Logo
image

উজ্জ্বল ভূঞা হ’ব ছুপ্ৰিম ক’ৰ্টৰ ন্যায়াধীশ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ জুলাইঃ দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ হ’ব আৰু এজন অসম সন্তান৷ অসম সন্তান ন্যায়াধীশ উজ্জ্বল ভূঞাক সৰ্বোচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে বাছনি কৰিছে উচ্ছতম ন্যায়ালয়ৰ কলেজিয়ামে৷ বুধবাৰে কলেজিয়ামে বৰ্তমান তেলেংগানা উচ্ছ ন্যায়ালয়ৰ  মুখ্য ন্যায়াধীশৰ দায়িত্বত থকা উজ্জ্বল ভূঞাক উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে মনোনীত কৰিছে৷ উচ্ছতম ন্যায়ালয়ৰ কলেজিয়ামৰ সিদ্ধান্তক কেন্দ্ৰীয় চৰকাৰে ছীল-মোহৰ মৰাৰ পাছতেই সৰ্বোচ্ছ ন্যায়ালয়ত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পাছতেই ন্যায়াধীশ হিচাপে সেৱা আগবঢ়াব পাৰিব উজ্জ্বল ভূঞাই৷ উল্লেখ্য, ২০১১ চনৰ ১৭ অক্টোবৰত গুৱাহাটী উচ্ছ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কৰ্মজীৱন আৰম্ভ কৰা উজ্জ্বল ভূঞাক বিগত বৰ্ষৰ ২৮ জুনত তেলেংগানা উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছিল৷ সেইদিন ধৰি তেওঁ তেলেংগানা উচ্ছ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হিচাপে কৰ্মৰত হৈ আছে৷ গুৱাহাটীৰ বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় [পূৰ্বৰ আৰ্ল ল’ কলেজ]ৰ পৰা এল এল বি ডিগ্ৰী গ্ৰহণ কৰা ভূঞাই পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এল এল এম ডিগ্ৰী গ্ৰহণ কৰিছিল৷ ১৯৯১ চনত তেওঁ অধিবক্তা হিচাপে গুৱাহাটী উচ্ছ ন্যায়ালয়ত কৰ্মজীৱনৰ পাতনি মেলে৷ ২০১৩ চনত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ এগৰাকী পূৰ্ণ পৰ্যায়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে উজ্জ্বল ভূঞাই৷ স্মৰ্তব্য যে ইয়াৰ পূৰ্বে তেওঁক বোম্বে উচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপেও  বদলি কৰা হৈছিল৷ পৰৱৰ্তী সময়ত তেওঁক তেলেংগানা উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া  হয়৷ লক্ষণীয়ভাৱে যে উচ্ছতম ন্যায়ালয়ৰ কলেজিয়ামে বুধবাৰে অসম সন্তান উজ্জ্বল ভূঞাৰ লগতে কেৰালা উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ বি ভাট্টিকো সৰ্বোচ্ছ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে বাছনি কৰিছে৷