Logo
image

খচৰা সলনিৰ আৰ্জি লৈ কংগ্ৰেছসহ ১২টা দল যাব দিল্লীলৈ

‘আমাৰ অসম’, ২৪ জুনঃ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা সমষ্টি পুনৰনিৰ্ধাৰণৰ খচৰাৰ সন্দৰ্ভত আজি গুৱাহাটীত এক বৈঠকত মিলিত হয় কংগ্ৰেছসহ বিৰোধী ১২টা ৰাজনৈতিক দলৰ নেতৃত্ব৷ শুকুৰবাৰে সন্ধিয়া গুৱাহাটীৰ হোটেল ৰয়েল ডি কাছাত অনুষ্ঠিত এই বৈঠকৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ  সভাপতি ভূপেন বৰাই কয়–‘সমষ্টি পুনৰনিৰ্ধাৰণকলৈ ৰাইজৰ মাজত সৃষ্টি হোৱা ক্ষোভ অসন্তুষ্টি আমি স্মাৰকপত্ৰৰ আকাৰে নিৰ্বাচন আয়োগৰ ওচৰত দাঙি ধৰিম৷ খচৰা সলনিৰ বাবে আমি আয়োগৰ ওচৰত আৰ্জি জনাম৷ ৭, ৮ জুলাইত আমি ১২টা দলৰ নেতৃবৃন্দ দিল্লীলৈ গৈ নিৰ্বাচন আয়োগৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰিম৷ ইয়াৰ পূৰ্বে ১২টা ৰাজনৈতিক দলে সমষ্টি ভিত্তিক ৰাইজৰ কথাৰ উমান ল’ব৷ প্ৰথমে ১২টা দলে ৩০ জুনত শিৱসাগৰ ভ্ৰমণ কৰিব৷ বিৰোধী দলপতি দেবব্ৰত শইকীয়া আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে এই সমগ্ৰ ভ্ৰমণৰ তদাৰক কৰিব৷ শিৱসাগৰত উদ্ভৱ হোৱা ৰাইজৰ ক্ষোভক নিৰ্বাচন আয়োগক দিবলগীয়া স্মাৰক-পত্ৰত স্থান দিয়া হ’ব৷ ইয়াৰ পাছতে ১২টা দলৰ প্ৰতিনিধি ২, ৩ জুলাইত বৰাক উপত্যকালৈ যাব৷ বৰাকৰ দুটা সমষ্টি কৰ্তন কৰাৰ সন্দৰ্ভত প্ৰতিনিধি দলে ৰাইজৰ সৈতে মত বিনিময় কৰিব৷ ৭, ৮ জুলাইৰ দিল্লী ভ্ৰমণৰ সময়তে ১২টা ৰাজনৈতিক দলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুকো সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কুকি উগ্ৰপন্থীৰ সৈতে সম্পৰ্কৰ সন্দৰ্ভত অভিযোগ দাখিল কৰিব৷’ উল্লেখ্য যে আজিৰ সৰ্বদলীয় বৈঠকত সাংসদ অজিত ভূঞা, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ, কংগ্ৰেছৰ উপ-দলপতি ৰকিবুল হুছেইন, আম আদমী পাৰ্টীৰ ৰাজ্যিক সমন্বয় ডাঃ ভৱেন চৌধুৰীকে ধৰি ১২টা বিৰোধী ৰাজনৈতিক দলৰ নেতৃবন্দ উপস্থিত আছিল৷

