Logo
image

বৰপেটাৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্রবেগী আলট্ৰা বাছৰ খুন্দাত নিহত দুই বাইক আৰোহী

ডিজিটেল সংবাদ, বৰপেটাৰোডঃ বৰপেটাৰোডত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। শনিবাৰে পুৱা ৯:৩০ মান বজাত বি এইছ কলেজৰ সমীপৰ ১০মাইলত তীব্রবেগী আলট্ৰা বাছে মহতিয়াই নিয়ে দুই বাইক আৰোহীক৷ পুৱা বৰপেটাৰোডৰ পৰা গুৱাহাটী অভিমুখী AS14 AC 0315 নম্বৰৰ কৰণ দ্বীপ নামৰ আলট্ৰা বাছখনে AS15 V 9739 নম্বৰৰ PULSAR-NS বাইকখনক মহতিয়াই বহু দূৰলৈ লৈ যায়। দুৰ্ঘটনাত দুয়োজন যুৱকৰ মুখমণ্ডল সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ লগতে থিতাতে দুয়োজনৰ মৃত্যু হয়। নিহত দুই যুৱকৰ নাম ক্ৰমে- মনোৱাৰ আলী আৰু আবেদ আলী। মৃত যুৱক দুজনৰ ঘৰ চেগুলিয়া আৰু বগৰাপাৰত বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত শিমলাগুৰী আৰক্ষী উপস্থিত ঘটনাৰ তদন্ত আৰম্ভ কৰে।