Logo
image

ফোনটো হেক হ’লে কেনেদৰে জানিব

প্ৰযুক্তিৰ ব্যৱহাৰ যিমানেই বাঢ়িছে, সিমানেই বৃদ্ধি পাইছে হেকিঙৰ দৰে অপৰাধ৷ সম্প্ৰতি ছাইবাৰ জালিয়াতি ইমানেই বাঢ়িছে যে এটা স্মাৰ্টফোন হেক কৰাটো হেকাৰসকলৰ বাবে সাধাৰণ বিষয় হৈ পৰিছে৷ স্মাৰ্টফোনটোত কেইটামান লক্ষণে দেখা দিলে বুজিব যে কোনোবাই আপোনাৰ ফোনটো হেক কৰিছে৷ ফোনটো হেক হ’লে দেখা দিয়া লক্ষণ–
- এণ্টিভাইৰাছ ছফ্‌টৱেৰ আপডেট কৰকঃ ফোনটোত এটা আপডেটেড এণ্টিভাইৰাছ স্কেনাৰ ডাউনলোড কৰি লওক৷  এণ্টিভাইৰাছ স্কেনাৰে মেলৱাৰ বা অন্যান্য বিপজ্জনক ছফ্‌টৱেৰ ফোনৰ পৰা বাহিৰ কৰি দিয়ে৷
- ফোনটোৰ ওপৰত নজৰ ৰাখকঃ আপোনাৰ স্মাৰ্টফোনটোত যদি কোনো অস্বাভাৱিক কাৰ্যকলাপ প্ৰত্যক্ষ কৰে, যেনে এপ্‌ছসমূহ নিজে নিজেই চলা দেখে, অতিৰিক্ত বেটাৰী খৰচ হয়, তেন্তে বুজিব যে  ফোনটো কোনোবাই হেক কৰিছে৷
- এপ্‌ছ চেক কৰকঃ যদি ফোনটোত হঠাৎ কোনো এপ্‌ ডাউনলোড হোৱা দেখে, তেন্তে বুজিব যে আপোনাৰ ফোনটো হেক হৈছে৷ এনে এপ্‌ প্ৰত্যক্ষ কৰাৰ লগে লগে তাক ডিলিট কৰি পেলাওক৷ অন্যথা এই এপৰ জৰিয়তে আপোনাৰ ফোনৰ সমস্ত ডাটা হেকাৰে চুৰি কৰিব৷
- ফোনটো অত্যধিক গৰম হ’লেঃ আপুনি ফোনটো ব্যৱহাৰ কৰি থকা নাই, অথচ ই নিজে নিজে অত্যধিক গৰম হৈ আছে৷ এনেকুৱা হ’লে সতৰ্ক হ’ব৷ ফোনটো কোনোবাই হেক কৰিলে এনেকুৱা হয়৷