Logo
image

লাহে লাহে বিলীন হোৱাৰ পথত সোণপাহি ঘাট

‘আমাৰ অসম’, ১৯ জুনঃ মৰাণ অঞ্চলৰ সংবাদসেৱীসকলৰ অন্যতম শক্তিশালী মঞ্চ মৰাণহাট প্ৰেছক্লাৱে ২০ জুনৰ দিনাবিষ্ণুৰাভা দিৱসৰ সৈতে সংগতি ৰাখি ৰূপায়ণ কৰিবলৈ লোৱা ব্যতিক্ৰমী কাৰ্যসূচীয়ে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ডিব্ৰুগড় জিলাৰ খোৱাং অঞ্চলৰ মাজেৰে বৈ যোৱা ডিমৌ নৈৰ এটা  বিশেষ ঘাটত মৰাণহাট প্ৰেছক্লাৱে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰাৰ লগতে বৰেণ্য শিল্পীগৰাকীৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে বিশেষ পদক্ষেপ গ্ৰহণৰ বাবে এই ব্যতিক্ৰম কাৰ্যসূচী হাতত লৈছে৷ উল্লেখ্য যে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই বৃটিছ চৰকাৰৰ হাতোৰাৰ পৰা হাত সাৰিবলৈ ডিব্ৰুগড় জিলাৰ বৃহত্তৰ খোৱাং অঞ্চলৰ বিভিন্ন গাঁৱত আত্মগোপন কৰি আছিল৷ খোৱাং অঞ্চলৰ ৰাইজে ৰাভাক আত্মগোপনৰ সময়ত সুৰক্ষা দিছিল৷ গাঁৱৰ চোতালৰ বৰমেলবোৰত ৰাভাই লগত লৈ ফুৰা খুটি তালযোৰ বজাই যেতিয়া গীত গাইছিল, তেতিয়া সহস্ৰজনে তধা লাগি চাইছিল, শুনিছিল৷ বিষ্ণু ৰাভাই হাতত ষ্টেনগান লৈ এফালে বিপ্লৱ কৰিছিল আৰু আনফালে তুলিকা-কলম লৈ কৃষ্টি-সংস্কৃতিক কঢ়িয়াই লৈ ফুৰিছিল৷ বৃহত্তৰ খোৱাং অঞ্চলৰ লোক-জীৱনত কলাগুৰু বিষ্ণুৰাভা পাহৰিব নোৱৰা ব্যক্তিত্বত, জনজীৱনত নায়কত পৰিণত হৈছিল৷ ন-হাজাৰ, নাহৰণি, গন্দৈগুৰি, হালধিবাৰী কোঁৱৰ গাঁও, বুঢ়ীখোৱাং আদি গাঁৱৰ বহু লোকে বিষ্ণু ৰাভাৰ সান্নিধ্য পাইছিল৷ ইয়াৰে কিছুমান স্বৰ্গগামী হৈছে যদিও এতিয়াও বহুকেইজন লোক জীয়াই আছে৷ তেওঁলোকে বিষ্ণু ৰাভাৰ সান্নিধ্যৰ কথা আজিও স্মৰণ কৰি গৌৰৱবোধ কৰে৷ খোৱাং অঞ্চলৰ মাজেৰে বৈ যোৱা ডিমৌ নৈৰ গন্দৈগুৰি গাঁৱত থকা এটা ঘাটত বিষ্ণুপ্ৰসাদ ৰাভাই বৰশী বোৱাৰ দৃশ্য প্ৰত্যক্ষ কৰা ব্যক্তি আজিও সেই অঞ্চলত আছে৷ এনেবোৰ প্ৰামাণিক তথ্যৰ ওপৰতে ভিত্তি কৰি ২০০৮ চনৰ ২৬ ডিচেম্বৰত মৰাণ শাখা সাহিত্য সভাৰ দ্বাৰা খোৱাঙত অনুষ্ঠিত বিষ্ণুৰাভাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানতেই কলাগুৰুৰ নিকট সান্নিধ্য লাভ কৰা অঞ্চলটোৰ এগৰাকী পুৰোধা ব্যক্তি ঈশ্বৰ প্ৰসাদ বৰুৱাই ঘাটটোৰ নামকৰণ আৰু সংৰক্ষণৰ প্ৰস্তাৱ দাঙি ধৰিছিল৷ বিষ্ণু ৰাভাৰ অমৰ সৃষ্টি ‘সোণপাহি’ৰ নামেৰে ঘাটটোৰ নামকৰণ কৰাৰ প্ৰস্তাৱো উত্থাপিত হৈছিল৷ সেই উদ্দেশ্য আগত লৈ ২০০৯ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত সোণপাহি ঘাটৰ উদ্বোধনৰ প্ৰস্তুতিৰে এই গন্দৈগুৰি গাঁৱত অভ্যৰ্থনা সমিতিও গঠন কৰা হৈছিল৷ কিন্তু সেই সময়ত লোকসভাৰ নিৰ্বাচন আহি পৰাত কতৃৰ্পক্ষৰ পৰা অনুমতি লাভ কৰাত ব্যাঘাত জন্মে৷ অৱশেষত ২০১১ বৰ্ষৰ ২০ জুনৰ দিনা  দিহিংপৰীয়া সাহিত্য-সংস্কৃতি পৰিষদ নামৰ খোৱাঙৰ এটা অনুষ্ঠানে ডিমৌ নৈৰ উক্ত ঘাটটোৰ নাম কলাগুৰুৰ এটা