এইদৰে ককাঁলৰ বিষৰ পৰা উপশম পাওক
বৰ্তমান সময়ত ককাঁলৰ বিষত আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় প্ৰতিদিনেই বাঢ়িছে৷ জীৱনশৈলীৰ পৰিৱৰ্তনৰ বাবেও ককাঁলৰ বিষৰ দৰে সমস্যা বৃদ্ধি পাইছে৷
লক্ষণঃ
⬛অনবৰতে ককাঁলত বিষ অনুভৱ কৰা
⬛ককাঁলৰ পৰা ভৰিৰ তললৈ বিষ অনুভৱ হোৱা৷
⬛উঠা-বহাত অসুবিধা হোৱা৷
⬛ৰাতি শুই থাকোতে বিষ বাঢ়ি যোৱা৷
⬛ককাঁলৰ বিষত আক্ৰান্ত হ’লে শৰীৰৰ ওজন হ্ৰাস পায়৷
⬛বিষৰ কাৰণে কেতিয়াবা জ্বৰ উঠে৷
ককাঁলৰ বিষত উপশম পাবলৈ
⬛ নহৰুঃ নহৰু বিষ নিৰাময়ৰ কাৰণে উত্তম৷ কেইফুটামান নহৰু তিল তেলত গৰম কৰি লৈ ঠাণ্ডা হ’লে সেই তেলেৰে মালিচ কৰিব লাগে৷
⬛ আদাঃ শুকান আদা গৰম পানীৰ সৈতে মিলাই কেইদিনমান খালেও ককাঁলৰ বিষত উপশম পাব পাৰি৷
⬛ ইলাচিৰ সৈতে হালধিৰ ৰসঃ দুটামান ইলাচি গৰম গাখীৰৰ লগত মিলাই তাৰ সৈতে হালধিৰ ৰস খালে ককাঁলৰ বিষত উপশম পাব পাৰি৷
⬛ কপূৰ্ৰঃ কেই টুকুৰামান কপূৰ্ৰ নাৰিকল তেলৰ সৈতে গৰম কৰি লৈ ৰাতি শোৱাৰ সময়ত ককাঁলত সানিলে বিষ উপশম হয়৷
⬛ অশ্বগন্ধাঃ ককাঁলৰ বিষত অশ্বগন্ধাও অতি উপযোগী৷ গৰম গাখীৰৰ সৈতে অশ্বগন্ধা মিলাই খালে ককাঁলৰ বিষত উপশম পাব পাৰি৷
⬛ ইউকেলিপটাছঃ বিষ উপশমত ইউকেলিপটাছেও সহায় কৰে৷ ইউকেলিপটাছ পানীত তিয়াই থৈ সেই পানীৰে গা ধুলে বিষত উপশম পাব পাৰি৷ তদুপৰি ককাঁলৰ বিষত আক্ৰান্ত হ’লে প্ৰচুৰ পৰিমাণে শাক-পাচলিৰ লগতে আঁহযুক্ত খাদ্য খাব লাগে৷ ইয়াৰ বিপৰীতে দৈ, চাহ, কফি আদি এৰাই চলিব লাগে৷ দৈৰ বাহিৰে দুগ্ধ জাতীয় খাদ্য বেছিকৈ খাব লাগে৷ বিশেষকৈ কেলছিয়াম আৰু ভিটামিন-ডি সমৃদ্ধ খাদ্যই হাড় মজবুত কৰি ৰখাত সহায় কৰে৷ সেয়ে এনে খাদ্য নিয়মীয়াকৈ খালেও ককাঁলৰ বিষৰ পৰা হাত সাৰিব পাৰি৷