Logo
image

জীৱাণু সংক্ৰমণত সংজ্ঞা হেৰুৱাই চিকিৎসাধীন মেডোনা

জীৱাণু সংক্ৰমণত আক্ৰান্ত হৈছে পপ বিশ্বৰ সম্ৰাজ্ঞী মেডোনা৷ শনিবাৰে সংজ্ঞাহীন অৱস্থাত পোৱা যায় পপ কুইনগৰাকীক৷ তাৰ পাছতে মেডোনাক ভৰ্তি কৰোৱা হয় নিউয়ৰ্কৰ চিটী হাস্পতালত৷ সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে এসময়ত পপ বিশ্ব উত্তাল কৰি ৰখা ‘মেটেৰিয়েল গাৰ্ল’খ্যাত বিশ্বখ্যাত গায়িকাগৰাকী৷ খবৰ অনুসৰি জীৱাণু সংক্ৰমণত ভুগিছে তেওঁ৷ সংজ্ঞাহীন অৱস্থাত মেডোনাক উদ্ধাৰ কৰি শীঘ্ৰে নিউয়ৰ্কৰ চিটী হাস্পতালত ভৰ্তি কৰোৱা হয়৷ তেওঁৰ অৱস্থা সংকটজনক হোৱাত আই চি ইউলৈ স্থানান্তৰ কৰা হয়৷ পৰৱৰ্তী সময়ত ৬৪ বছৰীয়া গায়িকাগৰাকীক চিকিৎসালয়ৰ পৰা নিউয়ৰ্কৰ ঘৰলৈ অনা হয়৷ এক ঘনিষ্ঠ সূত্ৰৰ খবৰ যে মেডোনাৰ বমি বন্ধ হোৱা নাই৷ জানিব পৰা মতে বিশ্ববিশ্ৰুত গায়িকাগৰাকী বৰ দুৰ্বল হৈ পৰিছে৷ বিছনাৰ পৰা উঠিবই পৰা নাই৷ জীৱাণু সংক্ৰমণৰ বাবে তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটা বুলি বাতৰি প্ৰকাশ৷ তেওঁৰ  অৱস্থা বৰ্তমান স্থিতিশীল যদিও সম্পূৰ্ণ সুস্থ নহয়, প্ৰায়ে বমি হৈ আছে বুলি সদৰি কৰিছে মেডোনাৰ মেনেজাৰ গাই ওজাৰিয়ে৷ তেওঁ লগতে জনোৱা মতে অসুস্থতাৰ বাবেই মেডোনাৰ সকলো অনুষ্ঠান বাতিল কৰা হয়৷ ষাঠিৰোদ্ধৰ্ৰ পপ তাৰকাগৰাকীৰ শাৰীৰিক অৱস্থাৰ বাবেই তেওঁৰ ‘ৱল্ডৰ্ ট্যুৰ’ অনুষ্ঠান বাতিল কৰা বুলিও মেডোনাৰ টিমে সদৰি কৰিছে৷ উল্লেখ্য জুলাই মাহৰ পৰা মেডোনা ৱল্ডৰ্ ট্যুৰ অনুষ্ঠান আছিল৷ আমেৰিকা, ব্ৰিটেইনক একাধিক চহৰক ধৰি আমষ্টাৰডামত শেষ হোৱাৰ কথা আছিল মেডোনাৰ ‘চেলিব্ৰেশ্যন ট্যুৰ’ৰ৷