Logo
image

অ’চি পলাতক, সন্ধান দিলে পুৰস্কাৰ ঘোষণা ডিজিপিৰ

‘আমাৰ অসম’,৩০ জুনঃ  অসম আৰক্ষীক কলংকৃত কৰা নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ কাণ্ডই ৰাজ্যত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে৷ এগৰাকী কিশোৰীক থানাৰ ভিতৰতে নিশা আৰক্ষী বিষয়াই উলংগ কৰি ফটো তোলা ঘটনাৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া অব্যাহত আছে৷ নিশা দুই বজাতো  এগৰাকী মহিলাই আৰক্ষী থানালৈ আহিব পৰা পৰিৱেশ গঢ়ি তুলিব লাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ সময়তে নলবাৰীৰ ঘগ্ৰাপাৰ থানাত সংঘটিত এনে জঘন্য তথা লজ্জাজনক কাণ্ডই ৰাজ্যৰ আৰক্ষী বিভাগৰ ভিতৰচ’ৰাতো কঁপনিৰ সৃষ্টি কৰিছে৷ উক্ত যৌন নিৰ্যাতনৰ ঘটনাৰ লগত জড়িত আৰক্ষী বিষয়াক এইপৰ্যন্ত চিনাক্ত কৰিবলৈ সক্ষম নোহোৱাৰ সময়তে থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ে আজি পলায়ন কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷ এনে অৱস্থাত এইজন বিতৰ্কিত আৰক্ষী বিষয়া উক্ত জঘন্য কাণ্ডৰ লগত জড়িত থকাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে৷ ইফালে, পলাতক আৰক্ষী বিষয়াজনক চাকৰিৰ পৰা আজি নিলম্বন কৰা হৈছে বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে৷ জনা মতে, বকো থানাত ভাৰপ্ৰাপ্ত বিষয়া [অ’চি] হৈ থকা সময়তো এইজন আৰক্ষী বিষয়া গ্ৰেপ্তাৰ হ’বলগা হৈছিল৷ আনহাতে, সাধাৰণ জনতাৰ ক্ষেত্ৰত তৎপৰ হৈ পৰা আৰক্ষীয়ে উক্ত ঘটনাৰ এজাহাৰ দাখিলৰ তিনিদিন পাছতো অভিযুক্ত আৰক্ষী বিষয়াক আটক নকৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ লক্ষ্যণীয়ভাৱে কিশোৰী এগৰাকীক থানাৰ ভিতৰত এনেদৰে ৰাখিব নোৱাৰে যদিও উক্ত নিশা কি কাৰণত কিশোৰীগৰাকীক থানাত ৰাখি থোৱা হৈছিল তাক লৈও বিভিন্ন মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে৷ থানাৰ ভিতৰতে নিশা কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱা জঘন্য কাণ্ডক সচেতন মহলে ধিক্কাৰ দিয়াৰ সময়তে আজি জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা এখন সংবাদ মেল সম্বোধন কৰি কয়— ‘সমস্ত ঘটনাৰ নিৰপেক্ষ তদন্ত হ’ব আৰু মই নিজে এই ঘটনাৰ পৰ্যৱেক্ষণত আছোঁ৷ থানাৰ চিচি কেমেৰা বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰোৱা হ’ব৷ ঘগ্ৰাপাৰ থানাত ঘটনাৰ দিনা কৰ্তব্যত নিয়োজিত আটাইকেইজনকে কাইলৈ নলবাৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই অভিযুক্ত আৰক্ষীক চিনাক্ত কৰাৰ ব্যৱস্থা কৰা হ’ব৷ প্ৰকৃত অভিযুক্ত আৰক্ষী চিনাক্ত হ’লে ইয়াৰ পাছত আইন অনুসৰি অভিযুক্তৰ বিৰুদ্ধে বিহীত ব্যৱস্থা লোৱা হ’ব৷ কিশোৰীজনীৰ স্বাস্থ্য পৰীক্ষা সেইদিনাই কৰাব লাগিছিল, যদি কৰা নাই তেন্তে তেনেবোৰ কথাও তদন্তৰ আউটিত আহিব৷ কিশোৰীজনীক সেইদিনাই ৰাজ্যিক শিশুগৃহত বা শিশু কল্যাণ সমিতিৰ তাত ৰাখিব লাগিছিল৷ এই সকলোবোৰ বিষয় গোচৰৰ আউটিত থাকিব৷ আমি এই সকলোবোৰ পৰ্যৱেক্ষণত ৰাখিছোঁ৷ আইনী যি ব্যৱস্থা ল’ব লাগে সেয়াও হ’ব আৰু বিভাগীয়ভাৱে যি ব্যৱস্থা ল’ব লাগে সেয়াও কৰা হ’ব৷’ অভিযুক্তক চিনাক্ত কৰাৰ বাবে অন্য ঘটনাত ন্যায়ালয়ৰ জৰিয়তে কৰা নহয় যদিও আৰক্ষী জড়িত থকা এনে ঘটনাত কিয় ন্যায়ালয়ৰ জৰিয়তে কৰিব লগা হ’ল বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষকজনে ক’ৰ্ট বা ন্যায়ালয়ক আগতীয়াকৈ নজনাকৈ আচামীক আগতীয়াকৈ চিনাক্ত কৰিলে পাছত ন্যায়ালয়ত গোচৰটো ফেইল মাৰে বুলি সংবাদ মেলত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে আৰক্ষী অধীক্ষকজনে৷ ইপিনে, আন এক প্ৰশ্নৰ উত্তৰত যিহেতু অভিযুক্তৰ নাম এজাহাৰত উল্লেখ কৰা নাই, সেয়ে আটাইবোৰ আৰক্ষীক নিলম্বিত কৰিলে থানা নচলে বুলিও তেওঁ মন্তব্য কৰে৷ এই সংবাদ মেলৰ পিছতেই নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয় অসম আৰক্ষীৰ উপ আৰক্ষী সঞ্চালকপ্ৰধান [ডি আই জি] ব্ৰজেন্দ্ৰজিৎ সিনহা৷ ডিআইজিজনে তাৰ পৰা পোনে পোনে ঘগ্ৰাপাৰ থানালৈ গৈ ঘটনাৰ বুজ লয়৷

