Logo
image

দিল্লীত ন্যায়াধীশ, গৃহমন্ত্ৰীৰে ৰহস্যময় বৈঠক হিমন্তবিশ্বৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুলাইঃ বৃহস্পতিবাৰৰ পৰা নতুন দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সন্ধিয়া দেশৰ উচ্ছতম ন্যায়ালয়ৰ ন্যায়ধীশ সঞ্জয় কিষান কৌল আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে৷ বিধানসভা আৰু লোকসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ ওপৰত ৰাজহুৱা শুনানী গ্ৰহণৰ বাবে নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল অসমলৈ অহাৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰীৰ এই সাক্ষাতক কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ন্যায়াধীশ কৌলক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে যদিও এই বিষয়ে মুখ্যমন্ত্ৰীয়ে নিজেই হওক বা তেওঁৰ কাৰ্যালয়ৰ ফালৰ পৰাই হওক এই পৰ্যন্ত আনুষ্ঠানিকভাৱে কোনো ধৰণৰ তথ্য ৰাজহুৱা কৰা নাই৷ কৰ্তব্যৰত ন্যায়াধীশ এজনে এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী এজনক সাক্ষাৎ কৰাটো ন্যায়পালিকাৰ প্ৰচলিত পৰম্পৰাৰ ভিতৰত নপৰে৷ কিন্তু তাৰ পিছতো ন্যায়াধীশ কৌলৰ সৈতে মুখ্যমন্ত্ৰীৰ এই বিশেষ বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে৷ উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পিছতে তেওঁ জ্যেষ্ঠতম ন্যায়াধীশ৷ উল্লেখ্য যে দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপ ৰাজ্যপাল বিজয় কুমাৰ চাক্সেনাক সাক্ষাত কৰে৷ ৰাজধানী নতুন দিল্লীত অসমৰ শিল্প-সংস্কৃতিৰ নমুনা দাঙি ধৰিবলৈ নিৰ্মাণ কৰিব লগীয়া আন্তগাথনিৰ বাবে ভূমি  বিচাৰি মুখ্যমন্ত্ৰীয়ে দিল্লীৰ উপ ৰাজ্যপালজনক সাক্ষাত কৰা বুলি জানিব পৰা গৈছে৷ দিল্লীৰ লগতে মুম্বাইতো অসম চৰকাৰে এখনকৈ ‘অসম প্ৰকল্প’ স্থাপন যো-জা চলাই আছে৷ ‘অসম প্ৰকল্প’ত নামঘৰ, কামাখ্যা মন্দিৰ, বটদ্ৰবা থান, ৰংঘৰ আদিৰ ক্ষুদ্ৰ সংস্কৰণ নিৰ্মাণনেৰে অসমৰ কলা-সংস্কৃতিৰ সম্যক ধাৰণা দাঙি ধৰা হ’ব৷ ইয়াৰে বাবে প্ৰয়োজনীয় ভূমি আবণ্টন দিয়াৰ বাবেই মুখ্যমন্ত্ৰীয়ে দিল্লীৰ উপ ৰাজ্যপালজন ভি কে ছাক্সেনাক সাক্ষাৎ কৰে৷ ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীয়ে দিল্লীৰ উপ ৰাজ্যপালক সাক্ষাত কৰিছিল৷ লক্ষণীয়ভাবে মুখ্যমন্ত্ৰীজনে উপ ৰাজ্যপালক সাক্ষাতৰ পাছতে উচ্ছতম ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কিষান কৌলক সাক্ষাত কৰে৷ ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ আইনী জটিলতাকলৈ মুখ্যমন্ত্ৰীজনে মেহতাৰ সৈতে আলোচনাত মিলিত হোৱাৰ সম্ভাবনা আছে৷ ইপিনে শুকুৰবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক তেওঁৰ চৰকাৰী বাসভৱনত সাক্ষাৎ কৰে৷ শেহতীয়াকৈ প্ৰকাশ পোৱা সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে শ্বাহৰ হৈতে আলোচনা কৰা বুলি জনিব পৰা গৈছে৷ উল্লেখযোগ্য যে কাইলৈ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শ্ৰম আৰু বন আৰু পৰিবেশ মন্ত্ৰী ভূপেন্দৰ যাদবৰ সৈতে ‘ব্ৰেকফাষ্ট মীটিং’ত মিলিত হোৱাৰ কথা৷ ভূপেন্দৰ যাদব বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক)ৰ দায়িত্বতো আছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ পিছতে মুখ্যমন্ত্ৰী পোনে পোনে তেওঁৰ চৰকাৰী বাসভৱনলৈ গুচি যায়৷ সমষ্টি পুনৰ নিৰ্ধাৰণক কেন্দ্ৰ কৰি ৰাজ্যৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ এইবাৰৰ দিল্লী ভ্ৰমণে ৰাজনৈতিভাৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