Logo
image

হীৰেন গোহাঁই কোন? মন্ত্ৰী পীয়ূষৰ প্ৰশ্ন

‘আমাৰ অসম’ৰ জাগীৰোডৰ বিশেষ প্ৰতিবেদক, ১৭ জুলাইঃ হীৰেণ গোহাঁই কোন হয়? হীৰেণ গোহাঁইৰ কোনো স্থিতি নাই৷ যাৰ কোনো স্থিতিয়ে নাই, তেওঁৰ মতে অসম চলিব নেকি? এজন ব্যক্তিয়েই কি অসম নেকি? আজি এইদৰে ড॰ হীৰেণ গোহাঁইৰ বিৰুদ্ধে সৰব হৈ পৰে মন্ত্ৰী পীয়ূষ হাজৰিকা৷ যি সময়ত ভাৰতবৰ্ষ তথা অসমৰ খিলঞ্জীয়াৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ এটা শক্তিশালী ব্যৱস্থা হ’ব বুলি সকলোৱে স্বীকাৰ কৰিছে, তেনে সময়ত হীৰেণ গোহাঁয়ে বিৰোধ  কৰা সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীজনে৷ উল্লেখ্য, জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে দেওবাৰে বিজেপিৰ ৩৯৯টা মণ্ডলত আয়োজন কৰা টিফিন বৈঠকৰ অংশ হিচাপে জাগী ভকতগাঁৱত আয়োজন কৰা টিফিন বৈঠকত উপস্থিত থাকে মন্ত্ৰী পীয়ূষ হাজৰিকা৷