Logo
image

সৰুক্ষেত্ৰীত মহাজোঁট বনাম মিত্ৰজোঁট

আমাৰ অসম, ২৫ জানুৱাৰীঃ সন্মুখত অসম বিধান সভাৰ নিৰ্বাচন৷ ইয়াৰ লগে লগে আৰম্ভ হৈছে প্ৰাৰ্থিত্ব কেন্দ্ৰীক যুঁজ৷ এইক্ষেত্ৰত বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলো পিছ পৰি থকা নাই৷ সম্ভাব্য প্ৰাৰ্থী তথা দাবীদাৰসকলে গাঁৱে-ভুঞে নিজ নিজ সমৰ্থনত ব্যস্ত হৈ পৰিছে৷ উল্লেখ্য, বিধানসভাৰ আগন্তুক নিবাচনত কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতাই উজনি অসমত বিজেপি-অগপ মিত্ৰজোঁটক লাভান্বিত কৰিব যদিও নামনি অসমত কংগ্ৰেছ-এ আইইউডিএফৰ মিত্ৰতাই কেইবাটাও সমষ্টিত বিজেপি-অগপক তীব্ৰ প্ৰত্যাহ্বান জনাব৷ বিশেষকৈ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিটোত কংগ্ৰেছ-এআইইউডিএফৰ জোঁটবন্ধনে বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমস্যাত পেলোৱাটো এক প্ৰকাৰ নিশ্চিত৷ অৱশ্যে, প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাত আৰু কংগ্ৰেছ-এআইইউডিএফ মিত্ৰজোঁটৰ ফলত কোন দলৰ প্ৰাৰ্থীয়ে টিকট লাভ কৰে তাৰ ওপৰত বিজেপি-অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ ভৱিষ্যত নিৰ্ভৰ কৰিব৷ মনকৰিবলগীয়া কথা যে, ২০০১-২০১১ চনলৈ সমষ্টিটো নিৰ্দলীয় প্ৰাৰ্থী ডাঃ তাৰা প্ৰসাদ দাসৰ দখলত থকাৰ বিপৰীতে ২০১১ চনৰ নিৰ্বাচনত এআইইউডিএফ দলৰ প্ৰাৰ্থী জয়ী হৈছিল৷ সংখ্যালঘু ভোটাৰৰ আধিপত্য থকা সমষ্টিটো ১৯৮৩ চনৰ অসমত অবৈধ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হোৱাৰ দীৰ্ঘ বিৰতিৰ পাছত ২০১৬ চনত কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰ জয়ী হবলৈ সক্ষম হৈছিল৷ ২০১৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰে ৭০,০৬২ ভোট লাভ কৰাৰ বিপৰীতে বিজেপি-অগপ মিত্ৰজোঁটৰ অগপ দলৰ প্ৰাৰ্থী চিত্তৰঞ্জনে ৪৫,৮১৫ ভোট লাভ কৰিছিল৷ নিৰ্বাচনত এআইইউডিএফৰ প্ৰাৰ্থী তথা আগৰ কাৰ্যকালৰ বিধায়ক আলী হুছেইনে মাত্ৰ ২১,৪৬০ ভোটতে সন্তুষ্ট থাকিবলগীয়াত পৰে৷ নিৰ্দলীয় প্ৰাৰ্থী তথা সৰুক্ষেত্ৰীৰ দুটা কাৰ্যকালৰ বিধায়ক ডাঃ তাৰা প্ৰসাদ দাসে কেবল মাত্ৰ ৯,৬২৩টা ভোট পাবলৈ সক্ষম হয়৷ ২০২১ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপি-অগপ মিত্ৰতাৰ ফলত কোন দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে