Logo
image

জীৱশ্ৰেষ্ঠ মানৱৰ কৰ্মকাণ্ডৰ ফলতে প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাই পেলাইছেঃ যাদৱ পায়েং

ডিজিটেল সংবাদ, ধিংঃ ধিং মহাবিদ্যালয়ত অনুষ্ঠিত জলবায়ু পৰিবৰ্তনৰ আন্তঃৰাষ্ট্ৰীয়  আলোচনা  চক্ৰত অংশগ্ৰহণ কৰি  পদ্মশ্ৰী যাদৱ পায়েঙে কয় যে জীৱশ্ৰেষ্ঠ মানৱৰ কৰ্মকাণ্ডৰ ফলতেই আজি প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাই পেলাইছে৷ লগতে তেওঁ কয় যে পৃথিৱীক ৰক্ষা কৰিবলৈ হ'লে সমগ্ৰ বিশ্বক বছৰত সাঁত দিন একেলগে লকডাউন দিব লাগিব। তেতিয়াহে প্ৰকৃতিৰ ভাৰসাম্য অটুট থকাৰ লগতে আৰু প্ৰদূষণৰ পৰা মুক্ত হব পাৰিব বিশ্ববাসী।

ইয়াৰ উপৰি তেওঁ কয় যে বিগত ক'ভিডৰ লকডাউনৰ সময়ত কলকাতাত আকাশ নীলা, গংগাৰ পানী পৰিষ্কাৰ, হাবিৰ চৰাই-চিৰিকটি, জীৱ-জন্তুৱে মুক্ত বিচৰণৰ লগতে জলাশয়সমূহো পৰিষ্কাৰ হোৱা দেখিবলৈ পোৱা গৈছিল। আজি সেই পৰিৱেশ পুনৰ বিনষ্ট হ'বলৈ ধৰিছে। এতিয়াও যদি আমি সচেতন নহওঁ তেতিয়াহলে অতি কম দিনৰ ভিতৰতে পৃথিৱীৰ উত্তাপ দুগুণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।