চাবুৱাত ‘কা’বিৰোধী আৱেগ থাকিলে বিজেপিৰ বিপদ
আমাৰ অসম, ২৫ জানুৱাৰীঃ উজনিত বৃদ্ধি পাইছে শাসক-বিৰোধীৰ নিৰ্বাচনী তৎপৰতা৷ বিধানসভা নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে ডিব্ৰুগড় জিলাত সমষ্টিয়ে সমষ্টিয়ে শাসক-বিৰোধীয়ে আৰম্ভ কৰিছে নিৰ্বাচনী কুচ-কাৱাজ৷ দুটাকৈ নতুন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশে মুখ থেকেচা খোৱাৰ ভয়ত শক্তিশালী নতুন মুখৰ প্ৰাৰ্থীৰ সন্ধানত নামি পৰিছে শাসকী-বিৰোধী৷ বিজেপিয়ে ‘মিছন প্লাছ১০০’ৰ লক্ষ্যৰে নিৰ্বাচনী যুঁজত নামিবলৈ কঁকালত টঙালি বন্ধাৰ সময়তে মিত্ৰজোঁট অগপই বিচাৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অন্যতম গৃহ সমষ্টি চাবুৱা বিধানসভা সমষ্টিৰ আসনখনো৷ সম্প্ৰতি বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাৰ দখলত থকা ১২১ নং চাবুৱা বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছে মিত্ৰ দল অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা অসম হাইড্ৰকাৰ্বন এণ্ড এনাৰ্জী কোম্পানী লিমিটেডৰ অধ্যক্ষ পোনাকন বৰুৱাই৷ বিধায়ক বিনোদ হাজৰিকাৰ প্ৰাৰ্থিত্বত প্ৰত্যাহ্বান হৈ থিয় দিছে অগপৰ শক্তিশালী যুৱ-নেতা পোনাকন বৰুৱাই৷ ইতিমধ্যে অগপৰ কেন্দ্ৰীয় নেতৃত্বই যুৱ নেতা পোনাকন বৰুৱাৰ প্ৰাৰ্থিত্বক সেউজ সংকেত দিয়াৰ পাছতে চাবুৱাৰ গাঁৱে-ভূঁঞে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে যুৱনেতাজন৷ ইফালে দুমাহৰ পূৰ্বে চাবুৱাত বিশাল নিৰ্বাচনী সভা পাতি শক্তি প্ৰদৰ্শন কৰিছিল অগপৰ যুৱনেতাজনে৷ অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তই সভাত উপস্থিত থাকি চাবুৱা সমষ্টিৰ আসনখন এইবাৰ আঞ্চলিকতাবাদী শক্তিৰ হাতলৈ অহাটো প্ৰায় নিশ্চিত ইংগিত প্ৰদান কৰিছিল৷ ইয়াৰ পাছতে বিধায়ক বিনোদ হাজৰিকা আৰু অগপৰ যুৱ-নেতা পোনাকন বৰুৱাৰ মাজত আৰম্ভ হৈছে প্ৰাৰ্থিত্বকেন্দ্ৰীক শীতল যুঁজ৷ দুই মিত্ৰ দলৰ মাজত চলি থকা প্ৰাৰ্থিত্বকেন্দ্ৰীক সংঘাতে এইবাৰ নিৰ্বাচনত চাবুৱাত শাসকীয় মিত্ৰজোঁটত প্ৰভাৱ পেলোৱাৰ আংশকা নুই কৰিব নোৱাৰি৷ মিত্ৰদলৰ দুই সম্ভাৱ্য প্ৰাৰ্থীৰ মাজত চলি থকা প্ৰাৰ্থিত্বকেন্দ্ৰীক সংঘাতৰ মাজতে লক্ষীমপুৰৰ সাংসদ প্ৰদান বৰুৱাই চাবুৱাত বিনোদ হাজৰিকাই বিজেপিৰ প্ৰাৰ্থী হ’ব বুলি স্পষ্টভাৱে কৈছিল৷ কিন্তু এই সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বা ৰাজ্যিক বিজেপি নেতৃত্বই কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷ আনহাতে চাবুৱাত বিধায়ক বিনোদ হাজৰিকাৰ জনপ্ৰিয়তা অৱনমিত হৈছে৷ বিশেষকৈ দধীয়া-লাইকাৰ পুনৰ সংস্থাপন, ৰহমৰীয়াৰ গৰাখহনীয়া সমস্যা সমাধানত চূড়ান্তভাৱে ব্যৰ্থতাৰ অভিযোগ আছে বিধায়ক বিনোদ হাজৰিকাৰ বিৰুদ্ধে৷ পাঁচ বছৰীয়া কাৰ্যকালত