সেয়া অৱশ্যে এতিয়াও নিশ্চিত নহয়৷ অৱশ্যে, বিগত নিৰ্বাচনত অগপ দলক মিত্ৰজোঁটৰ বাবে বিজেপি দলে সমষ্টিটো এৰি দিছিল যদিও এইবেলি কোনো কাৰণতে এৰি নিদিয়াৰ সংকল্প লৈছে দলীয় কৰ্মীসকলে৷ কিয়নো সমষ্টিটোত অগপ দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিছিল যদিও ২০১৬ চনৰ পৰাই সৰুক্ষেত্ৰী সমষ্টিটোত বিজেপি দলৰ স্থিতি মজবুত৷ অগপ দলেও সভা-সমিতি পাতি দলীয় স্থিতি মজবুত কৰাত কৃপণালী কৰা নাই৷ শেষ সময়ত বিজেপি নে অগপই প্ৰাৰ্থী থিয় কৰাব সেয়া দলৰ শীৰ্ষ নেতৃত্বই সিদ্ধান্ত লব যদিও বিজেপি দলৰ তৃণমূল কৰ্মীসকলে সমষ্টিটো নিজৰ হাতত ৰখাৰ বাবে অংগীকাৰবদ্ধ হৈছে৷ বিজেপি দলৰ সম্ভাব্য প্ৰাৰ্থী হিচাপে দ্বিপুল ভূঞাৰ নাম সৰ্বস্তৰৰ ৰাইজৰ মাজত পৰিচিত৷ ভূঞাই বিগত আঠ-ন বছৰ ধৰি সমষ্টিটোত দলীয় কাম-কাজ চলাই আহিছে যদিও শেহতীয়াকৈ বিজেপি যুৱ-মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্য ডলফিন মজুমদাৰেও প্ৰাৰ্থিত্বৰ দৌৰত নামি পৰা পৰিলক্ষিত হৈছে৷ আনহাতে, অগপ দলৰ নিষ্ঠাবান কৰ্মী তথা বিগত নিৰ্বাচনৰ প্ৰাৰ্থী চিত্তৰঞ্জন বৰ্মন অন্যতম দাবীদাৰ উপৰি জনপ্ৰিয় ভোজপুৰী গায়ক কল্পনা পাটোৱাৰীৰ নাম অগপৰ সম্ভাৱ্য প্ৰাৰ্থী হিচাপে চৰ্চিত হৈছে৷ সমষ্টিটোত চিত্তৰঞ্জন বৰ্মনৰ বাহিৰে আন কোনো বিশেষ লোক সমষ্টিটোত দলীয় কাম-কাজ কৰা এইপৰ্যন্ত দৃষ্টিগোচৰ হোৱা নাই৷ কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ মিত্ৰতাৰ ফলত কোন দলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে সেয়া এতিয়াই কোৱাটো কঠিন৷ কিয়নো সম্প্ৰতি কংগ্ৰেছ দলৰ দখলত থকা সমষ্টিটো ২০১১ চনৰ পৰা ২০১৬ চনলৈ সমষ্টিটো এআইইউডিএফ দলৰ হাতত আছিল৷ তদুপৰি, বৰ্তমানৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ কৰ্ম-কাণ্ডত অসন্তুষ্ট হৈ তেওঁৰ একালৰ সহযোগী সকলৰ গৰিষ্ঠ সংখ্যকে এআইইউডিএফ দলত যোগদান কৰিছে৷ অৱশ্যে, কংগ্ৰেছ দলত বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বাহিৰে আন তেনে উল্লেখযোগ্য প্ৰাৰ্থিত্বৰ দাবীদাৰ সমষ্টিটোত এই পৰ্যন্ত পৰিলক্ষিত হোৱা নাই৷ এইউডিএফ দলৰ সম্ভাব্য প্ৰাৰ্থী হিচাপে মীনাক্ষী ৰহমান শক্তিশালী দাবীদাৰ হিচাপে থিয় হোৱাৰ বিপৰীতে পূৰ্বৰ বিধায়ক আলী হুছেইনো অন্যতম দাবীদাৰ হিচাপে থিয় হৈছে৷