Logo
image

লোক নিৰ্মাণ বিভাগৰ কামত অখিল গগৈৰ ছাডেন ভিজিটঃ ৯.২৫ কোটি টকীয়া বি এড কলেজৰ নৱনিৰ্মিত ভৱনৰ বিসংগতি ধৰা পেলালে অখিল গগৈয়ে

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অহা মাহত উদ্বোধন কৰিবলগীয়া শিৱসাগৰ বেতবাৰীৰ মৌজাৰ ভাধৰাত বি এড কলেজৰ বিল্ডিং নিৰ্মাণত চূড়ান্ত বিসংগতি, অনিয়ম পোহৰলৈ আহিছে। অসম চৰকাৰে আবণ্টন দিয়া ৯.২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ভৱনটো উদ্বোধন কৰিবলৈ এমাহ বাকী থকা অৱস্থাত ব্যাপক বিসংগতি ধৰা পৰাৰ লগতে দুৰ্নীতিৰ ছবিখন স্পষ্ট হৈ পৰিছে। স্থানীয় বিধায়ক অখিল গগৈয়ে ভাধৰাত উপস্থিত হৈ অভিযন্তা, ঠিকাদাৰক লগত লৈ বি এড কলেজৰ নৱনিৰ্মিত ভৱনটো নিৰীক্ষণ কৰি পোহৰলৈ আনে অনিয়মৰ ছবি। নৱনিৰ্মিত বিল্ডিঙটোৰ কোঠাসমূহৰ বিভিন্ন অংশত ফাঁট মেলাৰ লগতে ভৱনটিৰ মজীয়াসমূহ বখলা-বখলে এৰাই গৈছে। তদুপৰি উক্ত বৃহৎ অংকৰ ধনৰাশি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা শৌচাগাৰসমূহ প্ৰত্যক্ষ কৰিও সকলোৰে চকু কঁপালত উঠিছে। অতি ঠেক পৰিসৰত শৌচাগাৰসমূহ নিৰ্মাণ কৰা হৈছে। 

ইপিনে বিল্ডিঙটোৰ বিভিন্ন অংশত চিৰাল ফাঁট দিয়া প্ৰত্যক্ষ কৰি দায়িত্বত থকা লোহিত চন্দ্ৰ গগৈ নামৰ ঠিকাদাৰ আৰু অভিযন্তাগৰাকীক বাৰুকৈয়ে ধমক দিয়ে। চৰকাৰে ৯ কোটি ২৫ লাখ টকা আবণ্টন দিয়া স্বত্ত্বেও কিয় ইমান নিম্নমানৰ কাম তথা নিৰ্মাণ কাৰ্য হ'ল অভিযন্তা আৰু ঠিকাদাৰক স্থানীয় ৰাইজৰ সন্মুখতে প্ৰশ্ন কৰে বিধায়ক অখিল গগৈয়ে। অভিযন্তাগৰাকীয়ে বিষয়টো তদন্ত কৰাৰ আশ্বাস দিয়ে যদিও সংশ্লিষ্ট ঠিকাদাৰগৰাকীয়ে উত্তৰ দিবলৈ অসমৰ্থ হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত বিধায়কগৰাকীয়ে অনতি পলমে এই অনিয়মৰ বিৰুদ্ধে গোচৰ তৰাৰ নিৰ্দেশ দিয়ে অভিযন্তা আৰু এছ ডি অ'গৰাকীক। অন্যথা বিধায়কগৰাকীয়ে নিজেই দুৰ্নীতিগ্ৰস্ত সকলৰ বিৰুদ্ধে গোচৰ তৰিব বুলি সকিয়াই দিয়ে। 

বহু সংখ্যক শ্ৰেণী কোঠা থকা সমগ্ৰ ভৱনটো নীৰিক্ষণ কৰি বিধায়ক অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে শিৱসাগৰবাসীয়ে বহু দিনৰ পৰাই এখন উন্নত মানৰ বি এড কলেজ নিৰ্মাণৰ বাবে দাবী জনাই আহিছে। নৱ নিৰ্মিত ভৱনটো উদ্বোধন কৰাৰ পূৰ্বে সমষ্টিৰ বিধায়ক হিচাপে নীৰিক্ষণ কৰাটো মোৰ দায়িত্ব। আহি যি দেখিলোঁ মোৰ কল্পনাৰো অগোচৰ। ইমান নিম্ন মানৰ কাম মই বিধায়ক হোৱাৰ পিছত ক'তো দেখা নাই। কংগ্ৰেছ চৰকাৰৰ দিনত অতি নিম্ন মানৰ অংগনবাড়ী কেন্দ্ৰ কিছুমান দেখিছিলোঁ। তেনেকুৱা নিম্ন মানৰ কাম যে এতিয়াও কৰিব ভবা নাছিলোঁ। প্ৰতিটো কোঠাতে বিভিন্ন ঠাইত ফাঁট মেলিছে। শৌচাগাৰ কিছুমানো আচৰিত ধৰণৰ। কোনোবা শৌচাগাৰত সোমালে দুৱাৰখন খুলি ৰাখিব লাগিব, মানুহ সোমালে তাত বাল্টি এটা সোমোৱাই থব পৰা নহ'ব। লক্ষ্যণীয় যে ঠিকাদাৰগৰাকীয়ে কেনেদৰে নিৰ্মাণ কাৰ্য কৰোৱাইছিল সেয়া নীৰিক্ষণ কৰাৰ দায়িত্ব অভিযন্তাগৰাকীৰ। কিন্তু সঠিকভাৱে অভিযন্তাগৰাকীয়েও নীৰিক্ষণ নকৰাৰ বাবেই ঠিকাদাৰে নিম্ন মানৰ কাম কৰি লুণ্ঠন চলোৱাৰ ফন্দি পাতিছে নে ঠিকাদাৰৰ সৈতে অভিযন্তায়েও গোপন মিতিৰালি কৰিছে তাকলৈ প্ৰশ্ন উত্থাপন হৈছে। আনহাতে ভৱনটো মুকলি কৰাৰ আগেয়ে বিধায়ক অখিল গগৈয়ে নীৰিক্ষণ কৰি বিসংগতি পোহৰলৈ অনাত বেতবাৰী মৌজাবাসীয়ে কৃতজ্ঞতা প্ৰকাশ কৰিছে।