Logo
image

বাইডেন-পত্নীক হীৰাৰ আঙঠিসহ কোটিটকীয়া উপহাৰ মোদীৰ

‘আমাৰ অসম’, ২৩ জুনঃ আমেৰিকা ভ্ৰমণলৈ যোৱা  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি  জো বাইডেনৰ পত্নী তথা আমেৰিকাৰ ফাষ্টৰ্ লেডী জিল বাইডেনক হীৰাৰ আঙঠিসহ কোটিটকীয়া উপহাৰ আগবঢ়াইছে৷ অকল সেয়াই নহয়, ৰাষ্ট্ৰপতি জো বাইডেনকো   মোদীয়ে প্ৰদান কৰে  এক গুচ্চ উপহাৰ৷ উল্লেখ্য যে ৰাষ্ট্ৰপতি বাইডেনৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰত৷ মোদীৰ ভ্ৰমণ উপলক্ষে আমেৰিকাত বাইডেন চৰকাৰে পূৰ্বৰে পৰা ৰাজকীয় প্ৰস্তুতি চলাইছিল৷ আনকি মোদীক  হোৱাইট হাউছলৈ খোদ ৰাষ্ট্ৰপতি জো বাইডেন আৰু পত্নী জিল বাইডেনে আদৰণি সম্ভাষণ জনাবলৈ আগবাঢ়ি আহে৷ তাতেই মোদী আৰু বাইডেনৰ মাজত চলে উপহাৰৰ আদান-প্ৰদান৷ এই সময়ছোৱাত মোদীয়ে সংস্কৃতৰ পৰা প্ৰখ্যাত ইংৰাজী সাহিত্যিক উইলিয়াম বাটলাৰ য়েটছে অনুবাদ কৰা উপনিষদখন বাইডেনৰ হাতত তুলি দিয়ে৷ তদুপৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীক ভাৰতীয় সংস্কৃতি অনুসৰি দহবিধ দান বা ‘দহ দানম মঞ্জুষা’ উপহাৰ দিয়ে মোদীয়ে৷ এই দহবিধ দান উপহাৰ দিয়াৰ বাবে প্ৰস্তুত কৰা হৈছিল এটা বিশেষ হস্তনিৰ্মিত বাকচ৷ যিটো বাকচ জয়পুৰৰ শিল্পীয়ে কৰ্ণাটকৰ চন্দন কাঠেৰে প্ৰস্তুত কৰি উলিয়াইছিল৷ বাকচটোত আছে কলকাতাৰ খনিকৰে প্ৰস্তুত কৰা ‘বিঘ্নহৰ্তা’ গণেশৰ ৰূপৰ মূৰ্তি, ৰূপৰ নাৰিকল তথা তামৰ চাকি৷ ইয়াৰ উপৰি বাকচটোত আছে মহীশূৰৰ সুগন্ধি চন্দন, তামিলনাডুৰ তিল, ৰাজস্থানৰ ২৪ কেৰেট সোণৰ মুদ্ৰা, পঞ্জাৱৰ ঘিঁউ, ঝাৰখণ্ডৰ ৰেচমী বস্ত্ৰ, উত্তৰাখণ্ডৰ শ্বল, মহাৰাষ্ট্ৰৰ গুড়, ৰাজস্থান আৰু গুজৰাটৰ নিমখ তথা ৯৯.৫ শতাংশ বিশুদ্ধ ৰূপৰ মুদ্ৰা৷ 

