Logo
image

ভূটানৰ পৰা নামিছে ধল

‘আমাৰ অসম’ৰ কাজলগাঁৱৰ প্ৰতিনিধি, ১৩ জুলাইঃ ভূটানৰ পৰা নামিছে ধল৷ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা নামি অহা পানীৰ ফলত সৃষ্টি হোৱা বানপানী নামনি অসমৰ কেইবাখনো নৈ ওফন্দি উঠাৰ লগতে বহু সংখ্যক গাঁও বুৰাই পেলাইছে৷ হঠাতে যোৱা নিশা ভূটানৰ পৰা নামি অহা পানী ফলত ফেনে-ফোটোকাৰে আই, নাঙলভাঙা আৰু মাক্ৰা নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ইয়াৰ দাঁতিকাষৰীয়া প্ৰায় ত্ৰিশখনমান গাঁৱত পানী সোমাই গৈছে৷ নাঙলভাঙা নৈৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰি আতংকৰ সৃষ্টি কৰিছে৷ নিশাৰে পৰা বাঢ়ি অহা নৈকেইখনৰ বাঢ়নী পানীত ভাৰত-ভূটান সীমান্তৰ বহু গাঁও ইতিমধ্যে বানৰ কৱলত পৰাৰ লগতে সম্প্ৰতি বিপদ সীমাৰ ওপৰেদি বৈ যোৱা নাঙলভঙা নৈৰ পানীৰ ফলত যিকোনো মুহূৰ্তত অঞ্চলটোত ভয়াৱহ বানৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰি প্ৰায় বাৰখন মান গাঁৱৰ লোকৰ মাজত হাহাকাৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ ইফালে নাঙলভাঙা নৈত উটি গ’ল অঞ্চলটোৰ কেইবাগৰাকী লোকৰ বাহন৷ বানাক্ৰান্তক উদ্ধাৰ অভিযান চলায় স্থানীয় ৰাইজে৷ চৰকাৰী সহায় নোহোৱাকৈ নৈখনত উটি যোৱা কেইবাখনো চাৰিচকীয়া আৰু তিনিচকীয়া বাহন স্থানীয় ৰাইজে প্ৰবল সোঁতকো নেওচি অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উদ্ধাৰকৃত বাহনসমূহ টুলুঙা নাওৰে নিৰাপদ স্থানত নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে৷ উল্লেখ্য, প্ৰতি বছৰে বানৰ কৱলত পৰি নৰক যন্ত্ৰণা ভুগি আহিছে নৈখনৰ দাঁতিকাষৰীয়া  ৰাইজে, কিন্তু তাৰ পিছতো অঞ্চলটোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ ইফালে চিৰাং জিলাৰ উত্তৰ অঞ্চল তথা ভূটানৰ নামনিত থকা বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত দহখন, বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত তেৰখন আৰু চিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত ছয়খন গাঁও বানৰ কৱলত পৰাত ১৩ সহস্ৰাধিক লোকে ক্ষতিৰ সন্মুখীন হৈছে৷ ভূটানৰ পৰা নামি অহা ধলে দুই-এদিনতে নামনি অসমৰ বিভিন্ন ঠাইত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা প্ৰকট হৈ পৰিছে৷