Logo
image

ছলমান হত্যাৰ সংকল্পত অটল গ’ল্ডী

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৭ জুনঃ বলীউডৰ ‘চুলতান’ ছলমান খানক হত্যা কৰিবই বুলি হুংকাৰ দিছে কানাডাত আশ্ৰয় লৈ থকা গেংষ্টাৰ গ'ল্ডী ব্ৰাৰে৷ ইণ্ডিয়া টুডে’ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত গ’ল্ডী ব্ৰাৰে কয়– ‘আমি তেওঁক মাৰিমেই৷ নিশ্চিতভাৱে হত্যা কৰিম৷ ভাই চাহেবে (লৰেন্স বিষ্ণই) কৈ দিছে, তেওঁ ছলমানক ক্ষমা নকৰে৷ বাবাই তেতিয়াহে দয়া দেখুৱায়, যেতিয়া দেওঁ দয়ালু হৈ থাকে৷ আমি আগতে কোৱাৰ দৰেই আমাৰ কিল-লিষ্টৰ ওপৰত ছলমানৰ নাম আছে৷ বাকীবোৰো লাহে লাহে আহি থাকিব৷ আমি জীয়াই থকালৈকে এটাৰ পাছত এটাকৈ হত্যা কৰি যাম৷ অৱশ্যেই ছলমান খান আমাৰ প্ৰথম আৰু মূল লক্ষ্য৷ আমি চেষ্টা চলাই যাম, কেতিয়া সফল হওঁ, সেয়া আপোনালোকে জানিব৷’ উল্লেখ্য, লৰেন্স বিষ্ণই আৰু তেওঁৰ সহযোগী গেংষ্টাৰ গ’ল্ডী ব্ৰাৰে ছলমান খানক হত্যা কৰিব বুলি তিনি মাহ পূৰ্বে ছলমানৰ সহযোগী প্ৰশান্ত গুঞ্জালকাৰলৈ ই-মেইলত ভাবুকি দিছিল৷ তেতিয়াৰ পৰা ছলমানৰ নিৰাপত্তা ব্যৱস্থা ‘ৱাই’ কেটেগৰীলৈ বৃদ্ধি কৰা হৈছে৷ এইবাৰ ব্ৰাৰে মুকলিভাৱে ৰাষ্ট্ৰীয় টিভি চেনেলত সাক্ষাৎকাৰ দি ছলমানক হত্যাৰ ভাবুকি দিয়ে৷ একেটা সাক্ষাৎকাৰতে গ’ল্ডী ব্ৰাৰে দাবী কৰে, পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাক তেওঁলোকেই যোৱা মে’ত হত্যা কৰিছিল৷ উল্লেখ্য, গল্ডী ব্ৰাৰ সম্প্ৰতি কানাডাৰ বাসিন্দা৷ ছলমান খানক হত্যাৰ ভাবুকি দিয়াৰ পাছত তেওঁক ‘ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে’ সোধা-পোছা কৰিছিল যদিও তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ ৰুজু নকৰিলে৷ কানাডাত তেওঁৰ বিৰুদ্ধে কোনো ফৌজদাৰী গোচৰ নাই আৰু তেওঁ মুক্তভাৱেই থাকে৷ আনহাতে, গ’ল্ডীৰ মুৰব্বী গেংষ্টাৰ লৰেন্স বিষ্ণই সম্প্ৰতি তিহাৰ কাৰাগাৰত বন্দী৷ তেওঁ আৰু গ’ল্ডী ব্ৰাৰৰ অধীনত দেশত ৭০০ শ্বুটাৰ আছে, তাৰ যিকোনো এজনেই ছলমান খানৰ বাবে মাৰাত্মক হৈ পৰিব পাৰে৷