বিধায়কজনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ নাই যদিও তেওঁ সমষ্টি উন্নয়নত কোনোধৰণে গুৰুত্ব দিয়া নাছিল৷ আনকি চাবুৱা নগৰৰ মাজ-মজিয়াতে বিধায়কজনে আজিলৈকে বাছ আস্থান নিৰ্মাণ কৰিব নোৱাৰিলে৷ কেৱল সেয়াই নহয়, ‘কা’ আন্দোলনৰ সময়তে দুৰ্বৃত্তই ভঙা চাবুৱা ডাকঘৰ, ৰে’লৱে ষ্টেচন পুনৰ নিৰ্মাণত গুৰুত্ব নিদিলে বিধায়ক হাজৰিকাই৷ ইফালে অগপ নেতা পোনাকন বৰুৱাকো চাবুৱাৰ ভোটাৰে সহজভাৱে গ্ৰহণ কৰিব পৰা নাই৷ বৰুৱাৰ বাসগৃহৰ পৰা মাত্ৰ দুশ মিটাৰ নিলগত অৱস্থিত বজাৰৰ আৱৰ্জনা নিষ্কাশন বা সমষ্টিটোৰ সামগ্ৰীক উন্নয়নৰ ক্ষেত্ৰত চৰকাৰক হেঁচা প্ৰয়োগ কৰা বা মাত মতাৰ নজিৰ নাই বুলি একাংশই অভিযোগ উত্থাপন কৰিছে৷ অগপ নেতা পোনাকন বৰুৱাৰ ভাতৃ হৈছে লাহোৱাল বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক ঋতুপৰ্ণ বৰুৱা৷ তেনেস্থলত দল পৃথক হ’লেও একেখন ঘৰৰ পৰা মিত্ৰজোঁটৰ দুজনকৈ বিধায়ক বা প্ৰাৰ্থীৰ প্ৰসংগ উত্থাপন হ’লে চাবুৱাত পোনাকন বৰুৱাৰ প্ৰাৰ্থিত্ব নাকচ হোৱাৰ সম্ভাৱনা আছে৷ শেহতীয়াকৈ অগপৰ যুৱ নেতা পোনাকন বৰুৱাৰ প্ৰাৰ্থীত্ব প্ৰায় ৯০ শতাংশ নিশ্চিত হৈছে৷ আনহাতে কংগ্ৰেছতো বৃদ্ধি পাইছে প্ৰাৰ্থিত্বপ্ৰত্যাশী লোকৰ সংখ্যা৷ চাবুৱাৰ পৰা এইবাৰ পাঁচজনকৈ নেতাই বিচাৰিছে কংগ্ৰেছৰ টিকট৷ ১৫ বছৰে চাবুৱা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন বিধায়ক ৰাজু চাহু পুনৰ কংগ্ৰেছৰ টিকটৰ দাবীদাৰ৷ সেইদৰে ন-কংগ্ৰেছী নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক অজয় ফুকনেও বিচাৰিছে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব৷ তদুপৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ অবিচি বিভাগৰ অধ্যক্ষ নোমল বৰা, ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ডিব্ৰুগড় জিলা ট্ৰাইবেল সংঘৰ সভাপতি দিগন্ত হাজৰিকা, তিনিচুকীয়া নগৰ উন্নয়ন প্ৰাধিকৰণৰ প্ৰাক্তন সভাপতি প্ৰণৱ বৰুৱাও প্ৰাৰ্থিত্বৰ বাবে চৰ্চাত আছে৷ ইয়াৰে পোন্ধৰ বছৰে চাবুৱা সমষ্টিক প্ৰতিনিধিত্ব কৰিও সমষ্টিৰ সামগ্ৰীক উন্নয়নত চূড়ান্ত ব্যৰ্থ হোৱা প্ৰাক্তন বিধায়ক ৰাজু চাহুৰ জনপ্ৰিয়তা প্ৰায় শূণ্য হৈ পৰিছে৷ নিজকে চাবুৱাৰ সন্তান বুলি দাবী কৰা ন-কংগ্ৰেছী নেতা অজয় ফুকনক চাবুৱাৰ ৯০ শতাংশ ভোটাৰেই চিনি নাপায়৷ সেইদৰে নোমল বৰা, দিগন্ত হাজৰিকা বা প্ৰণৱ বৰুৱাক সহজে বিশ্বাসত ল’ব পাৰিবনে নাই সেয়া এতিয়াও সমষ্টিবাসীয়ে নিশ্চিত কৰিব পৰা নাই৷ ইফালে ‘কা’ বিৰোধী আন্দোলনক সক্ৰিয়ভাৱে নেতৃত্ব দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ঘনিষ্ঠ প্ৰাক্তন মন্ত্ৰী ভৱেন বৰুৱাই কাৰাবন্দী কৃষক নেতা অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলত যোগদানৰ পাছতে সলনি হৈ পৰিছে