Logo
image

ভূটানৰ ধল নামিছে, নামনিত আতংক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৫ জুলাইঃ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ লগে লগে সমগ্ৰ নামনি অসমবাসী আতংকিত হৈ পৰিছে৷ ভূটান চৰকাৰে অসমলৈ বান্ধৰ পানী এৰি দিয়াক লৈ সতৰ্কতা জাৰি কৰাৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ অভিজ্ঞতাৰ পৰা শিক্ষা লোৱা নামনি অসমৰ কেইবাখনো জিলাৰ ৰাইজ দুৰ্যোগৰ মুখামুখি হোৱাৰ বাবে সাঁজু হৈ উঠিছে৷ কুৰিশ্বু বান্ধৰ দায়িত্বত থকা দ্ৰোক গ্ৰীণ পাৱাৰ কৰ্প’ৰেশ্বনে শুকুৰবাৰে নিশা ১২ বজাৰ পৰা ৯ ঘণ্টাৰ বাবে বান্ধৰ গেট খুলি দিয়াৰ কথা অৱগত কৰাৰ পাছতেই বাগ্‌সা, তামুলপুৰ, চিৰাং, বৰপেটাৰ জিলাৰ নৈপৰীয়া ৰাইজে উজাগৰী নিশা পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ কিয়নো কোন মুহূৰ্তত  ভূটানৰ পানীয়ে প্ৰলয়ৰ সৃষ্টি কৰে তাৰ যেন নি(য়তা নাই৷ ভূটান চৰকাৰে নিশা ১২ বজাৰ পৰা পানী এৰি দিব বুলি প্ৰকাশ কৰিছিল যদিও শুকুৰবাৰে পুৱাৰ পৰাহে অতি সাৱধানে বান্ধৰ পানী এৰি দিয়া বুলি টুইটযোগে সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অৱশ্যে ভূটানৰ সংবাদ পত্ৰত কুৰিশ্বু বান্ধৰ পানী কৰ্তৃপক্ষই ৩-৪ দিনৰ আগৰে পৰা নামনিলৈ এৰি দিয়া বুলিও বাতৰি প্ৰকাশ পাইছে৷ ইফালে ভূটানে পানী এৰি দিয়াৰ ফলত কালদিয়া নদীৰ পানী ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ তথ্য প্ৰকাশ কৰিছে প্ৰশাসনে৷ সমান্তৰালভাৱে পহুমৰা নৈ পানী কিছু পৰিমাণে স্থিৰ হৈ আছে৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে বেঁকী, বুঢ়ীদিহিং সোণকোষ আৰু ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেদি বৈ আছে৷ এই পৰ্যন্ত তামুলপুৰ, চিৰাং, বাগ্‌সা, লখিমপুৰকে ধৰি ১৭খন জিলাৰ তিনি শতাধিক গাঁও পানীত বুৰ গৈছে৷ ভূটানৰ বাঢ়নী পানীৰ আশংকাতে বাগ্‌সা জিলাৰ শালবাৰীৰ নৈপৰীয়া ছখন গাঁৱৰ লোকক নিৰাপদ দূৰত্বলৈ স্থানান্তৰ কৰিছে প্ৰশাসনে৷ ইতিমধ্যে বানত চিৰাং জিলা সীমান্তৰ লাইমুঠি গাঁও সংযোগী চামপুৰ নৈৰ ওপৰৰ এখন কাঠৰ দলং বিস্তৰ ক্ষতি হৈছে৷ চিৰাঙৰ টাকলাই, লালাই, নাঙলভংগা অঞ্চলৰ ২৯খন গাঁও আৰু বিজনী ৰাজহ চক্ৰৰ প্ৰায় বিশখন গাঁও বানত প্লাৱিত হৈছে৷

