Logo
image

সোণাৰুৰে হালধীয়া হ’ব কবি নীলমণিৰ দেৰগাঁও

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ জুলাইঃ কাব্যঋষি নীলমণি ফুকনৰ প্ৰিয় ফুল সোণাৰু৷ প্ৰসিদ্ধ কবিজনৰ আত্মজীৱনীৰ নামো আছিল ‘পাতি সোণাৰু ফুল’৷ কাব্যঋষিজনৰ জন্মগৃহৰ নাতিদূৰৈতে আছিল অগণন সোণাৰু গছ৷ উজনিৰ ফালৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে গ’লে দেৰগাঁও নগৰ পোৱাৰ আগতেই বাৰিষাৰ সময়ছোৱাত যাত্ৰীসকলক আদৰণি জনাইছিল পথৰ দুয়োকাষে থকা সোণাৰুৰ হালধীয়াই৷ নেঘেৰিটিং চাৰিআলি পাৰ হৈ দেৰগাঁও নগৰলৈকে ৰাষ্ট্ৰীয় পথটোৰ দুয়োকাষে থকা সোণাৰু গছবোৰে সাবটি ধৰি আছিল পথটো৷ কিন্তু চাৰিলেন যুক্তপথ নিৰ্মাণৰ বাবে নিৰ্দয়ভাৱে নিধন কৰা হ’ল এই সোণাৰুবোৰ৷ প্ৰতিজন দেৰগঞাই যোৱা বছৰকেইটাত ইয়াৰ দুখ বুকুত কঢ়িয়াই লৈ ফুৰিছে৷ চাৰিলেনযুক্ত পথ নিৰ্মাণে যাতায়াতৰ উন্নতি সাধন কৰিলেও দেৰগাঁওবাসীয়ে পাহৰিব পৰা নাই ইয়াৰ মৰ্মবেদনা৷ কিন্তু সম্প্ৰতি গুৱাহাটীৰ বাসিন্দা হ’লেও কাব্যঋষিজনৰ পৰিয়ালে যেন উপলব্ধি কৰিছে এই মৰ্ম বেদনা৷ সেইবাবেই নীলমণি ফুকনৰ জন্মস্থান দেৰগাঁও নগৰখন কাব্যঋষিজনৰ প্ৰিয় ফুলেৰে ওপচাই দিয়াৰ পৰিকল্পনা কৰিছে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ জাহাজঘাট, জাহাজ আৰু জল পৰিবহণ তথা আয়ুস দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নিতীন গাডকাৰীয়ে সেউজ সংকেত প্ৰদান কৰিছে৷ এই সন্দৰ্ভত কবি নীলমণি ফুকনৰ পুত্ৰ অমিতাভ ফুকনে ‘আমাৰ অসম’ক কয়, “দেউতাৰ প্ৰিয় ফুল আছিল সোণাৰু৷ সেয়ে দেউতাৰ মৃত্যুৰ পাছত যেতিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আমাৰ ঘৰলৈ আহিছিল তেতিয়া দেউতাৰ সোঁৱৰণত দেৰগাঁও নগৰত চাৰিলেনযুক্ত ঘাইপথৰ কাষত সোণাৰু পুলি ৰোৱাৰ এক পৰিকল্পনাৰ বিষয়ে অৱগত কৰিছিলোঁ৷ আৰু তেখেতে আমাক উৎসাহিত কৰিছিল৷” পৰৱৰ্তী সময়ত ফুকনে এই বিষয়ে ৰাজ্যৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীক অৱগত কৰে আৰু সেই মৰ্মে হূষিকেশ গোস্বামীয়ে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ তেওঁক এখন পত্ৰ লিখাৰ পৰামৰ্শ দিয়ে৷ এই পত্ৰখন গোস্বামীয়ে সৰ্বানন্দ সোণোৱালক প্ৰদান কৰাৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীজনে তৎপৰতাৰে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী গাডকাৰীলৈ প্ৰেৰণ কৰাৰ লগতে এখন পত্ৰ দিয়ে৷ এই পত্ৰৰ উত্তৰত ৩ জুলাইত গাডকাৰীয়ে সৰ্বানন্দ সোণোৱালকৈ এখন পত্ৰ লিখি অমিতাভ ফুকনৰ এই পৰিকল্পনাক উৎসাহিত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক এই প্ৰস্তাৱ পৰীক্ষা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা দিয়াৰ বিষয়ে অৱগত কৰে৷ সেইমৰ্মে অমিতাভ ফুকনে আজি ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ যোৰহাটস্থ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰাত সংশ্লিষ্ট বিষয়াবৰ্গয়ো অনুপ্ৰাণিত কৰে৷ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গছপুলি ৰোপণৰ যাৱতীয় নীতি নিৰ্দেশনাসমূহৰ বিষয়েও সংশ্লিষ্ট বিষয়াই অৱগত কৰে৷ কম দিনৰ ভিতৰতেই এই পৰিকল্পনাই সাকাৰ ৰূপ লাভ কৰিব বুলি ফুকনে জানিবলৈ দিছে৷ এই ক্ষেত্ৰত দেৰগাঁৱৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়, আজাদ পুস্তকালয়, সাহিত্য সভা, কবি সন্মিলনকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠানৰ সহযোগিতাও তেওঁ কামনা কৰিছে৷ কাৰণ পুলিসমূহ ৰোপণৰ পাছত প্ৰতিপালনৰ দায়িত্ব দেৰগাঁওবাসীয়েই মূৰ পাতি ল’ব লাগিব৷ এই পৰিকল্পনা বাস্তৱায়িত হ’লে দেৰগাঁৱৰ মাজেৰে পাৰ হৈ যোৱা যাত্ৰীসকলক পুনৰ সোণাৰু ফুলে আদৰণি জনাব৷ দেৰগাঁওবাসীৰ বুকুৰ পৰা লাঘৱ হ’ব চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সমীপৰ সোণাৰু গছ কটাৰ মৰ্মবেদনা৷