চাবুৱাৰ ৰাজনৈতিক পৰিৱেশ৷ আঞ্চলিকতাবাদী শক্তিক বিশ্বাসী ভৱেন বৰুৱাই বিগত সময়ছোৱাত ‘কা’ৰ সন্দৰ্ভত অগপৰ সন্দেহজনক স্থিতিক বিৰুদ্ধাচৰণ কৰি পৰৱৰ্তী সময়ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন নেশ্যনেল পিপুলচ্ পাৰ্টী চমুকৈ এন পি পিত যোগদান কৰি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল৷ এই নিৰ্বাচনত তেওঁ ৯,৭১৮ টা ভোট লাভ কৰি বাৰুকৈয়ে মুখ থেকেচা খাবলগীয়া হৈছে৷ ‘কা’ৰ বিৰুদ্ধে শক্তিশালী স্থিতিত অৱস্থান কৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত চৰ্চালৈ অহা এনপিপিৰ একমাত্ৰ লোকসভাৰ সাংসদ আগাথা চাংমায়ে ‘কা’ৰ সপক্ষে ভোট দি ৰহস্যজনক ভূমিকা লোৱা ক্ষোভত এনপিপি ত্যাগ কৰিছিল ভৱেন বৰুৱাই৷ ইয়াৰ পাছতে মৰাণত অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তনত অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলত যোগদান কৰি কেন্দ্ৰীয় উপ-সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে৷ ইয়াৰ সমান্তৰালভাৱে ৰাইজৰ দলৰ এজন শক্তিশালী প্ৰাৰ্থীৰ দাবীদাৰ হৈছে মটক জনগোষ্ঠীৰ এজন শক্তিশালী নেতা তথা পৰিৱেশকৰ্মী নীৰন্ত গোঁহাই৷ দধীয়া-লাইকাৰ ভূমি আন্দোলনক নেতৃত্ব দি কেইবাদিন ধৰি কাৰাবাসত কটোৱা পৰিৱেশকৰ্মী নীৰন্ত গোঁহাইয়ে নতুনকৈ আত্মপ্ৰকাশ ঘটা জনতা দল নামৰ ৰাজনৈতিক দলৰো সভাপতি আছিল৷ কিন্তু ৰাইজৰ দল আৰু জনতা দলৰ মিত্ৰতাৰ দিনাই জনতা দল এৰি ৰাইজৰ দলত যোগদান কৰিছিল নীৰন্ত গোঁহাইয়ে৷ বাঘজানত সংঘটিত হোৱা ভয়াৱহ তৈলকূপৰ অগ্নিকাণ্ডৰ সময়ত নিপীড়িত জনতাৰ বলিষ্ঠ কণ্ঠ হিচাপে থিয় দিছিল সম্প্ৰতি ৰাইজৰ কেন্দ্ৰীয় সম্পাদক গোহাঁইয়ে৷ এজন উচ্ছশিক্ষিত যুৱ-সমাজকৰ্মী হিচাপে পৰিচিত নীৰন্ত গোঁহাইৰ আছে মটক জনগোষ্ঠীসকলৰ মাজত সুকীয়া পৰিচয়৷ অসম জাতীয় পৰিষদত চাবুৱা সমষ্টিত প্ৰাৰ্থিত্বৰ চৰ্চাত আছে ব্যৱসায়ী শৈলেন বৰুৱা৷ ঠিক সেইদৰে অসম সংগ্ৰামী মঞ্চইয়ো চাহ জনগোষ্ঠীয় প্ৰাৰ্থিত্ব থিয় কৰোৱাৰ যো-জা চলাইছে৷ চাহ জনগোষ্ঠীৰ এজন জনপ্ৰিয় নেতা আসাম মাঝিক কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটবন্ধনত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ চিন্তা চৰ্চা কৰিছে৷ একাংশই দাবী কৰামতে, কংগ্ৰেছৰ ৰাজু চাহুতকৈ আসাম মাঝিৰ জনপ্ৰিয়তা চাহ জনগোষ্ঠীয় সমাজত যথেষ্ট আছে৷ যিয়ে নহওঁক লাগে চাবুৱা বিধানসভা সমষ্টিত বিগত নিৰ্বাচনৰ দৰে এইবাৰ নিৰ্বাচনত সহজে কোনো দলেই নিৰ্বাচনী বৈতৰণী পাৰ কৰিব নোৱাৰিব৷ তুলনামূলকভাৱে বিশ্লেষণ কৰিলে দেখা যায় যে, চাবুৱা বিধানসভা সমষ্টিত আঞ্চলিকতাবাদী শক্তিৰ নেতাৰ অভাৱত উত্থান ঘটিছে ৰাষ্ট্ৰীয়তাবাদী দল৷ তেনেস্থলত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ ভূমিকা হ’ব লক্ষণীয়৷