Logo
image

ডেৰশ আসন এনআৰআইৰ বাবে কিয়? প্ৰশ্ন সৰ্বত্ৰ

‘আমাৰ অসম’, ১৯ জুনঃ  আপুনি যেতিয়া আপোনাৰ গুৰুতৰ অসুখত চিকিৎসা কৰিবলৈ এজন চিকিৎসকৰ ওচৰলৈ যাব, তেতিয়া আপুনি নাজানিব যে, আপোনাক চিকিৎসা কৰা চিকিৎসকজনে ‘এন আৰ আই স্পনছ’ৰড’ সংৰক্ষণ ব্যৱস্থাৰে অতি জটিল চিকিৎসা বিজ্ঞান পঢ়ি আহিছে, যি ‘নীট’ৰ প্ৰৱেশ পৰীক্ষাত হয়তো ৭২০ নম্বৰৰ ভিতৰত ৩২০ হে স্ক’ৰ কৰিছিল৷ কিয়নো সেই চিকিৎসকজনৰ নেমপ্লেটত লিখা থাকিব এম বি বি এছ, কিম্বা এম এছ অথবা এম ডি৷ তেওঁ ‘নীট’ত অবতীৰ্ণ হোৱা বছৰটোত মুকলি অৰ্থাৎ অ-সংৰক্ষিত শাখাত ৬০০ নম্বৰ পায়ো এজন শিক্ষাৰ্থীয়ে গুৱাহাটী মেডিকেল কলেজত ভৰ্তি হ’ব পৰা নাছিল কিম্বা ৫৫০ নম্বৰ পায়ো এজন সাধাৰণ শ্ৰেণীৰ ছাত্ৰই অসম মেডিকেল কলেজত নামভৰ্তিৰ  বাবে যোগ্যতা অৰ্জন কৰিব পৰা নাছিল৷ কেইবছৰমানৰ ভিতৰত অসমতো এনে পৰিস্থিতি হোৱাটো নিশ্চিত হৈছে, ৰাজ্য চৰকাৰৰ এটা কেবিনেট সিদ্ধান্তৰ ফলত৷ ঠিক অনুৰূপ ঘটনা ২০২০ চনত অমৃতসৰত ঘটিছিল, য’ত ৰেংকিং ৬ লাখৰ তলত থকা শিক্ষাৰ্থীয়েও এন আৰ আই স্পনছৰড সংৰক্ষণৰ জৰিয়তে মেডিকেল কলেজত নামভৰ্তি কৰিছিল৷ প্ৰসংগতঃ, প্ৰতিটো বৰ্ষত ‘নীট’ত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীৰ ৰেংকিং তেওঁ লাভ কৰা নম্বৰৰ সৈতে পৃথক হয় যদিও সাধাৰণতে ৬ লাখ ৰেংকিং পোৱা একোজন শিক্ষাৰ্থীৰ নম্বৰ ৪০০-৪৫০ৰ ভিতৰত থাকে৷ অৰ্থাৎ সাধাৰণভাৱে তেনে এজন শিক্ষাৰ্থীয়ে দেশৰ কোনো চৰকাৰী মেডিকেল কলেজত পঢ়িবলৈ আসন লাভ কৰিব নোৱাৰে৷ উল্লেখ্য যে দেশৰ ৫ খনমান ৰাজ্য, ক্ৰমে পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, ৰাজস্থান আৰু মিজোৰামত এই এন আৰ আই সংৰক্ষণ ব্যৱস্থা আছে আৰু প্ৰত্যেক বছৰতে সেই ব্যৱস্থাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে৷ ২০২০ চনত অমৃতসৰৰ সংঘটিত উক্ত ঘটনাত তীব্ৰ প্ৰতিবাদৰ সূচনা কৰিছিল আৰু তেনে নিম্নস্থানৰ শিক্ষাৰ্থীয়ে মেডিকেলত আসন লাভ কৰাৰ ঘটনাই দেশজুৰি সংবাদ শিৰোনাম দখল কৰিছিল৷ একে ধৰণৰ ব্যৱস্থা তামিলনাডু, তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশতো প্ৰবৰ্তনৰ চেষ্টা চলোৱা হৈছিল৷ অৱশ্যে অসামান্য প্ৰতিবাদৰ ওচৰত সেও মানি চৰকাৰে এন আৰ আই স্পনচ’ৰড সংৰক্ষণ বাতিল কৰিবলৈ বাধ্য হ’ল৷ পাছত সেই ব্যৱস্থা বেচৰকাৰী মেডিকেল কলেজত প্ৰৱৰ্তিত হ’ল৷ 

