Logo
image

আমগুৰি সমষ্টি বিলুপ্ত কৰাৰ প্ৰতিবাদত 'ব্লেক আউট ঘণ্টা' পালন

ডিজিটেল সংবাদ, হালোৱাটিংঃ নিৰ্বাচন আয়োগৰ দ্বাৰা সদ্যঘোষিত সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱিত খচৰা তালিকাৰ পৰা ১০৩ নং আমগুৰি সমষ্টি বিলুপ্তকৰণৰ প্ৰতিবাদত সমষ্টিটোৰ সকলো ৰাজনৈতিক, অৰাজনৈতিক, জাতীয় দল-সংগঠনৰ লগতে আমগুৰিৰ সৰ্ব সাধাৰণ ৰাইজ ক্ষোভিত হৈ পৰিছে ৷ এই সমষ্টি বিলুপ্তিকৰণ প্ৰক্ৰিয়াক প্ৰতিহত কৰিব পৰাকৈ আমগুৰিত বিগত দুই-তিনি দিন ধৰি বিভিন্ন দল-সংগঠনে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ লগতে শনিবাৰে সন্ধিয়া ৭ বজাৰ পৰা এঘণ্টা সময়ৰ বাবে আমগুৰিত  প্ৰতিটো ঘৰত, ব্যৱসায়িক প্ৰতিষ্ঠানত বিজুলী সংযোগ কৰ্তন কৰি 'ব্লেক আউট ঘণ্টা' পালন কৰে৷

সন্ধিয়া ৭ বজাৰ লগে লগে আমগুৰি নগৰত এক অন্ধকাৰময় পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে নগৰখনৰ গৰিষ্ঠ সংখ্যক ব্যৱসায়ীয়ে তেওঁলোকৰ ব্যৱসায়-প্ৰতিষ্ঠান বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ ইপিনে আমগুৰি সমষ্টি বিলুপ্তকৰণৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ৰিতুমণি হাজৰিকা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰবীন হাজৰিকা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাঞ্জল হাজৰিকা, পল্লৱ জ্যোতি গগৈ, সদৌ অসম মহিলা সমিতিৰ ইন্দ্ৰানী ৰাজকুমাৰীলৈ জিলা আৰক্ষী প্ৰশাসনে আইনী জাননী প্ৰেৰণ কৰাৰ বিষয়ে জানিব পৰা গৈছে ৷