Logo
image

নবাব হৈয়ো সন্তানক একো দিব নোৱাৰে ছেইফে

৫ হাজাৰ কোটিৰ সম্পত্তিৰ গৰাকী বলীউডৰ নবাব ছেঈফ আলী খান৷ অবাধ ধন-সম্পত্তিৰ গৰাকী ছেঈফ৷ প্ৰায় তিনিদশক ধৰি বলীউডত ৰাজত্ব কৰিছে কনিষ্ঠ নবাব ছেঈফে৷ তদুপৰি বিজ্ঞাপন, চিনেমাৰ পৰা পাৰিশ্ৰমিকৰ পৰা পায় কোটি কোটি টকা৷ বলীউডৰ নবাব হিচাপে খ্যাত ছেইফৰ পূৰ্বপুৰুষৰ বিশাল সম্পত্তি৷ কিন্তু বিশাল সম্পত্তিৰ গৰাকী হ’লেও সেই সম্পত্তি ছেইফে সন্তানক এধানমানো দিব নোৱাৰে৷ ছেইফ আলী খানৰ ককাক হামিদুল্লাহ খান ব্ৰিটিছ আমোলতে নবাব আছিল৷ ছেইঈফৰ পিতৃ হ’ল প্ৰাক্তন ক্ৰিকেটাৰ তথা নবাব মনছুৰ আলী খান পাটাউডী৷ মাতৃ কিংবদন্তী অভিনেত্ৰী শৰ্মিলা ঠাকুৰ৷ ছেইফে প্ৰথমে বিবাহ কৰাইছিল অমৃতা সিঙক৷ ছেইফ আৰু অমৃতাৰ দুটি সন্তান– ছাৰা আলী খান আৰু ইব্ৰাহিম আলী খান৷ পৰৱৰ্তী সময়ত অমৃতাৰ সৈতে ছেইফৰ বিবাহ বিচ্ছেদ হয়৷ দ্বিতীয়বাৰৰ বাবে ছেইফে অভিনেত্ৰী কৰিণা কাপুৰৰ সৈতে বিবাহত আৱদ্ধ হয়৷ দুয়োৰে দাম্পত্য জীৱনলৈ আহে টাইমূৰ আৰু জেহ নামৰ দুটি সন্তান৷ দুটাকৈ প্ৰযোজনা সংস্থাৰ গৰাকী ছেইফ৷ সেই দিশৰ পৰা ১,১৮০ কোটি   টকাৰ গৰাকী৷ হাৰিয়ানাৰ পাটাউডী পেলেচ আৰু ভূপালৰ পৈতৃক সম্পত্তিসহ অভিনেতাজন ৫ হাজাৰ কোটি  টকাৰ সম্পত্তিৰ গৰাকী৷ ছেইফৰ ককাক ব্ৰিটিছ আমোলৰ নবাব৷ কিন্তু তেওঁৰ সম্পত্তিৰ কোনো উইল কৰা নাছিল৷ সেই কাৰণেই পাকিস্তানত বসবাস কৰা  ছেইফৰ আইতাকৰ পৰিয়ালৰ অশান্তিৰ কাৰণ হৈ পৰিছে৷ ছেইফৰ সেই পৈতৃক সম্পত্তি  ভাৰত চৰকাৰ শত্ৰু বিৰোধী আইনৰ আওতাত আছে৷ সেই সম্পত্তি কোনেও নিজৰ বুলি দাবী কৰিব নোৱাৰে৷ যাৰ বাবে বিশাল সম্পত্তি থাকিলেও সেই সম্পত্তি ছেইফে নিজ সন্তানক দিব নোৱাৰে৷