উল্লেখ্য যে ভাৰতীয় সংস্কৃতিত দীৰ্ঘজীৱন কামনা কৰিবলৈ ‘দহ দানম’ অৰ্থাৎ দহবিধ সামগ্ৰী উপহাৰ হিচাপে দিয়া হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাষ্ট্ৰপতি বাইডেনৰ দীৰ্ঘজীৱন কামনা কৰি ‘দহ দানম’ উপহাৰ হিচাপে আগবঢ়ায়৷ উল্লেখ্য যে জো বাইডেন আমেৰিকাৰ আটাইতকৈ বয়োজ্যেষ্ঠ ৰাষ্ট্ৰপতি৷ ১৯৪২ চনৰ ৩০ নৱেম্বৰত তেওঁৰ জন্ম৷ ভাৰতীয় জ্যোতিষ শাস্ত্ৰ অনুসৰি এজন লোকৰ বয়স  ৮০ বছৰ ৮ মাহ হ’লে তেওঁ এহাজাৰবাৰ পূৰ্ণ চন্দ্ৰ প্ৰত্যক্ষ কৰে৷ বাইডেনেও ৮০ বছৰ পাৰ কৰিছে৷ অহা ৩ জুলাইত তেওঁৰ ‘সহস্ৰ পূৰ্ণ চন্দ্ৰায়ম’৷ এনে সময়তেই মোদীয়ে  তেওঁক ‘দহ দানম’ অৰ্থাৎ দহবিধ সামগ্ৰী উপহাৰ দি দীৰ্ঘজীৱনৰ বাবে ভাৰতীয় সংস্কৃতিত থকা পৰম্পৰা  বিশ্ব দৰবাৰত উপস্থাপন কৰে৷ আনহাতে বাইডেনৰ প্ৰিয় সাহিত্যিকসকলৰ ভিতৰত অন্যতম সাহিত্যিকগৰাকী হৈছে উইলিয়াম বাটলাৰ য়েটছ৷ বাইডেনে প্ৰায়েই  নিজৰ ভাষণৰ মাজে মাজে য়েটছৰ কিছুমান উদ্ধৃতি উল্লেখ কৰে৷ তদুপৰি ভাৰতীয় সংস্কৃতি আৰু মূল্যবোধৰ প্ৰতি থকা অগাধ আস্থাৰ বাবেই হয়তো তেওঁ উপনিষদখন সংস্কৃতৰ পৰা ইংৰাজীলৈ অনুবাদ কৰি উলিয়াইছিল৷ এইবাবেই মোদীয়ে য়েটছে কৰা উপনিষদৰ অনুবাদ গ্ৰন্থখন বাইডেনৰ হাতত তুলি দিয়ে৷ 

ইপিনে আমেৰিকাৰ ফাষ্টৰ্ লেডী জিল বাইডেনক মোদীয়ে উপহাৰ দিয়ে চাৰে সাত কেৰেটৰ এটা হীৰাৰ আঙঠি৷ সৌৰশক্তি ব্যৱহাৰেৰে বিশেষভাৱে প্ৰস্তুত কৰা হীৰাৰ আঙঠিটো দিয়া হয় হস্তনিৰ্মিত কাগজেৰে নিৰ্মিত এটা বাকচত৷ এই বিশেষ বাকচটো প্ৰস্তুত কৰি উলিয়াইছিল কাশ্মীৰৰ শিল্পীয়ে৷ স্মৰ্তব্য, মোদীয়ে ৱাশ্বিংটনৰ এনদ্ৰুজ বিমানঘাটিত অৱতৰণ কৰাৰ পাছতে তেওঁক উষ্ণ অভ্যৰ্থনা জনোৱা হয়৷ প্ৰদান কৰা হয় গাৰ্ড অৱ অনাৰ৷ বজোৱা হয় ভাৰত আৰু আমেৰিকাৰ ৰাষ্ট্ৰীয় সংগীত৷ ৱাশ্বিংটনত মোদীক স্বাগতম জনাবলৈ প্ৰবাসী ভাৰতীয় আৰু ভাৰতীয় বংশোদ্ভূত মাৰ্কিন নাগৰিকসকলে হেতাওপৰা লগায়৷ ইয়াৰ পাছতে তেওঁক ময়ূৰ আৰু পদুম ফুলৰ আৰ্হিত সজাই তোলা হোৱাইট হাউছলৈ আদৰি নিয়া হয়৷ মোদীক আদৰিবলৈ আগবাঢ়ি আহে ৰাষ্ট্ৰপতি বাইডেন আৰু জিল বাইডেনে৷ তাতেই মোদীৰ সন্মানাৰ্থে বাইডেনে এক বিশেষ নৈশ ভোজৰ আয়োজন কৰে৷ নৈশ ভোজত বিভিন্ন ভাৰতীয় খাদ্যৰ লগতে বাজৰা আৰু ষ্টাফড মাশ্বৰুমৰ একাধিক বিশেষ মেনু থাকে৷ নৈশভোজত ভাগ লৈ  বাইডেনৰ পত্নী জিল বাইডেনে ভাৰতীয় খাদ্যৰ শলাগ লয়৷ নৈশ ভোজৰ পাছতে মোদীয়ে বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এক মত-বিনিময় অনুষ্ঠানতো মিলিত হয়৷