খচৰাই শক্তিশালী কৰিলে আজমলকঃ অজাপ

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ সমষ্টি পুনৰ গঠনৰ জৰিয়তে খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ নিশ্চিত হ’ল বুলি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতাসকলে দাবী কৰি আহিছে যদিও এই দাবীক পোনচাটেই নস্যাৎ কৰিছে অসম জাতীয় পৰিষদে৷ দলটোৰ মতে, প্ৰস্তাৱিত সমষ্টি পুনৰ গঠনে খিলঞ্জীয়াৰ কোনো ধৰণৰ কল্যাণ সাধন নকৰে, বৰং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক অভিলাষ পূৰণৰ হাথিয়াৰ হিচাপেহে কাম কৰিব৷ এই ধৰণৰ সমষ্টি পুনৰ গঠনে অসমৰ ৰাজনীতিত বদৰুদ্দিন আজমলৰ শক্তি বৃদ্ধি কৰিব, তেওঁৰ ৰাজনৈতিক প্ৰতিষ্ঠাহে নিশ্চিত কৰিব৷ আজি এখন সংবাদ মেলত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে যোৱা ২০ জুনৰ দিনা নিৰ্বাচন আয়োগে অসমৰ ১২৬টা বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱেৰে যিখন খচৰা প্ৰকাশ কৰিছে তাত সাম্প্ৰদায়িক দৃষ্টিভংগী স্পষ্ট ৰূপত প্ৰতিফলিত হৈছে৷ নিৰ্বাচন আয়োগৰ দৰে সাংবিধানিক সংস্থাই বিজেপি দলৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাটো দুৰ্ভাগ্যজনক৷ আনহাতে প্ৰস্তাৱিত সমষ্টি পুনৰ গঠনে কেৱল বিজেপি আৰু এআইইউডিএফ দলকহে ৰাজনৈতিকভাৱে উপকৃত কৰিব বুলি উল্লেখ কৰি গগৈয়ে কয়– ‘কৈ থকা হৈছে [বিজেপিৰ ফালৰ পৰা] আগতে ৩০টা বিধানসভা সমষ্টিত আজমলৰ মানুহে নিৰ্বাচন জিকিব পৰা জনগাঁথনি আছিল৷ সেইটো কমাই আনি ২৪টা কৰা হৈছে৷ আৰু এইটোকে খিলঞ্জীয়াৰ সাফল্য বুলি বুজাই থকা হৈছে৷ কিন্তু হিচাপ কৰি চাব যে ২৪টাৰ বাহিৰেও আন ১৫ৰ পৰা ২০টা সমষ্টিত য’ত আজমলৰ ভোটবেংক আছে আৰু সেই ভোট বেংকসমূহক কেন্দ্ৰীভূত কৰি সেই সমষ্টিসমূহতো আজমলৰ দলক জিকি অহাৰ সুবিধা কৰি দিছে৷’ সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াৰ সমগ্ৰ বিষয়টোকে হিন্দু-মুছলমানৰ দৃষ্টিভংগীৰে চোৱাৰ তীব্ৰ বিৰোধিতা কৰি গগৈয়ে কয় যে একাংশ সংবাদ মাধ্যমেও এই দৃষ্টিভংগীটোক উৎসাহিত কৰা দেখা গৈছে, যিটো দুৰ্ভাগ্যজনক৷ সাংবিধানিক প্ৰক্ৰিয়া এটাত হিন্দু-মুছলমানৰ কথা থাকিব নালাগে৷ ইয়াত থাকিব লাগে খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষাৰ প্ৰশ্ন৷ সংবাদ মেলত গগৈয়ে কয় যে আজমলক কেনেকৈ ৰাজনৈতিক প্ৰতিষ্ঠা দিব খোজা হৈছে, সেয়া প্ৰস্তাৱিত ধুবুৰী আৰু কৰিমগঞ্জ লোকসভা সমষ্টি দুটাৰ অন্তৰ্গত বিধানসভা সমষ্টিকেইটা চালেই স্পষ্ট হৈ যাব৷ এতিয়া উক্ত লোকসভা সমষ্টি দুটা কাৰ্যতঃ আজমলৰ দলক উপহাৰ দিয়া হ’ল৷ তেওঁ লগতে কয়–বিজেপি দলৰ যিবোৰ ভোটবেংক, যিসকল মানুহে বিজেপিক পৰম্পৰাগতভাৱে ভোট দি আহিছে, মন কৰিব যে সেই ভোটবেংকসমূহক প্ৰায়সমূহ সমষ্টিতে কেন্দ্ৰীভূত কৰি সমষ্টিসমূহ এনেদৰে সজোৱা হৈছে যে সেইসমূহ সমষ্টিত বিজেপিৰ বিজয় যাতে নিশ্চিত হয়৷ গতিকে খিলঞ্জীয়াৰ সাংবিধানিক সুৰক্ষা বোলা কথাটো কেৱল কোৱা কথাহে৷ গগৈয়ে কয়– মুখ্যমন্ত্ৰীয়ে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা আওৰাই আছে৷ কিন্তু তেৱেঁই বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী আনি অসমীয়াৰ সুৰক্ষা নিশ্চিত কৰাৰ কথা কোৱা নাছিল জানো? আমাৰ দুৰ্ভাগ্য যে তেওঁ খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈছে ঠিকেই, কিন্তু সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ গোটেই প্ৰক্ৰিয়াটো চলাবৰ বাবে তেওঁ দায়িত্ব দি থৈছে এজন বনিয়া        

