Logo
image

গৰম কমিছে ; পানী বাঢ়িছে

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ মানুহে উত্তৰ পূবত গৰমৰ দিনত সহজে যাব পৰা শীতল বা ঠাণ্ডা ঠাই বুলিলে সততে গুৱাহাটীৰ পৰা মাত্ৰ ১০০ কিলোমিটাৰ নিলগৰ মেঘালয়ৰ ৰাজধানী শ্বিলঙকে বুজি আহিছে।  যাৰ বাবে গৰমৰ দিনত অৱসৰ বিনোদনৰ বাবে অসমৰ আন ঠাইৰ দৰে গুৱাহাটীৰ বহু লোক পৰিয়ালসহ শ্বিলং চহৰলৈ যায় । কিন্তু দক্ষিণ পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত বিগত প্ৰায় দহদিন ধৰি ৰাজ্যৰ সকলো অঞ্চলতে কম বেছি পৰিমাণে বৰষুণ হৈ থকাত তাপমাত্ৰা স্বাভাৱিকতকৈ বহুখিনি কমি যোৱাত ৰাইজে গৰমৰ পৰা বহু সকাহ লাভ কৰিছে। আনকি কিছু কিছু অঞ্চলত নিশাৰ ভাগত ওলোটাই শীত অনুভৱ হৈছে। উল্লেখযোগ্য যে ৯ জুনৰ পৰা পৰা অসম, অৰুণাচল প্ৰদেশ, মেঘালয়কে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে বেছিভাগ ঠাইত পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ আৰু কেতবোৰ ঠাইত গাজনী-ঢেৰেকনীৰ সৈতে প্ৰৱল বৃষ্টিপাত হৈছে। আনকি অৰুণাচল প্ৰদেশত স্বাভাৱিকতকৈ অত্যাধিক পৰিমাণৰ বৰষুণ হোৱা বাবে উজনি অসম আৰু উত্তৰ অসমৰ বেছিভাগ নৈ-উপনৈৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰো জলপৃষ্ঠ বৃদ্ধি পাইছে। যাৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ পানী বাঢ়ি থকাৰ লগতে বিগত তিনিদিন ধৰি যোৰহাট জিলাৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ  ওপৰেৰে বৈ আছে। নিমাতীঘাটত দেওবাৰ সন্ধিয়া পৰ্যন্ত জলস্তৰৰ পৰিমাণ আছিল ৮৫.৫৭ মিটাৰ (বিপদসীমা: ৮৫.৫৪ মিটাৰ)। তেনেদৰে নৈ-উপনৈসমূহৰ ভিতৰত কপিলী আৰু পুঠিমাৰী নৈ কেতবোৰ ঠাইত বিপদসীমাৰ ওপৰেৰে বৈ আছে। বতৰ বিজ্ঞান কেন্দ্ৰই অহা চাৰিদিন ধৰি বতৰ অপৰিবৰ্তনীয় হৈ থাকিব বুলি সতৰ্কতা জাৰি কৰিছে। সেয়ে আগন্তুক দিনত বৰষুণৰ পৰিমাণ বৃদ্ধি পালে ৰাজ্যৰ বান পৰিস্থিতিৰ অধিক অৱনতি হোৱাটো নিশ্চিত। সমান্তৰালভাৱে ডাৱৰীয়া বতৰৰ লগতে পশ্চিমৰ পৰা ৰিবৰিবকৈ বতাহ অহৰহ বলি থকা বাবে বিগত প্রায় তিনি-চাৰিদিন ধৰি ৰাজ্যৰ কেতবোৰ অঞ্চলত নিশাৰ ভাগত আৱতৰীয় শীতৰ লগত ৰাইজে সহাৱস্থান কৰিবলগীয়া হৈছে। আনকি স্বাভাৱিকতকৈ তাপমাত্রা ২° ৰ পৰা ৭° ছেলছিয়াছ পর্যন্ত হ্রাস পোৱাত উজনি অসম আৰু উত্তৰ অসম, বৰাক উপত্যকাৰ কিছু ঠাইত শুকুৰবাৰৰ পৰা শ্বিলঙৰ দৰে শীত অনুভূত হৈছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি দিনে-নিশাই বৰষুণ হৈ থকা বাবে শুকুৰবাৰৰ পৰা তাপমাত্ৰাৰ নিম্নগামিতা আৰম্ভ হৈছে। শনিবাৰৰ দিনটোত শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২৫.