসৰি, এই  কাম পৰিচালনা কৰে এগৰাকী মহিলা কৰ্মচাৰীয়ে। এই দুৰ্নীতিত জড়িত কৰ্মচাৰীৰ লগত ৰাজহ চক্ৰ বিষয়াৰ গোপন লেনদেনৰ বাবে চক্ৰ বিয়ষাৰ কাৰ্যালয়ৰ সন্মুখৰ দুৱাৰ বন্ধ কৰি ভিতৰত দুৱাৰেদি এইসকল কৰ্মচাৰীৰ সঘন অহা-যোৱা হয় । সাধাৰণ ৰাইজে কাৰ্যালয়টোৰ ভিতৰলৈ যাবলৈ ভয় কৰা ৰহা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ আয়ৰ হিচাপ চৰকাৰক তদন্ত কৰিবলৈ দাবী জনাইছে একাংশ ভুক্তভোগী ৰাইজে ।