Logo
image

খানাপাৰাৰ কৃষি সঞ্চালকালয়ত জৈৱিক কৃষি সন্দৰ্ভত প্ৰশিক্ষণ

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটীৰ খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ চৌহদত অৱস্থিত কৃষক প্ৰশিক্ষণ কেন্দ্ৰত বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ PGS-Indiaৰ জৈৱিক প্ৰমাণীকৰণ কাৰ্যসূচীৰ অধীনত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণ (ASOCA)ৰ উদ্যোগত তথা ৰাষ্ট্ৰীয় জৈৱিক আৰু প্ৰাকৃতিক কৃষিকেন্দ্ৰ(NCONF),গাজিয়াবাদৰ সহযোগত জৈৱিক প্ৰমাণীকৰণৰ সন্দৰ্ভত এদিনীয়া প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷ এই কাৰ্যসূচীৰ কাৰিকৰী প্ৰশিক্ষণত সমল ব্যক্তি হিচাপে উপস্থিত থাকে NCONFৰ বিশিষ্ট বিজ্ঞানী শ্ৰীনিৱাসামূ্ৰ্ত্তি আৰ৷ 

প্ৰশিক্ষণত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকক উদ্দেশ্যি অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব তথা কৃষি উৎপাদন আয়ুক্ত ডা: আশীষ কুমাৰ ভূটানীয়ে কয় যে PGS-India কাৰ্যসূচীৰ অধীনত নিৰ্দিষ্ট কৰি দিয়া বিভিন্ন নীতি-নিয়মসমূহ মানি চলি কৃষকসকল আগবাঢ়ি আহিলে তেওঁলোকৰ দ্বাৰা উৎপাদিত জৈৱিক কৃষিজাত সামগ্ৰীসমূহৰ জৈৱিক প্ৰমাণপত্ৰ লাভৰ জৰিয়তে আৰ্থিকভাৱে অধিক লাভৱান হোৱাৰ সুযোগ লাভ কৰিব৷ ভাষণ প্ৰসংগত কৃষি উৎপাদন আয়ুক্তগৰাকীয়ে ইয়াকো উল্লেখ কৰে যে অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণে (ASOCA) জৈৱিক কৃষিজাত সামগ্ৰীৰ প্ৰমাণপত্ৰ প্ৰদানৰ বেলিকা আঞ্চলিক পৰিষদ (Regional Council) হিচাপে স্বীকৃতি লাভ কৰাৰ ফলত আমাৰ ৰাজ্যৰ কৃষকসকলে জৈৱিক কৃষিৰ প্ৰমাণপত্ৰ লাভ কৰাতো অধিক সহজভল্য আৰু সৰলীকৃত হ'ব৷ লগতে তেওঁ প্ৰশিক্ষণত অংশগ্ৰহণ কৰা কৃষকসকলক এই প্ৰশিক্ষণৰ সাৰমৰ্ম তেওঁলোকৰ নিজ নিজ অঞ্চলৰ অন্য কৃষকৰ মাজত প্ৰচাৰ কৰিবলৈ আহ্বান জনায়, যাতে বজাৰ দখলৰ ক্ষেত্ৰত মধ্যভোগী অন্ত পৰে আৰু কৃষকৰ আয় বৃদ্ধি ঘটে ৷ 

অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ উদ্যোগত আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচীত অসম চৰকাৰৰ উদ্যান শস্য সঞ্চালক শ্ৰী ত্ৰিৰংগ ভাৰতীয় বৰা, অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ (ASOCA) সঞ্চালক শ্ৰী মৌচম হাজৰিকা, উপ-সঞ্চালক ড° জিতেন কুমাৰ দাস প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে৷