Logo
image

তৰুণ গগৈক মৰণোত্তৰভাৱে পদ্মভূষণ

আমাৰ অসম, ২৬ জানুৱাৰীঃ সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জনদৰদী নেতা তৰুণ গগৈলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে এই বছৰৰ পদ্মভূষণ সন্মান৷ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা ব্যক্তি বিশেষলৈ ৰাষ্ট্ৰপতিৰ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা গণৰাজ্য দিৱসৰ প্ৰাক্‌সন্ধ্যা ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ এইবাৰ মুঠতে ১১৯জন বিশিষ্ট ব্যক্তিক তেওঁলোকে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰাষ্ট্ৰপতিৰ পদ্ম সন্মানৰ বাবে বিবেচিত কৰা হৈছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান আগবঢ়োৱাৰ উপৰি অসমৰ আন ৮জন বিশিষ্ট ব্যক্তিলৈ পদ্মশ্ৰী সন্মান আগবঢ়াইছে৷ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কথাশিল্পী ইমৰাণ শ্বাহলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান৷ তদুপৰি ডাইনী-অন্ধবিশ্বাসৰ বিৰুদ্ধে যুঁজ চলাই থকা বীৰুবালা ৰাভালৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেত্ৰী বিজয়া চক্ৰৱৰ্তীকো পদ্মশ্ৰী সন্মানৰ বাবে বিবেচিত কৰা হৈছে৷ ইয়াৰ উপৰি শিল্পী গোপীৰাম বৰগায়ন বুঢ়াভকত, শিক্ষাবিদ-সাহিত্যিক মংগলছিং হাজোৱাৰী, শিল্পী দুলাল মাণিক,  শিক্ষাবিদ-সাংবাদিক ৰমণ শৰ্মা আৰু সমাজকৰ্মী লখিমী বৰুৱালৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান৷ লক্ষণীয়ভাৱে এইবাৰ ভাৰতৰত্ন সন্মানৰ বাবে কোনো ব্যক্তিকে বাছনি কৰা নাই যদিও ৭জন বিশিষ্ট ব্যক্তিলৈ আগবঢ়াইছে দ্বিতীয় শ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মবিভূষণ৷ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিন্‌জ’ এবেলৈ আগবঢ়োৱা হৈছে পদ্মবিভূষণ সন্মান৷ ইয়াৰ উপৰি তামিলনাডুৰ প্ৰসিদ্ধ সংগীত শিল্পী এছ পি বালাসুব্ৰমণিয়ম আৰু ‘ফাইবাৰ অপ্টিক’ৰ পিতৃপুৰুষ হিচাপে জনাজাত আমেৰিকাৰ নৰিন্দৰ সিং কাপানীলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে পদ্মবিভূষণ সন্মান৷ ইয়াৰ উপৰি শিল্পী সুদৰ্শন চাহু, চিকিৎসা বিজ্ঞানী ডাঃ বেলা মনোপ্পা হেগড়েৰ লগতে প্ৰত্নতত্ত্ববিদ বি বি লাল আৰু ধৰ্মীয় নেতা মৌলানা ৱাহিদুদ্দিন খানলৈ পদ্মবিভূষণ সন্মান আগবঢ়োৱা হৈছে৷ দেশৰ মুঠ ১০জনলৈ পদ্মভূষণ আৰু ১০২জনলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে৷ ইয়াৰ ভিতৰত এগৰাকী তৃতীয় লিংগৰ বিশিষ্ট ব্যক্তিলৈও উক্ত সন্মান আগবঢ়োৱা হৈছে৷