গল্পৰ নামেৰে ‘সোণপাহি ঘাট’ বুলি নামকৰণ কৰে৷ ইয়াৰ পিছৰে পৰা বিভিন্ন সময়ত উক্ত ঘাটটোৰ উন্নয়ন তথা সংৰক্ষণৰ বাবে জনপ্ৰতিনিধিসকলৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰি অহা হৈছে যদিও আজি পৰ্যন্ত কোনো এজন জনপ্ৰতিনিধিয়েই এইক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই৷ শেহতীয়াকৈ এই সম্পৰ্কত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক  জনোৱা হৈছিল যদিও বিধায়কজনে এৰাব নোৱৰা কাৰণত তাত উপস্থিত থাকিব নোৱৰাৰ লগতে উক্তস্থানত একো কৰিবলগীয়া নাই বুলি আজৱ মন্তব্য কৰে৷ বিধায়কজনৰ উদ্যোগত উক্ত অঞ্চলত এখন পকী দলং নিৰ্মাণ কৰা হয় যদিও নৈখনৰ খহনীয়াই দলংখনৰ লগতে ঘাটটোৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে৷ বিষয়টো সাংস্কৃতিক মন্ত্ৰী বিমল বড়াকো অৱগত কৰা হৈছিল৷ মন্ত্ৰীজনে চৰকাৰৰ তৰফৰ পৰা বিষ্ণুৰাভাৰ স্মৃৃতি ৰক্ষাৰ্থে কাম কৰাত অসুবিধা আছে বুলি জানিবলৈ দিয়ে৷ এবাৰ চৰকাৰে যদি খোৱাঙত বিষ্ণুৰাভাৰ স্মৃতিত কোনো কাম কৰিবলৈ আগবাঢ়ে, তেন্তে বিষ্ণু ৰাভাই ষাঠি বছৰীয়া জীৱন কালত বিভিন্ন ঠাইত ঘূৰি ফুৰোতে ৰাভাৰ সান্নিধ্য লাভ কৰা বহু লোক  ওলাব আৰু সকলোৱেই শিল্পীগৰাকীৰে স্মৃতি ৰক্ষাৰ দাবী জনাব বুলি সাংস্কৃতিকমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷ সেয়ে এইক্ষেত্ৰত আগবঢ়াৰ পৰা বিভাগটো বিৰত থাকে বুলি মন্ত্ৰী বৰাই উল্লেখ কৰে৷ চৰকাৰৰ পৰিৱৰ্তে মন্ত্ৰীজনে ৰাইজকে এই কাম কৰিবলৈ পৰামৰ্শ দিয়ে৷ মৰাণহাট প্ৰেছক্লাৱে এইবাৰ এই বিষয়টো চৰকাৰী পক্ষৰ লগতে সচেতন লোকসকলৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যে সোণপাহি ঘাটতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক স্মৰণ কৰাৰ লগতে শিল্পীগৰাকীৰ স্মৃতি ৰক্ষাৰ্থে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ উক্ত সভালৈ চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, জিলা উন্নয়ন আয়ুক্ত, পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় সংগঠনসমূহৰ নেতাসকলক নিমন্ত্ৰণ জনোৱা হৈছে৷ এই উপলক্ষে গছপুলি ৰোপণ, শ্ৰদ্ধাঞ্জলি, ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতাৰ লগতে  ‘বিষ্ণু ৰাভাৰ স্মৃতি বিজড়িত সোণপাহি ঘাটঃ ঐতিহাসিক গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা’ শীৰ্ষক আলোচনা-চক্ৰৰো আয়োজন কৰা হৈছে৷ লাহে লাহে নৈৰ বুকুত বিলীন হোৱাৰ উপক্ৰম ঘটা বিষ্ণুপ্ৰসাদ ৰাভাৰ পৱিত্ৰ স্মৃতিবিজড়িত সোণপাহি ঘাটৰ সংৰক্ষণ আৰু বান-খহনীয়াৰ পৰা সোণপাহি ঘাটক ৰক্ষা কৰাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ দিশত খৰতকীয়াকৈ ফলপ্ৰসূ ব্যৱস্থা ল’বৰ বাবে বৃহত্তৰ মৰাণ অঞ্চলৰ ৰাইজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি আহ্বান জনাইছে৷