Logo
image

কেজৰিৱালক তীব্ৰ কটাক্ষ হিমন্তবিশ্বৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৭ জুলাইঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক পুনৰ কটাক্ষ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ দিল্লীত হোৱা অভাৱনীয় বানপানীৰ বাবে আপ চৰকাৰে হাৰিয়ানাক দোষাৰোপ কৰাৰ ঘটনাতে হিমন্ত বিশ্ব শৰ্মাই অৰবিন্দ কেজৰিৱালক শাণিত শব্দৰে বিদ্ধ কৰিছে৷ হিমন্ত বিশ্ব শৰ্মাই কৈছে– ‘ভূটান আৰু চীনে পানী এৰি দিলেও আমি সেই দুখন দেশক      দোষাৰোপ নকৰো৷ ভূটান আৰু চীনে এৰি দিয়া পানীৰ ফলত আৰু অৰুণাচল প্ৰদেশৰ পৰা অহা পানীৰ বাবে অসমত বানপানী হয়৷ কিন্তু আমি সেই বানপানীৰ পৰা ৰক্ষা পোৱাৰ ব্যৱস্থা নিজেই কৰো৷ বিজ্ঞানসন্মতভাৱে আমি তেনে বান প্ৰতিৰোধ কৰো৷ আনক অপবাদ দি হাতসাৱতি বহি নাথাকো৷’ তেওঁ পুনৰ কয়– ‘দিল্লীত হোৱা বানপানীৰ বাবে অৰবিন্দ কেজৰিৱাল চৰকাৰে হাৰিয়ানাক দোষাৰোপ কৰিছে৷ তেওঁলোকৰ এই কাম উচিত হোৱা নাই৷ আনক দোষাৰোপ কৰাতকৈ নিজেই নিজৰ প্ৰদেশৰ বানপানীৰ পৰিস্থিতিৰ মোকাবিলা কৰা প্ৰয়োজন৷ আনে সংঘটিত কৰা ষড়যন্ত্ৰ বুলি কৈ তেওঁলোক হাত সাৰিব নোৱাৰে আৰু বহি থাকিবও নোৱাৰে৷’ উল্লেখ্য, শনিবাৰে দিল্লীৰ আপ চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত হোৱা অভূতপূৰ্ব বানপানীৰ ক্ষেত্ৰত আনৰ ষড়যন্ত্ৰ থকা বুলি মন্তব্য কৰিছিল৷ এখন সংবাদমেলত আপৰ জলসিঞ্চন আৰু বান সুৰক্ষা মন্ত্ৰী সৌৰভ ভৰদ্বাজে দাবী কৰিছিল, হাৰিয়ানাই তেওঁলোকৰ হাথনিকুণ্ড বান্ধৰ পানী ইচ্ছা কৰি দিল্লীৰ দিশে এৰি দিয়াৰ বাবেই দিল্লীত অভূতপূৰ্ব বানপানী হৈছে৷ তেওঁৰ মতে দিল্লীৰ আপ চৰকাৰক শলঠেকত পেলোৱাৰ বাবেই হাৰিয়ানাৰ বিজেপি চৰকাৰে এই ষড়যন্ত্ৰ কৰিছে৷ আপ চৰকাৰৰ সেই মন্তব্যৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰবিন্দ কেজৰিৱাল চৰকাৰক কটাক্ষ কৰে৷ উল্লেখ্য,  দিল্লীৰ আপ চৰকাৰৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ সংঘাত দীৰ্ঘদিনীয়া৷ দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াই প্ৰায় দুবছৰ পূৰ্বে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰিত এটা বাতৰিৰ আঁত ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাক পিপিই কিট যোগান কেলেংকাৰিত অভিযুক্ত বুলি এখন সংবাদমেলত আক্ৰমণ কৰিছিল৷ তেতিয়াৰ পৰা উভয়পক্ষৰ মাজত এনেদৰে তীৰ্যক বাক্যবাণৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ চলি আছে৷