আৰক্ষী সঞ্চালকপ্ৰধানৰ প্ৰতিক্ৰিয়াঃ কঠোৰ সকীয়নি প্ৰদান কৰিছে ডিজিপিয়ে৷ উক্ত ঘটনাক লৈ ডিজিপি জিপি সিঙে টুইট কৰি কয় যে কোনো দোষী আৰক্ষী সাৰি নাযাব৷ চিচি টিভিৰ দৃশ্য নিৰীক্ষণ কৰি লোৱা হ’ব কঠোৰ ব্যৱস্থা৷

ঘগ্ৰাপাৰ থানাৰ অ’চি পলাতক, নিলম্বনঃ থানাৰ ভিতৰতে কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হোৱা ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয় সম্প্ৰতি পলাতক হৈ আছে৷ পলাতক আৰক্ষী বিষয়াজনক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে৷ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে টুইটযোগে এই কথা প্ৰকাশ কৰিছে৷ সম্প্ৰতি পলাতক হৈ থকা আৰক্ষী বিষয়াজনৰ কোনো লোকে সম্ভেদ পালে নলবাৰী আৰক্ষী অধীক্ষকক জনাবলৈও আহ্বান জনোৱা হৈছে৷ সন্ধান দিওঁতাক পুৰস্কাৰ দিয়া হ’ব বুলিও আৰক্ষী সঞ্চালকপ্ৰধানজনে ঘোষণা কৰিছে৷ লক্ষ্যণীয়ভাৱে উক্ত কাণ্ড সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধানৰ নিৰ্দেশমৰ্মে নলবাৰীত উপস্থিত হোৱা ডিআইজি ব্ৰজেন্দ্ৰজিৎ সিনহা ঘগ্ৰাপাৰলৈ যোৱাৰ পূৰ্বেই পলায়ন কৰে থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়৷