কিন্তু তেনে অশুভ আৰু ক্ষতিকাৰক পৰম্পৰা চলিত বছৰৰ পৰা অসমত প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছে ৰাজ্যৰ বিজেপি চৰকাৰখনে৷ স্বাভাৱিক কাৰণতে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ কিয়নো অসমত এখনো বেচৰকাৰী মেডিকেল কলেজ নাই আৰু প্ৰত্যেকখন চৰকাৰী মেডিকেল কলেজৰ ক্ষেত্ৰত চৰকাৰেই সম্পূৰ্ণৰূপে দায়ৱদ্ধ৷

কোনেনো জানিশুনি নিজৰ জীৱনক লৈ হেতালি খেলিবলৈ যায়৷ সকলোৱেই নিজৰ ৰোগ এজন শ্ৰেষ্ঠ চিকিৎসকৰ ওচৰত দেখুৱাবলৈ বিচাৰে, উন্নত এখন চিকিৎসালয়লৈ যাবলৈ বিচাৰে, যাতে তেওঁৰ জীৱনটো ৰক্ষা পৰে৷ কিন্তু এন আৰ আই স্পনছ’ৰড ব্যৱস্থাৰ ক্ষেত্ৰত সদায়েই নীটৰ প্ৰৱেশ পৰীক্ষাত কম নম্বৰ লাভ কৰা শিক্ষাৰ্থীয়ে মেডিকেলৰ আসন অধিকাৰ কৰে৷  এয়া কেৱল আমাৰ কথা নহয়৷ দ্য টাইমছ অৱ ইণ্ডিয়াৰ বিখ্যাত সাংবাদিক ৰেমা নাগৰাজনে কিছুদিন পূৰ্বে তেওঁৰ এটা এনেধৰণৰ বাতৰিৰ সূত্ৰ ধৰি টুইটাৰত লিখিছিল– ‘এন আৰআই আসনসমূহৰ গৰিষ্ঠসংখ্যকেই অতি চহকী ভাৰতীয়ই কিনি লয়৷ ইয়াৰ ফলত দৰিদ্ৰ শিক্ষাৰ্থী বঞ্চিত হয়৷ কিয়নো সংশি¡ষ্ট চৰকাৰসমূহে এন আৰ আই স্পনছ’ৰড আসনসমূহ তেনেদৰে বিক্ৰী কৰিব পৰাকৈ  ব্যৱস্থা কৰে৷ সেই দহ বা পোন্ধৰ শতাংশ সংৰক্ষণৰ বিৰুদ্ধে ৰাজপথত আন্দোলন নহয়৷ কাৰণ দেখাত সেই সংখ্যা তেনেই কম হয়৷ কিন্তু মেধাৱী শিক্ষাৰ্থীৰ মনত প্ৰচণ্ড ক্ষোভৰ সৃষ্টি হয়৷ একোখন চৰকাৰৰ বিৰুদ্ধে সেই দহ বা পোন্ধৰ শতাংশ বঞ্চিত শিক্ষাৰ্থীয়ে কোনো আন্দোলন গঢ়ি তুলিব নোৱাৰে  বাবে চৰকাৰে তাৰেই সুযোগ লৈ তেনেদৰে প্ৰত্যেকবছৰে কেইবাখনো ৰাজ্যত এনআৰআই স্পনছ’ৰড সংৰক্ষণৰ আসন বিক্ৰী কৰি থাকে৷’

