Logo
image

আজমলক বাৰে বাৰে শক্তিশালী কৰাৰ চেষ্টা মুখ্যমন্ত্ৰীৰঃ ভূপেন বৰা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ জুলাইঃ ৰাজ্যত যেন এতিয়া আন কোনো সমস্যা নাই৷ এতিয়া কেৱল মিঞা বিতৰ্কক লৈ ব্যস্ত শাসক-বিৰোধী৷ মিঞা খেদিবলৈ উজনি অসমৰ যুৱক-যুৱতীক ওলাই আহিবলৈ মুখ্যমন্ত্ৰীয়ে জনোৱা আহ্বানত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে কয়–অসমীয়া ল’ৰাই মিঞাৰ দৰে কষ্ট কৰিব নোৱাৰে৷ মিঞাই কৰা খেতি অসমীয়ায়ো কৰক৷ মিঞাই কাম কৰাৰ দৰে অসমীয়া ল’ৰায়ো কাম কৰক৷ কিন্তু মই নাভাবো অসমীয়া ল’ৰাই ইমান কষ্ট কৰিব পাৰিব৷ মিঞাক  চাফা কৰি দিম বুলি কোৱাটো উচিত নহয়৷ এশ শতাংশ পৰিকল্পনা কৰি মুখ্যমন্ত্ৰীয়ে মিঞাক টাৰ্গেট কৰিছে৷ মিঞাৰ বাবে মূল্যবৃদ্ধি ঘটা নাই, মাৰোৱাৰীৰ বাবে মূল্য বৃদ্ধি হৈছে৷ মুছলমান আৰু অসমীয়াৰ মাজত বিভাজন আনিব খুজিছে মুখ্যমন্ত্ৰীয়ে৷ মৰামৰি, কটা কটি ঘটোৱাৰ চেষ্টা কৰিছে৷ কাইলৈ অসমত যদি এনে ঘটনা হয় মুখ্যমন্ত্ৰীয়ে দায়ী হ’ব৷ অসম আৰু মিঞা মিলিহে অসমীয়া৷ আমি যি মাংস খাম, আপোনালোকেও খাওক৷ আপোনালোকে যি মাংস খাব আমিও খাম৷ উল্লেখ্য, মিঞাক খেদিবলৈ উজনি অসমৰ যুৱকক আহ্বান জনাই মুখ্যমন্ত্ৰী শৰ্মাই কয়–মিঞা নাথাকিলে একো কামেই নহয়৷ লাজ পাব লাগে অসমীয়াই৷ শাক-পাচলি বিক্ৰী কৰাৰ পৰা ৰিক্সা চলোৱালৈকে সকলো কাম কৰে মিঞাই৷ মিঞা নহ’লে বাছ নচলে, ওলা নচলে, উবেৰ নচলে৷ উবেৰ চলোৱা ৮০ শতাংশ লোক মুছলমান৷ মিঞা নহ’লে অসম নচলে বুলি আজমলে সঁচা কথাই কৈছে৷ গুৱাহাটীৰ উৰণীয়া সেঁতুৰ তলত কেইটা অসমীয়াই পাচলিৰ ব্যৱসায় কৰে? আজমলৰ কথা প্ৰতিজন অসমীয়াই প্ৰতিশোধ হিচাপে ল’ব লাগে৷ অসমীয়া ওলাই আহক মই ফ্লাই অ’ভাৰৰ তল খালী কৰি দিম৷ ইফালে আজমলে আমি যি খাদ্য খাম আপানালোকেও খাব বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ তেওঁ কয়– বদৰুদ্দিন আজমলে যি মাংস খায়, সেয়া সকলোকে খাবলৈ যদি গৈছে তেনেহ’লে বহুত ডাঙৰ কথা কৈছে৷ তেওঁলোকে যদি মানুহে খোৱা মাংসৰ কথা কৈছে সেইটো বেলেগ কথা৷  মানুহে নোখোৱা মাংসতো আমি নাখাওঁ৷ তেওঁলোকে খোৱা মাংসতো সকলোৱে খোৱা মাংস নহয়৷ তেওঁলোকে সদায় এটা কথা কয়৷ কংগ্ৰেছেও কেতিয়াবা কয়, এআইইউডিফেও কয়, কমিউনিষ্টসকলেও কয়৷ তেওঁলোকে সংবিধানৰ কথা কয়৷ আমি যেতিয়া কিবা এটা কৈ দিওঁ, তেওঁলোকে তেতিয়া কয় সংবিধানত এইটো নাই৷  সংবিধানত লিখা আছে গো হত্যা বন্ধ হ’ব লাগে৷ তেন্তে এই সংবিধানৰ পৰিপন্থী কথাবিলাক কোনে কয় ? মই আকৌ কৈছো যদি গৰুৰ মাংসৰ কথা কৈছে, মোৰ তীব্ৰ প্ৰতিবাদ আছে৷ ইয়াকলৈ ডাঙৰ ঘটনা হ’ব পাৰে৷ তেওঁ খোৱা কোনটোৰ কথা কৈছো- তেওঁ ছাগলী খায় যদি আমি খাম, ঠিক আছে, তেওঁ মুৰ্গী খালে আমিও খালো, ঠিক আছে, তেওঁ  গাহৰি মাংস খায় ঠিক আছে, তেওঁ যদি উল্টা-পুল্টা কথা কৈছে, আমি কিন্তু মানি নলওঁ৷ মই আকৌ কৈছো, তেওঁ যদি মুৰ্গী খায়, আমাৰ ক’ব লগা নাই, তেওঁ যদি গাহৰি খায় আমাৰ ক’ব লগা নাই, যদি ছাগলী খায়— আমি যিবোৰ খাওঁ, সেয়া খায়- আমাৰ ক’বলগা নাই৷ কিন্তু আমি নোখোৱা মাংসৰ কথা যদি কৈছে, তাৰ তীব্ৰ প্ৰতিবাদ কৰিছো৷ আমি খোৱাখিনি যদি তেওঁ খায়, তাত আমাৰ আপত্তি নাই, কিন্তু যদি বেলেগ কথা কৈছে, সংবিধানত নথকা কথা কৈছে, তেতিয়া হ’লে কথা বেয়া হ’ব৷ এইবিলাক কথা নক’বলৈ বদৰুদ্দিন আজমলক মন্ত্ৰী হাজৰীকাই সকীয়াই দি কয় যে সংবিধানত যদি বন্ধ কৰা মাংসৰ কথা কয়, জন্তুৰ কথা কয়, সংবিধানত হত্যা কৰিব নোৱাৰা জন্তুৰ কথা কৈছে, তেতিয়া কিন্তু ডাঙৰ অপৰাধ৷ সংবিধানত যিটো বস্তু মানা কৰা আছে, সেইবিধ বস্তু বা মাংসৰ কথা যদি কৈছে, তেতিয়াহ’লেতো আইনী ব্যৱস্থা ল’বই লাগিব৷  নিৰ্বাচন অহাৰ আগে আগে বদৰুদ্দিনে এনেধৰণৰ কিছুমান আবোল-তাবোল কথা কয়  এনেতো আজমল বিদেশত ঘূৰি-ফুৰে, মুম্বাইত থাকে৷ অসমততো নাথাকেই, ডুবাইত থাকে, ইলেকচনৰ সময়তহে আহি তেওঁৰ বৰপেটা, ধুবুৰীৰ কথা মনত পৰে আৰু আবোল-তাবোল কথা কয়৷ আবোল-তাবোক কথা নক’বলৈ মই আজমল সকীয়াই দিছো৷