০ ডিগ্ৰী চেলছিয়াছ । কিন্তু ইয়াৰ বিপৰীতে ডিব্ৰুগড়ত সর্বাধিক ২৪.০ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিপুৰত সৰ্বাধিক ২৪.৮ ডিগ্ৰী চেলছিয়াছ , শিলচৰত সৰ্বাধিক ২৪.৮ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা আছিল৷ তেনেদৰে ডিমা হাছাও জিলাৰ বেচিভাগ অঞ্চলৰে সৰ্বাধিক তাপমাত্ৰা শ্বিলং চহৰতকৈ বহু তলত আছিল। অৱশ্যে সর্বাধিক যান-বাহন চলাচল কৰা প্ৰদূষিত চহৰ হিচাপে পৰিচিত গুৱাহাটীত শনিবাৰৰ দিনটোত সৰ্বাধিক তাপমাত্রা আছিল ৩০.১ ডিগ্ৰী চেলছিয়াছ। ইফালে দেওবাৰৰ দিনটোতো তাপমাত্ৰাৰ এই নিম্নগামিতাৰ ধাৰা অব্যাহত থাকে। দেওবাৰৰ দিনটোত শ্বিলং চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২২.৮ ডিগ্ৰী চেলছিয়াছ। ইয়াৰ বিপৰীতে ডিব্ৰুগড়ৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২৩.৮ ডিগ্ৰী চেলছিয়াছ, শিলচৰ চহৰৰ সৰ্বাধিক তাপমাত্ৰা আছিল ২৪.৬ ডিগ্ৰী চেলছিয়াছ। আনহাতে, বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২২ জুন পর্যন্ত আগন্তুক চাৰিটা দিনত বতৰ অপৰিৱৰ্তিনীয় হৈ থকাৰ লগতে ঠাইবিশেষে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ আৰু দুই এঠাইত গাজনী, ঢেৰেকনী, ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাত হ'ব পাৰে বুলি আগতীয়া সতর্কতা জাৰি কৰিছে। ইফালে, গ্রীষ্মকালৰ মাহ হিচাপে পৰিচিত জুন মাহত শ্বিলঙৰ দৰে অসমৰ বহু ঠাইত ৰাইজক সাময়িকভাৱে শীতৰ আমেজ দিলেও কেইবাজনো পৰিৱেশ বিজ্ঞানীয়ে ইয়াক জলবায়ুৰ পৰিৱৰ্তন আৰু গোলকীয় উত্তাপৰ আগজাননী বুলি আশংকা ব্যক্ত কৰিছে। উল্লেখ্য, বিগত তিনি-চাৰিদিন ধৰি চুবুৰীয়া অৰুণাচল প্ৰদেশৰ লগতে ভূটান সীমান্তৱৰ্তী জিলা কেইখনত অভিলেখ পৰিমাণৰ বৰষুণ হৈ আছে। বতৰ বিজ্ঞানৰ ভাষাত ৬৫.৫  মিঃমিঃতকৈ অধিক পৰিমাণৰ বৰষুণ হ'লে তাক প্ৰৱল বৃষ্টিপাত বুলি কোৱা হয়। দেওবাৰ বিয়লি পর্যন্ত বিগত ২৪ ঘণ্টাত শিলচৰত ৬৭.২ মিঃমিঃ, ধুবুৰীত ৬০ মিঃমিঃ, উত্তৰ লখিমপুৰত ১৩.৩ মিঃমিঃ, গুৱাহাটীত ৩৪.৯ মিঃমিঃ, তেজপুৰত ৪৬.০ মিঃমিঃ পৰিমাণৰ বৰষুণ হৈছে৷ এই সময়চোৱাত বিশ্বৰ অন্যতম বৰষুণ হোৱা অঞ্চল হিচাপে পৰিচিত চেৰাপুঞ্জীত উত্তৰ-পূবৰ ভিতৰতে সৰ্বাধিক ১৭১.২  মিঃমিঃ পৰিমাণৰ বৰষুণ হৈছে।