Logo
image

‘দেউতাই নিৰ্মাণ কৰা আধুনিক গুৱাহাটী ধবংস কৰিলে বিজেপিয়ে’

‘আমাৰ অসম’, ১৯ জুনঃঅগপ নহয় বিজেপিয়ে প্ৰাৰ্থী দিলেও কলিয়াবৰত কংগ্ৰেছক ৰোধ কৰিব নোৱাৰে৷ এই দাবী কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ৷ দেওবাৰে কলিয়াবৰত সংবাদ মাধ্যমৰ আগত তেওঁ কয়– কংগ্ৰেছে ৰাজ্যখনত যি উন্নয়নৰ ধাৰা বোৱাইছিল সেই ধাৰা বিজেপিয়ে অক্ষুণ্ণ ৰক্ষাত ব্যৰ্থ হৈছে৷ বিজেপি দলটোৰ প্ৰৱঞ্চনা ৰাইেজ হৃদয়ংগম কৰিছে৷ শাসনলৈ আহিলে বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিৰ শাসনকালত বাৰিষা আহিবলৈ নৌপাওতেই ৰাজ্যবাসীয়ে বানত সৰিয়হৰ ফুল দেখিবলগীয়া হৈছে৷ মানুহৰ দুৰ্গতিৰ সীমা নোহোৱা হৈছে৷ মূল্যবৃদ্ধিৰ বাবে সাধাৰণ লোকৰ জীৱনধাৰণ কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে৷ মোৰ পিতৃ তৰুণ গগৈয়ে আধুনিক গুৱাহাটী নিৰ্মাণ কৰিছিল৷ এতিয়া বিজেপিয়ে উন্নয়নৰ নামত গুৱাহাটী চহৰখন ধবংস প্ৰায় কৰি পেলালে৷ ৰাস্তাৰ গাঁতত পৰি সাধাৰণ লোকে মৃত্যুবৰণ কৰিবলগীয়া হৈছে৷ আক্ষৰিক অৰ্থতে জনগণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱা হৈছে৷ পানীৰ পাইপ ফুটিও মানুহ মৃত্যুমুখত পৰিছে৷ এয়াই নেকি বিজেপিৰ উন্নয়ন? তেওঁ আৰু কয়–মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উগ্ৰপন্থীৰ সৈতে কি সম্পৰ্ক? কুকি উগ্ৰপন্থী সংগঠনৰ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্ক থকাৰ কথা ৰাজহুৱা কৰিছে৷ তাৰ পাছতো ৰাইজৰ হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে কিবা জানিবলগীয়া আছেনে? আলফাৰ সৈতে তেওঁৰ কি সম্পৰ্ক আছিল সেয়া সকলোৱে জানে? ৰাজ্যত আৰক্ষীৰ লোকৰেই নিৰাপত্তা নোহোৱা হৈছে৷ এগৰাকী আৰক্ষী বিষয়াৰ মৃত্যুক লৈ প্ৰশ্ন উঠিছে৷ তাৰ পাছতো আৰক্ষী বিষয়াগৰাকীৰ ক্ষেত্ৰত যেন নিৰ্বিকাৰ ৰাজ্য চৰকাৰ৷ কৰ্তব্যৰত অৱস্থাত মৃতুবৰণ কৰা আৰক্ষী বিষয়াগৰাকীৰ ঘৰলৈ গৈ চৰকাৰখনৰ কোনো প্ৰতিনিধিয়ে সৌজন্যতা নেদেখুৱালে৷ ইফালে মণিপুৰত অশান্ত পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদজনে কয়–কংগ্ৰেছৰ শাসনকালত মণিপুৰত কেতিয়াও আজিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল৷ ইতিমধে মণিপুৰৰ হিংসাই বিশ্ববাসীৰো দৃষ্টি আকৰ্ষণ কৰিছে৷ কাৰ্যতঃ বিজেপিয়ে সুশাসন দিয়াত ব্যৰ্থ হৈছে৷