প্ৰকৃততে কি ঘটিছিল ২১ জুনতঃ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত বালিতাৰা গাঁৱৰ মোমায়েকহঁতৰ ঘৰত থকা ১৭ বছৰীয়া কিশোৰীগৰাকীয়ে পূৰ্বৰে পৰা প্ৰেমৰ সম্পৰ্ক থকাওচৰৰে এজন মুছলমান কিশোৰৰ সৈতে পলাই গৈছিল৷ পাছত সিদিনা নিশাৰ ভাগতে দুই কিশোৰ-কিশোৰীক নলবাৰী চহৰৰ হৰিমন্দিৰৰ সমীপৰ নৱনিৰ্মিত উৰণীয়া সেতুৰ তলৰ পৰা স্থানীয় একাংশ লোকে কৰায়ত্ত কৰি নলবাৰী সদৰ আৰক্ষীক গতাই দিছিল৷ কিন্তু দুয়োজনৰে ঘৰ জিলাখনৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অধীনৰ হোৱা হেতুকে নলবাৰী সদৰ আৰক্ষীয়ে সিদিনা নিশাই ঘগ্ৰাপাৰ থানাত চমজাই দিছিল৷ সেইমৰ্মে কিশোৰজনক আৰক্ষীয়ে পৰিয়ালৰ লোকক চমজাই দিয়ে যদিও মোমায়েকহঁতৰ ঘৰত থকা কিশোৰীগৰাকীক ককা-আইতাকে ৰাখিবলৈ অস্বীকাৰ কৰাত ২১জুনৰ নিশা ঘগ্ৰাপাৰ থানাতে ৰাখে৷ কিশোৰীগৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি ঘগ্ৰাপাৰ থানাৰ ভিতৰত সিদিনা নিশা সাধাৰণ পোছাকত থকা কৰ্তব্যৰত এজন আৰক্ষী বিষয়াই কিশোৰীগৰাকীক ভয় দেখুৱাই উলংগ হ’বলৈ দি ফটো তোলাৰ লগতে অশ্লীল ইংগিতো দিয়ে৷ লিজা টায়ে নামৰ এজন আৰক্ষী বিষয়াই এই সম্পৰ্কে অৱগত বুলিও ২৬ জুনত নলবাৰী সদৰ থানাত কিশোৰীগৰাকীয়ে দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে৷ পৰৱৰ্তী সময়ত আৰক্ষী বিষয়াজনে এই সন্দৰ্ভত মুখ নুখুলিবলৈও কিশোৰীগৰাকীক ভাবুকি দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ আনহাতে, পিছদিনা শিশু কল্যাণ সমিতিৰ ওচৰত কিশোৰীগৰাকীক হাজিৰ কৰোৱাত শিশু কল্যাণ সমিতিৰ বিষয়ববীয়ায়ো ৰহস্যজনকভাৱে বিষয়টো সন্দৰ্ভত মুখ বন্ধ ৰাখিবলৈ কিশোৰীগৰাকীক ধমক দিয়া বুলি এজাহাৰত উল্লেখ কৰিছে৷ নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অলান্দিতা গগৈক দিয়া হৈছে ঘগ্ৰাপাৰ থানাত কিশোৰীক যৌন নিৰ্যাতন চলোৱা ঘটনাৰ দায়িত্ব৷ তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীয়ে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি আজি থানাখনৰ কেইজনমান আৰক্ষীক উক্ত ঘটনা সন্দৰ্ভত সোধা-পোছা কৰা বুলি জনা গৈছে৷ বাতৰি লিখা পৰলৈকে থানাখনৰ কোনো এজনকে ৰিজাৰ্ভ ক্ল’জ কৰা নাই বুলি আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জানিবলৈ দিছে৷ ইফালে বেলশৰৰ চক্ৰ পৰিদৰ্শক নিৰ্মল বিশ্বাসক পলাতক বিমান ৰয়ৰ ঠাইত ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰূপে নিযুক্তি দিয়া হৈছে৷

অভিযুক্ত আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবীত নলবাৰীত প্ৰতিবাদ

ঘগ্ৰাপাৰ থানাত নগ্ন ফটো উঠোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবীত আজি নলবাৰীত প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ অভিযুক্ত আৰক্ষী বিষয়াক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবীত আজি নলবাৰী চহৰত অল ইণ্ডিয়া ডিএছ অ’ আৰু অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠন দুটাই বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