বিপজ্জনক ৰূপ লৈছে বেঁকী নৈয়ে

‘আমাৰ অসম’ৰ ভৱানীপুৰ আৰু আনন্দ বজাৰৰ প্ৰতিবেদকঃ যোৱা নিশা ভূটানৰ কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলশ্ৰুতিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে তথা বাগ্‌সা জিলাৰ শালবাৰী মহকুমাৰ মাজেৰে বৈ যোৱা বেকী নৈ অধিক বিপদ সীমাৰ ওপৰেৰে বৈছে৷ বেকী নৈয়ে সংহাৰীৰূপ ধাৰণ কৰিছে৷ বেকী নৈয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জিৰ’ পইণ্টত অৰ্থাৎ পিক্‌নিক স্পটৰ মথাউৰিত খহনীয়াৰ সৃষ্টি কৰি ৰাষ্ট্ৰীয় উদ্যানলৈ ভাবুকি কঢ়িয়াই আনিছে৷ তদুপৰি, বেকী নৈয়ে শালবাৰী মহকুমাৰ অন্তৰ্গত এলেঙমাৰী অঞ্চলতো খহনীয়াৰ সৃষ্টি কৰিছে৷ ভূটানৰ কুৰিশ্বু জলবিদু্যৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ক্ষেত্ৰত প্ৰশাসনে ৰাইজৰ মাজত জাননী জাৰি কৰাৰ পিছতেই, লগতে বেকী নৈয়ে সংহাৰীৰূপ ধাৰণ কৰাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া তথা বেকী নৈৰ দাঁতি-কাষৰীয়া অঞ্চলৰ ৰাইজে গাঁও এৰি ভয়তে পলায়ন কৰিছে৷ উল্লেখ্য, আজি বিটিচি চৰকাৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু অসম চৰকাৰৰ জলসম্পদমন্ত্ৰী পীয়ূষ হাজৰিকাৰ লগতে কেইবাজনো বিটিচিৰ কাৰ্যবাহী সদস্য, এম চি এল এ বেকী নৈয়ে খহনীয়া চলোৱা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জিৰ’ পইণ্ট তথা পিক্‌নিক স্পটৰ মথাউৰি পৰিদৰ্শন কৰে৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বেকী নৈৰ মথাউৰি পৰিদৰ্শন কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সংবাদ মাধ্যমৰ আগত কয় যে- ‘ভূটানৰ কুৰিশ্বু জলবিদু্যৎ বান্ধৰ পানী এৰি দিয়াত নামনি অসমত তথা বিটিচি অঞ্চলত হোৱা ভয়াৱহ সমস্যা সন্দৰ্ভত আমি ভূটান চৰকাৰৰ সৈতে যোগাযোগ কৰিছিলোঁ৷ তেওঁলোকে আমাক জুলাই মাহতে কুৰিশ্বু বান্ধ চাবলৈ মাতিছিল৷ এই সন্দৰ্ভত মই অসমৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিম৷ যাতে অসমৰ পৰা এটা বিশেষজ্ঞৰ দলে ভূটানৰ কুৰিশ্বু বান্ধ চাই তাত কি হৈ আছে এটা প্ৰতিবেদন দিব লাগে৷ মই মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম এই সন্দৰ্ভত৷ ভূটানৰ কুৰিশ্বু বান্ধৰ পানীয়ে বেকী, আই আদি নৈৰ জৰিয়তে নামনিৰ তথা বিটিচিৰ ভিন্ন প্ৰান্তত সৃষ্টি কৰা ভয়াৱহ বান সমস্যাটোৰ স্থায়ী সমাধানৰ উপায় উলিয়াম৷’ ভূটানৰ পানীয়ে সৃষ্টি কৰা বানত বানাক্ৰান্ত ৰাইজক উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত এছ ডি আৰ এফ, এন ডি আৰ এফ, সৈন্য বাহিনী ভিন্ন স্থানত সাজু হৈ থকা বুলি কোৱাৰ লগতে বানাক্ৰান্তক সহায়ৰ বাবে চৰকাৰ, প্ৰশাসনে সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰা বুলিও সংবাদ মাধ্যমক অৱগত কৰে প্ৰমোদ বড়োৱে৷ আনহাতে, জলসম্পদমন্ত্ৰী পীয়ূষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে- ‘ভূটানৰ কুৰিশ্বু বান্ধৰ পানী যোৱা ৰাতি বাৰ বজাত এৰি দিব বুলি এটা খবৰ ওলাইছিল৷ লগে ভূটানৰ কুৰিশ্বু জলবিদু্যৎ প্ৰকল্পৰ মুখ্য প্ৰবন্ধকৰ সৈতে কথা পাতি ৰাতি প্ৰকল্পৰ পানী এৰি নিদিবলৈ অনুৰোধ জনাইছোঁ৷ আমাৰ অনুৰোধ মানিলে তেওঁলোকে৷ আজি পুৱা সাত বজাৰ পৰাহে কুৰিশ্বুৰ পানী এৰি দিছে৷ ভূটানৰ কুৰিশ্বু বান্ধৰ এৰি দিয়া পানী অসমৰ দুই-তিনিটা নৈলৈ গুচি যায়৷ এইক্ষেত্ৰত আমি আমি সচেতনতাৰে মণিট’ৰিং কৰিব লাগিব৷’ মন্ত্ৰী পীয়ূষ হাজৰিকাই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ মথাউৰিত চলা খহনীয়া ৰোধৰ কাম লগে লগে আৰম্ভ কৰিবলৈ জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীক নিৰ্দেশ দিয়াত খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ হয়৷ মন্ত্ৰী হাজৰিকাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ বিভিন্ন প্ৰতিৰোধৰ কাম কৰাৰ কথাও ঘোষণা কৰে সংবাদ মাধ্যমৰ আগত৷ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাৰ বান আৰু খহনীয়া পৰিদৰ্শনত তেওঁলোকৰ সৈতে বিটিচিৰ কাৰ্যবাহী সদস্যদ্বয় উকীল মুছাহাৰী, গৌতম দাস, এমচিএলএ মণ্টু বড়ো, শালবাৰী টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মছাহাৰীৰ লগতে কেইবাজনো শাসক দলৰ বিষয়ববীয়া, জলসম্পদ বিভাগৰ বিষয়া উপস্থিত থাকে৷ উল্লেখ্য, ভূটানৰ কুৰিশ্বু জলবিদ্যুৎ প্ৰকল্পৰ পানীয়ে বেকী নৈত পৰাত সম্প্ৰতি নদীখন অধিক বিপদসীমাৰ ওপৰেৰে বৈ আছে৷

