Logo
image

বিবাহৰ ১১ বছৰৰ পাছত কন্যা সন্তানৰ পিতৃ হ’ল অভিনেতা ৰামচৰণ

২০ জুনৰ পুৱাই এক সুখবৰ দিলে দক্ষিণৰ তাৰকা ৰামচৰণ আৰু স্ত্ৰী উপাসনাই৷ এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ল দুয়ো৷ হায়দৰাবাদৰ এপল’ হাস্পতালত এটি কন্যাসন্তান জন্ম দিয়ে উপাসনাই৷ নাতিনীৰ আগমনত আনন্দই নধৰা হৈছে ককাক অভিনেতা চিৰঞ্জীৱীৰ৷ ছুপাৰষ্টাৰ চিৰঞ্জীৱিয়ে টুইটাৰত লিখিছে ‘ হনুমানজীৰ কৃপাত ৰামচৰণ আৰু পত্নী উপাসনাৰ সংসাৰে পূৰ্ণতা পালে৷’ বিবাহৰ ১১ বছৰৰ পাছত সন্তানৰ মুখ দেখে ৰামচৰণ-উপাসনাই৷ আৰ আৰ আৰৰ সফলতাৰ পাছত নায়ক ৰামচৰণৰ জীৱনত সুখবোৰে উপচি পৰিছে৷