আদালতলৈ যাব লাগিব ঘগ্ৰাপাৰ থানাৰ সকলো আৰক্ষী

‘আমাৰ অসম’ৰ ঘগ্ৰাপাৰৰ প্ৰতিবেদকঃ নলবাৰীৰ ঘগ্ৰাপাৰ থানাত এগৰাকী কিশোৰীক উলংগ কৰি আৰক্ষী বিষয়াই ফটো তোলাৰ অভিযোগৰ পাছত উত্তেজনাৰ সৃষ্টি হৈছে৷ উল্লেখ্য, ঘগ্ৰাপাৰ থানাৰ এজন এছআই পৰ্যায়ৰ বিষয়াই ঘগ্ৰাপাৰ থানাত ২১জুনৰ নিশা নাঙঠ কৰি ফটো তোলাৰ অভিযোগ তুলি নলবাৰী থানাত এজাহাৰ দাখিল কৰিছিল কিশোৰীগৰাকীয়ে৷ ইতিমধ্যে নলবাৰীৰ আৰক্ষী অধীক্ষকজনে অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈক তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে৷ ইফালে আজি উক্ত বিষয় সন্দৰ্ভত তদন্ত আৰম্ভ কৰিবলৈ ঘগ্ৰাপাৰ থানাত উপস্থিত হয় অলিন্দিতা গগৈ৷ আনহাতে, নলবাৰীৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে এক সংবাদ মেলযোগে পকছ’ আইনৰ অধীনত গোচৰ ৰুজু কৰা বুলি জানিবলৈ দি দোষীয়ে কঠোৰ শাস্তি পাব বুলি সদৰি কৰে৷ তদন্ত নিৰপেক্ষ হ’ব বুলি সদৰি কৰি কালি আদালতত কিশোৰীগৰাকীক হাজিৰ কৰি দোষী চিনাক্তৰ পদক্ষেপ কৰা হ’ব৷ আনহাতে, নামনি অসমৰ ডিআইজিয়ে সমগ্ৰ বিষয়টো পৰ্যৱেক্ষণ কৰি থকা বুলিও সদৰি কৰে৷ ঘগ্ৰাপাৰ থানাৰ প্ৰতিজন আৰক্ষী বিষয়া-জোৱান চিনাক্তকৰণৰ সময়ত আদালতত হাজিৰ হ’ব লাগিব৷ উল্লেখ্য, কিশোৰীগৰাকী এগৰাকী কিশোৰৰ সৈতে পলাই যোৱাত নলবাৰী সদৰ আৰক্ষীয়ে আটক কৰি নিশা ঘগ্ৰাপাৰ থানাত গতাই দিছিল৷ উল্লেখ্য, ঘটনাটো সমগ্ৰ ৰাজ্যৰ লগতে জিলাখনত ব্যাপক চৰ্চা হৈ থকাৰ সময়তে আজি ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমান ৰায় আৰু উপ-পৰিদৰ্শক বিশাল কাশ্যপক ৰিজাৰ্ভ ক্ল’জ কৰা বুলি জানিব পৰা গৈছে৷ বৰ্তমানেও সমগ্ৰ ঘটনাটোৱে উত্তেজনা বিৰাজ কৰিছে৷ আনহাতে, এনে নিৰ্লজ্জ কাণ্ডৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ঘগ্ৰাপাৰ অঞ্চলৰ বিভিন্ন দল-সংগঠন তথা সচেতন ৰাইজে৷