চিৰাঙত বানৰ তাণ্ডৱ, নৈত বাগৰিল বিদ্যুত টাৱাৰ

‘আমাৰ অসম’ৰ কাজলগাঁৱৰ প্ৰতিনিধিঃ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা নামি অহা পানীয়ে নামনি অসমৰ কেইবাখনো জিলাৰ লগতে বিশেষকৈ চিৰাং জিলাত বানৰ বিভীষিকা ভয়াৱহ কৰি তুলিছে৷ বিগত তিনিদিনে জিলাখনৰ আই, চম্পা, নিজলা, নাঙলভাঙা, মাক্ৰা আৰু মানাহকে আদি কৰি কেইবাখনো নৈৰ জলপৃষ্ঠ ক্ৰমশঃ বৃদ্ধি পোৱাত ৪৯খন গাঁও প্লাবিত হৈছে৷ ইতিমধ্যে ভূটানৰ পৰা নামি অহা ধলে কাঠৰ দলং, কেইবাখনো বাহন আৰু ভালেসংখ্যক জীৱ-জন্তু উটুৱাই নিয়ে যদিও কালি পুনৰ নিজলা নৈত বাগৰি পৰিল এনএইচপিচিৰ উচ্ছ ক্ষমতাসম্পন্ন বিদু্যতৰ টাৱাৰ৷ পানীৰ প্ৰবল সোঁতত নৈখনত তীব্ৰতৰ খহনীয়াই ভূটানৰ জলবিদ্যুৎ প্ৰকল্পৰ পৰা ছালাকাটিৰ থাৰ্মেল প্ৰকল্পৰ সৈতে সংযোগ থকা উচ্ছ ক্ষমতাৰ বৈদ্যুতিক তাঁৰসহ টাৱাৰটো পানীত বাগৰি পৰে৷ ভূটানৰ পানী নামনিৰ পিনে গতি কৰিলেই কালৰূপ ধাৰণ কৰি নিজলা নৈয়ে খহনীয়াৰ লগতে বিস্তৰ ক্ষতিৰ সন্মুখীন হ’বলগা হয় অঞ্চলটোত বাস কৰা দৰিদ্ৰ জনজাতীয় লোকে৷ ৰুণীখাটা অঞ্চলত এবছৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হৈ ক্ষতিগ্ৰস্তৰ বুজ লোৱাৰ লগতে ভূটানৰ পৰা নামি অহা পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ নকৰিবলৈ, নিজলা নৈৰ খহনীয়া প্ৰতিৰোধ কৰিবলৈ দিয়া প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হ’ল৷ ভুক্তভোগী ৰাইজে মুখ্যমন্ত্ৰীয়ে আভুৱা-ভাঁৰাৰ অভিযোগ উত্থাপিত হৈছে৷  ইপিনে জিলা প্ৰশাসনে বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত বাৰটা আৰু বেংতল ৰাজহ চক্ৰৰ অন্তৰ্গত তিনিটাকে ধৰি মুঠ ১৫টা আশ্ৰয় শিবিৰত থকা ৩৪৩৬জন লোকৰ বাবে খাদ্য-সামগ্ৰী যোগান ধৰা হয় বুলি জানিব পৰা গৈছে৷