ঠিক তেনে এক ব্যৱস্থাই অসমৰ মেডিকেল কলেজত হ’বলৈ গৈ আছে বুলি আশংকাৰ সৃষ্টি হৈছে আৰু সেয়ে অসম চৰকাৰে সৃষ্টি কৰা মেডিকেলৰ আসনৰ এনআৰআই সংৰক্ষণৰ বিৰুদ্ধে তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে৷ বহুতেই প্ৰশ্ন কৰিছে– কিহৰ স্বাৰ্থত অসম চৰকাৰে এই সংৰক্ষণ ব্যৱস্থাৰ সৃষ্টি কৰিছে? বহুতেই আশংকা কৰিছে দেশৰ কেইখনমান ৰাজ্যত থকাৰ দৰেই অসমতো অৰ্থৰ বিনিময়ত এই এনআৰআই স্পনছ’ৰড মেডিকেলৰ আসন বিক্ৰী হ’ব নেকি? কিয়নো কেবিনেটৰ সিদ্ধান্ত প্ৰকাশ কৰি ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কৈছিল– বিদেশত থকা প্ৰবাসী অসমীয়াই তেওঁলোকৰ সন্তানৰ বাবে আৰু অসমত থকা তেওঁলোকৰ পৰিয়ালৰ আন কোনো প্ৰাৰ্থীৰ বাবে মেডিকেলৰ আসন এই সংৰক্ষণৰ জৰিয়তে ল’ব পাৰিব৷ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে এই দহ শতাংশ সংৰক্ষণ অৰ্থাৎ ১২৬ খন আসন নীটৰ প্ৰৱেশ পৰীক্ষাত কম নম্বৰ পোৱা প্ৰাৰ্থীয়েও ল’ব পাৰিব৷ এতিয়ালৈকে চৰকাৰে প্ৰকাশ কৰা নাই সেই সংৰক্ষণৰ ভিত্তি কি হ’ব? অৰ্থাৎ পঞ্জাৱ, চণ্ডীগড়ৰ দৰে অসমতো এন আৰ আই কোটাৰ বিনিময়ত চৰকাৰে ধন ল’ব নেকি? ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সৈতে জড়িত থকা অনেকৰ মতে এই সংৰক্ষণৰ আসনসমূহ খুব সম্ভৱতঃ চৰকাৰে ধনৰ বিনিময়ত পূৰণ কৰিব৷ কিয়নো একাধিক মেডিকেল কলেজৰ শীৰ্ষ চিকিৎসক অথবা প্ৰশাসকৰ পৰা জানিব পৰা মতে ৰাজ্য চৰকাৰে মেডিকেলৰ ক্ষেত্ৰত ইমানদিনে কৰি অহা বহু ব্যয় এতিয়া নকৰা হৈছে৷ যেনে মাথোঁ যোৱা বছৰলৈকে মেডিকেল কলেজত থকা ‘মাপুনা’ নামৰ নিৰাপত্তা ব্যৱস্থাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বছৰত প্ৰত্যেকখনতে ৩০-৪০ কোটি টকা ব্যয় কৰিছিল৷ কিন্তু চৰকাৰে অলপতে সকলো মেডিকেল কলেজলৈ ফোনযোগে জনাই দিছে, এই ‘মাপুনা’ৰ খৰছ চৰকাৰে আৰু ব্যয় নকৰে, সেই খৰচ মেডিকেল কলেজে নিজেই উলিয়াব লাগিব৷ তদুপৰি চৰকাৰে লিখিতভাৱে নহ’লেও ফোনৰ জৰিয়তে মেডিকেল কলেজৰ শীৰ্ষ পদাধিকাৰীক স্বাৱলম্বী হ’বলৈ হেঁচা প্ৰয়োগ কৰি আছে৷ এনেবোৰ পৰিস্থিতিলৈ চাই ধাৰণা কৰা হৈছে ৰাজ্য চৰকাৰে এনআৰআই কোটাৰ আসন দেশৰ কেইবাখনো ৰাজ্যৰ দৰে বিক্ৰী কৰিব পাৰে৷ তেনেক্ষেত্ৰত বছৰ বছৰ ধৰি পঢ়াশুনা কৰি নীটৰ প্ৰৱেশ পৰীক্ষাত ৫৫০ নম্বৰ পোৱা পৰীক্ষাৰ্থীও অসমৰ ১২খন মেডিকেল কলেজত নামভৰ্তিৰ পৰা বঞ্চিত হ’ব৷ এই ব্যৱস্থা মেডিকেল কলেজত আসন ভৰ্তিৰ ক্ষেত্ৰত এটা ‘বেকড’ৰ’ [অ]নীতি হিচাপেও পৰিগণিত হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷অথচ কেৱল টকাৰ জোৰত আৰু ৰাজ্য চৰকাৰে সৃষ্টি কৰা এনআৰআই সংৰক্ষণ ব্যৱস্থাৰ সুযোগ লৈ ৪০০ বা তেনে নম্বৰ পোৱা শিক্ষাৰ্থীয়েও অসমৰ মেডিকেল কলেজত চিকিৎসা বিজ্ঞান পঢ়িব৷ যিটো পাঠ্যক্ৰমত মেধাই শেষ কথা, সেই পাঠ্যক্ৰম যোগ্যতা নথকা এজনেও এনে চৰকাৰী সিদ্ধান্তৰ ফলত পঢ়িবলৈ সক্ষম হ’ব৷ তেনে একোজন চিকিৎসকৰ ওচৰলৈ গৈ একোজন ৰোগীয়ে নিজৰ জীৱনক লৈ হেতালি খেলিবনে নেখেলে সেয়া সেই ৰোগীজনে নিজেই ঠিৰাং কৰিব৷ অৱশ্যে তেওঁ  সেই বিষয়টো ঠিৰাং কৰিব নোৱাৰিবও পাৰে৷ কিয়নো কোনো চিকিৎসকৰ নেমপ্লেটৰ লগত লিখা নাথাকিব তেওঁ কম নম্বৰ পাই এনআৰআই স্পনছ’ৰড কোটাত আসন লৈছিল নে নাই!

