Logo
image

১৫ বছৰৰ বাবে গুজৰাটৰ প্ৰতিষ্ঠানক গতালে দীঘলীপুখুৰী

ডিজিটেল সংবাদ, গুৱাহাটীঃ জাতি-মাটি-ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা বিজেপি চৰকাৰখনে এপদ এপদকৈ অসমৰ ৰাজহুৱা  সম্পদ বহিঃৰাজ্যৰ পুঁজিপতি, গুজৰাটৰ ব্যৱসায়-প্রতিষ্ঠানক গতোৱা প্ৰতিযোগিতাত নামি পৰিছে। তথাকথিত উন্নয়নৰ নামত চৰকাৰখনে বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক অসমলৈ ৰঙা দলিচাৰে আদৰণি জনাইছে। এই অভিযোগ কৰিছে  আপ, অসমৰ ৰাজ্যিক সমিতিৰ উপ-সভাপতি জিতুল ডেকাই।

শুকুৰবাৰে আপৰ  মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত  জিতুল ডেকাই কয় যে সকলো সা-সুবিধা থকাৰ পিছতো চৰকাৰী বিভাগসমূহো এতিয়া ব্যক্তিগত প্ৰতিষ্ঠানৰ ওপৰত নিৰ্ভৰশীল হব লগা হৈছে। ইতিমধ্যে চৰকাৰী সদিচ্ছাৰ অভাৱত ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্রতিষ্ঠান এফালৰ পৰা ব্যক্তিগতকৰণ হব ধৰিছে। চৰকাৰে ৰাজহুৱা খণ্ডৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ ২০০খনকৈ ইলেকট্রিক বাছ, পশু চিকিৎসা বিভাগৰ ভ্ৰাম্যমাণ চিকিৎসা গোটক ব্যক্তিগত প্রতিষ্ঠানক গতাবলৈ প্রস্তুতি চলাইছে। শেহতীয়াকৈ এই বিকাশ আৰু উন্নয়নৰ জয়ঢোল বজোৱা বিজেপি চৰকাৰখনে গুৱাহাটীৰ মাজমজিয়াত থকা সৌন্দৰ্যৰ আকৰ স্বৰূপ গুৱাহাটীৰ গৌৰৱ দীঘলীপুখুৰীটোও গতাইছে গুজৰাটৰ ব্যৱসায়ী প্রতিষ্ঠানক। ইচি এইচ টি কংলোমেৰাত প্রাইভেট লিমিটড' নামৰ গুজৰাটৰ আহমেদাবাদৰ প্রতিষ্ঠানটোক দীঘলীপুখুৰীৰ লগতে  তাৰ  পাৰ্ক, ৰেস্তোৰাঁ, নৌকা আদি সকলো ১৫বছৰৰ বাবে আবণ্টন দিছে পর্যটন বিভাগে। এই দীঘলীপুখুৰীৰ পাৰ্ক, ৰেস্তোৰাঁ আদি আগতে এগৰাকী অসমীয়া লোকে চলাইছিল।


নাওঁ কেইখন চলাইছিল বিভাগে নিজে। কিন্তু হঠাৎ চৰকাৰে এনেদৰে গুজৰাটৰ ব্যৱসায়ীক গটাই দিয়া কাৰ্যই হোটেল, ৰেস্তোৰাঁৰ ব্যৱসায় কৰা সফল অসমীয়া ব্যৱসায়ীসকল আচৰিত হৈছে। কাৰণ অসমত এতিয়া হোটেল, পর্যটন ক্ষেত্রখনত বহু স্থানীয় সফল উদ্যোগীয়ে আত্মপ্রকাশ কৰিছে। কিন্তু চৰকাৰৰ নজৰত দীঘলীপুখুৰীৰ পর্যটন ক্ষেত্রখন চলাব পৰা কোনো অসমীয়া উদ্যোগী নোলাল। সেয়ে গুজৰাটৰ ব্যৱসায়িক দীঘলীপুখুৰীটোও গতাব লগা হ'ল। পর্যটন বিভাগে এই নিবিদা প্রক্রিয়া স্বচ্ছতাৰে সম্পন্ন কৰা নাছিল। এই নিবিদাৰ কথা বহুল ভাবে প্রচাৰো কৰা নহ'ল। যিখন চৰকাৰে নিবনুৱাক ব্যৱসায় কৰিবলৈ দুই লাখ টকাকৈ আর্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে সেইখন চৰকাৰে দীঘলীপুৰীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা ব্যৱসায়সমূহ অসমীয়া যুৱকক দিব লাগিছিল। সাধাৰণ দীঘলীপুখুৰীটোও গুজৰাটৰ ব্যৱসায়ী প্রতিষ্ঠানক গতোৱা চৰকাৰখনে সংগোপনে আৰু কি কি সম্পদ গতাব, তাৰ ওপৰত নজৰ ৰাখিব লাগিব। হয়তো কাইলৈ শিলসাঁকো অঞ্চলটোও এনে ব্যক্তিগত প্রতিষ্ঠানক গতাই দিব বুলি জিতুল ডেকাই সদৰি কৰে। আনহাতে সংবাদমেলত আপৰ সাংগঠনিক সম্পাদক দীপাংকৰ কলিতা আৰু যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱা উপস্থিত থাকে।