দোষী আৰক্ষীক কঠোৰ শাস্তি বিহাৰ দাবী তৃণমূল কংগ্ৰেছৰ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ ঘগ্ৰাপাৰ থানাত আৰক্ষীয়ে এগৰাকী কিশোৰীক উলংগ কৰি ফটো উঠোৱাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই৷ বৰাই এই ঘটনাৰ নিন্দা কৰাৰ লগতে এই ঘটনাসমূহৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিছে৷ অসম তৃণমূলৰ সভাপতিজনে কয়– ‘ঘগ্ৰাপাৰা থানাত এগৰাকী আৰক্ষী বিষয়াই কিশোৰীক নগ্ন কৰি ফটো উঠোৱাৰ ঘটনাত আমি লজ্জিত হৈছো৷ এয়া এক যৌন নিৰ্যাতনৰ ঘটনা৷ ৰক্ষকেই ভক্ষকৰ ৰূপত অৱতীৰ্ণ হৈ এই অমানৱীয় কাণ্ড কৰাসকলক গৰিহণা দিয়াৰ লগতে কঠোৰ শাস্তি বিহাৰ দাবী জনাইছো৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে অভিযোগ দিয়াৰ পাছতো দোষী আৰক্ষীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গৃহ বিভাগে৷ ৰাইজক নিৰাপত্তা-সুৰক্ষা দিবলগীয়া স্বয়ং আৰক্ষীয়েই যদি এনে কাণ্ড কৰে, তেন্তে বিজেপি শাসনত অসম কোন দিশলৈ গতি কৰিছে, সেয়া সহজেই অনুমেয়৷ কেৱল ঘগ্ৰাপাৰ থানাৰ এই ঘটনাটোৱেই নহয়, শেহতীয়া সময়ছোৱাত অসম আৰক্ষীৰ একাংশৰ বহু অপৰাধ কাণ্ডৰ কথা সকলোৰে দৃষ্টিগোচৰ হৈছে৷ জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ লগত বহু কেইজন আৰক্ষী বিষয়াৰ নাম সাঙোৰ খাইছে৷ নকল সোণৰ বেহাত উচ্ছ পদস্থ আৰক্ষী বিষয়া জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে৷ একাধিক অনাকাংক্ষিত এনকাউণ্টাৰৰ ঘটনা সংঘটিত কৰি মানৱতাক খৰ্ব কৰা বুলি গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ ককৰ্থনাৰ সন্মুখীন হ’বলগীয়া হৈছে অসম আৰক্ষী৷ আনহাতে, আইন নিজৰ হাতত তুলি অসম আৰক্ষীয়ে বহু ঘৰ, অনুষ্ঠান বুলডজাৰেৰে ভাঙি ন্যায়ালয়ৰ সমালোচনাৰ সন্মুখীন হৈছে৷ সেইদৰে কণমানি শিশুসহ এগৰাকী মহিলা কোনো গোচৰ ৰুজু নোহোৱাকৈ থানাত ৰাখি থোৱাৰ বাবে উচ্ছ ন্যায়ালয়ে ধুবুৰী জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষকক ককৰ্থনা কৰিছে৷ আমি সকলোৱেই জানো  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অপৰাধীক আঁঠুৰ তলত গুলীয়াবলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়াৰ কথা৷ অৰ্থাৎ নিজকে আইন-আদালতৰ উদ্ধৰ্ত বুলি ভাবিবলৈ আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ উচটনিত একাংশ আৰক্ষীৰ উদ্ধৰ্তালি দিনক দিনে বৃদ্ধি পাইছে৷ আইন-আদালতক বুঢ়া আঙুলি দেখুৱাই আৰক্ষী আজি গুৰু-গোঁসাই নামানি নিজে অপৰাধৰ কেন্দ্ৰ হৈ পৰিছে৷ আৰক্ষীৰ ওপৰত এই নিয়ন্ত্ৰণহীনতাই গৃহ বিভাগৰ চূড়ান্ত ব্যৰ্থতাৰ ছবিখন উদঙাই দিছে৷ আৰক্ষীৰ শেহতীয়া কাণ্ডবোৰৰ বাবে মুখ্যমন্ত্ৰী যে নিজেই জগৰীয়া, সেই কথা জল-জল পট-পট হৈ পৰিছে৷  দায়িত্বভাৰ গ্ৰহণৰ পাছত মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষী এতিয়াৰে পৰা বেলেগ হ’ব বুলি কৈছিল৷ এতিয়া সময় যোৱাৰ লগে লগে কি বেলেগ হৈছে, আমি সকলোৱেই দেখিবলৈ পাইছো৷ মুখ্যমন্ত্ৰীয়ে দিয়া উচটনিৰ বাবে আজি আৰক্ষীয়ে অপৰাধমূলক কাম কৰিবলৈ সাহস পাইছে৷’ এনে পৰিপ্ৰেক্ষিতত ব্যৰ্থতাৰ অন্য নাম হৈ পৰা গৃহ বিভাগৰ মুৰব্বী হিমন্ত বিশ্ব শৰ্মাৰ গাদীত বৰ্তি থকাৰ কোনো নৈতিক অধিকাৰ নাই বুলি বৰাই ক্ষোভ প্ৰকাশ কৰি কয়৷