পশ্চিম গুৱাহাটী সমষ্টিৰ নাম সলনি নকৰাৰ আহ৩ান বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদকঃ ভাৰতৰ নিৰ্বাচনী আয়োগে চাৰিদিন পূৰ্বে অসমৰ লোকসভা আৰু বিধানসভা সমষ্টি সমূহৰ সীমা সাল -সলনিকে ধৰি পুনৰ গঠন সম্পৰ্কীয় খচৰা তালিকা প্ৰকাশ কৰাৰ পাছতে ৰাজ্যজুৰি ৰাজনৈতিক - অৰাজনৈতিক দল - সংগঠন সমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰিও শাসকীয় বিজেপি দলে ইতিমধ্যে এই খচৰাক আদৰণি জনোৱাৰ লগতে ইয়াক খিলঞ্জীয়াৰ ৰক্ষা কবচ বুলিও অভিহিত কৰিছে৷  ইয়াৰ মাজতে বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ অন্যতম অংশীদাৰী দল অগপৰ জেষ্ঠ্য নেতা আৰু শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই আমগুৰি সমষ্টিটো বিলুপ্ত কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ তেনেদৰে পশ্চিম গুৱাহাটী সমষ্টিটোৰ নামটো বিলুপ্ত কৰি নামটো চেণ্ট্ৰেল গুৱাহাটী কৰা কাৰ্যত আক্ষেপ প্ৰকাশ কৰিছে অগপ দলৰ বিধায়ক আৰু দলটোৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই৷ বিধায়ক কলিতাই পূৰ্বৰ দৰে সমষ্টিৰ নামটো পশ্চিম গুৱাহাটী বাহাল ৰখাৰ বাবে অনুৰোধ জনায় দলৰ সমষ্টি নিৰ্ধাৰণ কমিটিৰ আহ৩ায়কৰ জৰিয়তে দলৰ সভাপতি অতুল বৰাক শুকুৰবাৰে এখন পত্ৰ প্ৰেৰণ কৰিছে৷ পত্ৰখনত বিধায়ক কলিতাই উল্লেখ কৰিছে যে ভাৰতৰ নিৰ্বাচনী আয়োগে সমষ্টি সীমা নিৰ্ধাৰণৰ খচৰা প্ৰকাশ কৰিছে৷ এই খচৰাত পশ্চিম গুৱাহাটী সমষ্টিটো বিলুপ্ত কৰাত অত্যন্ত দুখ অনুভৱ কৰিছো৷ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত যেতিয়া ভাৰতবৰ্ষই গণতান্ত্ৰিক দেশ হিচাপে মৰ্যাদা লাভ কৰিলে আৰু অসমত নিৰ্বাচন অনুষ্ঠিত কৰিলে, তেতিয়াৰ পৰাই পশ্চিম গুৱাহাটী সমষ্টি হিচাপে নামকৰণ কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈ আহিছে৷ কিন্তু হঠাতে ৰাইজৰ আৱেগ অনুভূতিৰ কথা উপলব্ধি নকৰি পশ্চিম গুৱাহাটী সমষ্টিৰ বিলুপ্তি ঘটাই চেণ্ট্ৰেল গুৱাহাটী নামেৰে নামকৰণ কৰি সমষ্টিটোৰ খচৰা প্ৰকাশ কৰিলে৷ মই অনুৰোধ কৰো যে ৰাইজৰ আৱেগ-অনুভূতিৰ কথা চিন্তা কৰি আগৰ নামটোৱেই বাহাল ৰাখি এতিয়া প্ৰকাশ পোৱা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কিছু অঞ্চল সাল-সলনি কৰি চূড়ান্ত কৰিলে ৰাইজৰ ক’বলগীয়া একো নাথাকিব৷  বৰ্তমানৰ খচৰাত প্ৰকাশ পোৱা অনুযায়ী ২২ নং, ২৪ নং আৰু ৪৩ নং ৱাৰ্ড কেইটা দিছপুৰ সমষ্টিৰ সলনি চেণ্ট্ৰেল গুৱাহাটীতহে থাকিব লাগিছিল৷ ইফালে ৩১, ৩২ নং ৱাৰ্ড দুটা চেণ্ট্ৰেল গুৱাহাটীৰ পৰা নিউ গুৱাহাটীত থাকিব লাগিছিল আৰু তেতিয়া সমষ্টি ৰক্ষা কৰা হ’লহেঁতেন৷ অৱশ্যে এই পত্ৰ অনুসৰি দলৰ সভাপতি আৰু অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই অহা মাহত অসমলৈ আহিবলগীয়া নিৰ্বাচনী আয়োগৰ সজাতি দলৰ আগত পশ্চিম গুৱাহাটীৰ নামটো বাহাল ৰখা সন্দৰ্ভত কি আৰ্জি প্ৰকাশ কৰে সেয়া লক্ষণীয় হব৷