প্ৰবাসী ভাৰতীয়লৈ সংৰক্ষণৰ বিৰোধিতা  আম আদমি পাৰ্টীৰ

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেটে শেহতীয়াকৈ প্ৰবাসী ভাৰতীয় শিক্ষাৰ্থীৰ বাবে এম বি বি এছ পাঠ্যক্ৰমৰ নামভত্তিৰ্ত ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা কাৰ্যক আম আদমি পাৰ্টীয়ে প্ৰতিবাদ কৰে৷ চৰকাৰী তথ্য মতে পৰৱৰ্তী শিক্ষা বৰ্ষৰ পৰা অসমত এম বি বি এছ পাঠ্যক্ৰমৰ মুঠ আসনৰ সংখ্যা হ’ব ১৫শ খন আৰু ইয়াৰে ১৫০খন আসন এন আৰ আইৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষণ কৰাটো হৈছে এক অসমবিৰোধী সিদ্ধান্ত৷ যি সময়ত অসমত চিকিৎসকৰ অভাৱ সেই সময়ত এন আৰ আইৰ বাবে আসন সংৰক্ষণ এক ভুল সিদ্ধান্ত৷ কাৰণ এই শিক্ষাৰ্থীসকলে শিক্ষা সমাপ্ত কৰাৰ পাছত অসমতে যে সেৱা আগবঢ়াব তাৰ কোনো নি(য়তা নাই৷ তদুপৰি এন আৰ আইৰ সংৰক্ষিত আসনৰ অধীনত নীট পৰীক্ষাত যোগ্যতা অৰ্জন কৰা অথচ কম নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলে বৃহৎ পৰিমাণৰ ধনৰ লেনদেনেৰে নামভৰ্তিৰ সুৰুঙা থাকি যাব৷ যি কাৰ্যই মেধাবী ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰিব৷ পূৰ্বেও অসমৰ মেডিকেল কলেজকেইখনত সীমিতসংখ্যক আসন এন আৰ আইৰ বাবে সংৰক্ষিত আছিল৷ সেই আসনসমূহত ৰাজনৈতিক নেতা, আমোলা বা ধনাঢ্য লোকৰ সন্তানক বৃহৎ পৰিমাণৰ ধনৰ লেনদেনেৰে নামভৰ্তি কৰোৱাৰ অভিযোগ উঠিছিল৷ এইবাৰ হিমন্ত বিশ্ব শৰ্মাই এই শিক্ষাৰ বেপাৰৰ পৰিসৰ কেবিনেট সিদ্ধান্তৰ জৰিয়তে বৃদ্ধি কৰি ল’লে৷ আম আদমি পাৰ্টীয়ে শিক্ষাক লৈ এনে দুৰ্নীতি কেতিয়াও সহ্য নকৰে আৰু সেইবাবে এন আৰ আইৰ সংৰক্ষণৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়৷ আপৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে অভিযোগ কৰে যে হিমন্ত বিশ্ব শৰ্মা দুৰ্নীতিৰ সৈতে সংপৃক্ত লোক হোৱাৰ বাবেই তেওঁ প্ৰতিটো পদক্ষেপতেই দুৰ্নীতি কৰিব পৰাকৈ ৰাস্তা মুকলি কৰি লয়৷ যি সময়ত এন আৰ আইৰ সংৰক্ষণৰ বিৰুদ্ধে সমগ্ৰ দেশতে তীব্ৰ বিৰোধিতা গঢ়ি উঠিছে সেই সময়ত অসমৰ চিকিৎসা মহাবিদ্যালসূহত দহ শতাংশ আসন সংৰক্ষণৰ সিদ্ধান্ত চৰকাৰী উচ্ছ শিক্ষা ব্যৱস্থাক আস্থাহীন কৰাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ৷ উল্লেখ্য যে অন্ধ্ৰপ্ৰদেশত এনে সংৰক্ষণৰ ব্যৱস্থা আছিল যদিও ইয়াক বন্ধ কৰা হৈছে৷ মধ্য প্ৰদেশত ২০১৬ চন পৰ্যন্ত ২৮খন আসন এন আৰ আইৰ বাবে সংৰক্ষিত আছিল যদিও জনতাৰ প্ৰতিবাদৰ পাছত ৰাজ্যখনতো এই ব্যৱস্থা উঠাই দিয়া হৈছে যোৱা বছৰ কৰ্ণাটক চৰকাৰে এই ব্যৱস্থা প্ৰৱৰ্তনৰ সিদ্ধান্ত লৈছিল যদিও ছাত্ৰ সংগঠনসমূহে আন্দোলনৰ হুংকাৰ দিয়াত এই সিদ্ধান্ত বাতিল কৰে৷