Logo
image

কাছাৰত দলবদ্ধ ধৰ্ষণ কাণ্ডঃ ছাত্ৰীৰ মৃত্যু, ২ যুৱকক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰত দলবদ্ধ ধৰ্ষণৰ ফলত স্কুলীয়া ছাত্ৰীৰ মৃত্যুৰ ঘটনাত চাঞ্চল্য বিয়পিছে। এই ঘটনা কাছাৰ জিলাৰ ৰোজকাণ্ডি চাহ বাগিচা এলেকাত সংঘটিত হৈছে । ঘটনাৰ পিছতেই আশে-পাশে অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজন দুই অভিযুক্তক। জানিব পৰা মতে মঙলবাৰে পুৱা প্ৰায় ১১ মান বজাত মোহনপুৰ অভয়াচৰণ এম ই স্কুলৰ দুই নাবালিকা ছাত্ৰীক এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰে। জাবিৰ আৰু জুবাইৰ নামৰ যুৱক ‌দুজন সহ  ৪/৫ জনৰ দুৰ্বৃত্তৰ দলে বিদ্যালয়ৰ সন্মুখৰ পৰা দুয়োগৰাকী কিশোৰীক অপহৰণ কৰে আৰু ৰোজকাণ্ডি বাগানৰ জংঘলত দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যায়। স্থানীয় ৰাইজে ঘটনাৰ উমান পাই ৰোজকাণ্ডি বাগানৰ জ্যেষ্ঠ প্ৰবন্ধক ঈশ্বৰ ভাই উবদিয়াক খবৰ দিয়াৰ পিছত তেওঁ কিশোৰী দুগৰাকীক উদ্ধাৰ কৰি বিদ্যালয় কৰ্তৃপক্ষক চমজাই দিয়ে। নিশা ১৩ বছৰীয়া কিশোৰীক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়৷ কিন্তু গুৰুতৰ অসুস্থ হোৱাৰ বাবে কিশোৰীগৰাকীক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও মঙলবাৰে নিশাই কিশোৰীগৰাকীৰ মৃত্যু হয়। পিছত নিশাৰ ভাগতে মোহনপুৰ আৰক্ষী আউটপোষ্টত মৃত কিশোৰীৰ পিতৃয়ে  ঘটনাৰ সবিশেষ জনাই এজাহাৰ  দাখিল কৰে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযুক্ত দুই যুৱকক গ্ৰেপ্তাৰ কৰে যদিও আন কেইজন অভিযুক্ত এতিয়াও পলাতক৷ সংবাদ মাধ্যমৰ মুখামুখি হৈ নাবালিকাৰ পিতৃয়ে কয় যে তেওঁৰ কন্যাক হত্যা কৰা হৈছে৷  ঘটনাৰ সৈতে জড়িত অভিযুক্তক শীঘ্ৰেই গ্ৰেপ্তাৰৰ লগতে উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনায়৷