উক্ত বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়– বদৰুদ্দিন আজমলক বাৰে বাৰে শক্তিশালী কৰাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীয়ে৷  আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিয়ে সাম্প্ৰদায়িক মেৰুবিভাজনৰ ৰাজনীতিক মূল ইচ্ছা হিচাপে ল’বলৈ বিচাৰিছে৷ যিমানে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে, সিমানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে সন্মিলিতভাৱে অসমত সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতি তুংগত তুলিবলৈ উঠি পৰি লাগিছে, ষড়যন্ত্ৰত লিপ্ত হৈছে৷ এফালে আজমলে মিঞা- অসমীয়াৰ নতুন সংজ্ঞা নিৰূপন কৰিছে আনফালে হিমন্ত বিশ্ব শৰ্মাই উজনিৰ যুৱকসকলক মিঞাক নিঃশেষ কৰাৰ বাবে ওলাই আহিবলৈ আহ্বান জনাইছে৷ বিজেপি চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰে, বানখহনীয়াৰ সমস্যা সমাধান কৰিব নোৱাৰে, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব নোৱাৰে৷ ৰাজ্যখনত আন্তঃগাঁথনিৰ উন্নয়ন প্ৰায় স্থবিৰ হৈ পৰিছে ৰাজভঁৰাল শূন্য, ধাৰ লৈ লৈ চৰকাৰ চলি আছে৷ তদুপৰি বিদেশী খেদা ক’লা ধন ঘূৰাই অনা নিবনুৱাক সংস্থাপিত কৰাকে ধৰি যি এশ এবুৰি প্ৰতিশ্ৰুতি দিছিল সেয়া ৰূপায়ণত বিজেপি চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হৈছে৷ গতিকে চৰকাৰখনৰ এই ব্যৰ্থতাসমূহৰ বিষয়ে যাতে নিৰ্বাচনৰ সময়ত ৰাইজে আলোচনা কৰিবলৈ সুবিধা নাপায়, সেয়া সুনিশ্চিত কৰিবলৈকে বিজেপি চৰকাৰে অহা লোকসভা নিৰ্বাচনত সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতিক মূল ইচ্যু হিচাপে গ্ৰহণ কৰিবলৈ বিচাৰিছে৷ বদৰুদ্দিন আজমলক শক্তিশালী কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে যে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিছে, সেই কথা এতিয়া আৰু গোপন হৈ থকা নাই৷ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলে কিয় এইদৰে উচতনিমূলক বক্তব্য আগবঢ়াই সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই দিয়াৰ চেষ্টা কৰিছে সেই কথা উপলব্ধি কৰিবলৈ সচেতন ৰাইজক আহ৩ান জনাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয়, ‘‘বিভাজনমুখী সাম্প্ৰদায়িক ৰাজনীতিৰ আশ্ৰয় লোৱা বিজেপি আৰু এ আই ইউ ডি এফৰ কু-অভিসন্ধিৰ বিষয়ে সচেতন ৰাইজে উপলব্ধি কৰিলেই চৰকাৰখনৰ ব্যৰ্থতা ৰাইজৰ মাজত আলোচনাৰ বিষয় হ’ব আৰু তেতিয়াই চৰকাৰখন দিছপুৰৰ পৰা ক্ষমতাচু্যত হ’ব৷ ইফালে, মুখ্যমন্ত্ৰী শৰ্মাৰ বক্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়াই কয়–মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উৰহৰ খং ভগা ঢাৰিত তুলিছে৷ মিঞা-অসমীয়া, উজনি-নামনি এইবোৰ সংবিধান ৰক্ষা কৰিম বুলি শপত লোৱা মুখ্যমন্ত্ৰী এনে বক্তব্য অতি দুৰ্ভাগ্যজনক৷ এইজন মহাপুৰুষ শংকৰদেৱৰ অসম, আজান পীৰৰ অসম৷ আজমলৰ প্ৰতিটো কক্ষত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰা অনুসূচিত৷